ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা

ভাৰতৰ এক বৃহৎ অংশৰ জনসংখ্যাই কৃষিৰ দ্বাৰা জীবিকা অৰ্জন কৰে।[1]উত্তৰত, সিন্ধু উপত্যকা, ব্ৰহ্মপুত্ৰ অঞ্চল আৰু গঙ্গা, আৰু লগতে বাৰিষা ঋতু, এই সকলোখিনি মিলি এক গুৰুত্বপূৰ্ণ কৃষিক্ষেত্ৰৰ সৃষ্টি কৰিছে। ২০১১ চনৰ বিশ্ব বেঙ্কৰ তথ্যৰ মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) মাত্ৰ ১৭.৫% কৃষি উৎপাদনৰ দ্বাৰা হয়।[2] ভাৰতৰ গ্ৰাম্য অঞ্চলত বাস কৰা ১১০ কোটি লোকৰ ভিতৰত ৭২% লোকৰ জীৱনধাৰণৰ মূল উপায় হৈছে কৃষি।[3]

Pic by Neil Palmer (CIAT). Women farmers at work in their vegetable plots near Kullu town, Himachal Pradesh, India. Previously the area was a major producer of high-value apples, but rising temperatures in the last few decades have forced almost all apple producers there to abandon their crop. For these farmers, switching to vegetable production has resulted in a major boost in incomes and livelihoods, illustrating that climate change adaptation can be effective and highly profitable.
ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু চহৰৰ ওচৰত মহিলা কৃষকসকলে তেওঁলোকৰ পাচলিৰ প্লটত কাম কৰি আছে। আগতে অঞ্চলটো উচ্চ মূল্যৰ আপেলৰ এক মুখ্য উৎপাদক আছিল, কিন্তু যোৱা কেইটামান দশকত বৰ্ধিত তাপমাত্ৰাই তাত থকা প্ৰায় সকলো আপেল উৎপাদকক তেওঁলোকৰ শস্য ত্যাগ কৰিবলৈ বাধ্য কৰিছে। পাচলি উৎপাদনলৈ সলনি কৰাৰ ফলত এই কৃষকসকলৰ উপাৰ্জন গুৰুত্বপূৰ্ণভাৱে বৃদ্ধি হৈছে, যি অত্যন্ত লাভজনক হ'ব পাৰে। ছবি নীল পালমাৰ (চিআইএটি)-ৰ দ্বাৰা।

পৰম্পৰাগত বা ঔদ্যোগিক উপায়েৰে হওক, বা জীৱিকা আৰু কৃষি শ্ৰমিকৰ জৰিয়তে হওক, ভাৰতৰ কৃষি খণ্ডত মহিলাসকলৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব আছে। ভাৰতত কৃষি প্ৰত্যক্ষভাৱে বহুক্ষেত্ৰৰ সৈতে জড়িত যেনে অৰ্থনৈতিক স্বাধীনতা, সিদ্ধান্ত লোৱাৰ সামৰ্থ্য, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ প্ৰৱেশাধিকাৰ আৰু লগতে দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ দৰে কাৰকসমূহ ইয়াৰ লগত জটিলভাৱে সাঙুৰ খাই আছে।

সামগ্ৰিকভাৱে কৃষিখণ্ড বিজ্ঞান আৰু প্ৰযুক্তিৰ সঞ্চাৰৰ সৈতে যথেষ্ট বিকাশ আৰু উদ্ভৱ হৈছে। এনে উত্থানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৱদান আহে মহিলা শ্ৰমিকৰ পৰা। তথাপিও মহিলা কৃষি শ্ৰমিক উপেক্ষা এতিয়াও হ্ৰাস পোৱা নাই। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত, কৃষিয়ে মহিলা কৰ্মশক্তিৰ ২/৩ (দুই তৃতীয়াংশ) নিয়োগ অব্যাহত ৰাখিছে কিন্তু তেওঁলোকক উপযুক্ত শ্ৰমিকৰ স্বীকৃতি দিয়াত ব্যৰ্থ হৈছে।[4]

পৰিসংখ্যা সম্পাদনা কৰক

গ্ৰাম্য ভাৰতত, জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰা মহিলাৰ শতাংশ ৮৪% কৈ অধিক। মহিলাৰ সংখ্যা প্ৰায় ৩৩% খেতিয়ক আৰু প্ৰায় ৪৭% কৃষি শ্ৰমিক।[5] এই পৰিসংখ্যাবোৰ দেশত পশুধন, মীন পালন আৰু খাদ্য উৎপাদনৰ অন্যান্য বিভিন্ন আনুষঙ্গিক প্ৰকাৰৰ কামৰ হিচাপত অন্তৰভুক্ত নহয়। ২০০৯ চনত, শস্য খেতিৰ ৯৪% মহিলা কৃষি শ্ৰমিক খাদ্যশস্য উৎপাদনৰক্ষেত্ৰত কাম কৰিছিল, আনহাতে ১.৪% লোকে পাচলি উৎপাদনত কাম কৰিছিল, আৰু ৩.৭২% ফল, বাদাম, পানীয় আৰু মছলা শস্যত নিয়োজিত আছিল।[6] কৃষি খণ্ডত মহিলাৰ অংশগ্ৰহণৰ হাৰ চাহ খেতিৰ ক্ষেত্ৰত প্ৰায় ৪৭%, কপাহ খেতিত ৪৬.৮৪%, তেল বীজ ৪৫.৪৩% বৃদ্ধি আৰু পাচলি উৎপাদনত ৩৯.১৩%।[7] যদিও এই শস্যবোৰৰ বাবে শ্ৰমিকৰ বিশেষ প্ৰয়োজন হয়, কামটো যথেষ্ট কম দক্ষতাৰ বুলি গণ্য কৰা হয়। মহিলাসকলে আনুষঙ্গিক কৃষি কাৰ্যকলাপতো যথেষ্ট অংশগ্ৰহণ কৰে। খাদ্য আৰু কৃষি সংস্থাৰ মতে, ভাৰতীয় মহিলাসকলে সকলো মাছ বেছা আৰু মীন পালনত ক্ৰমান্বয়ে ২১% আৰু ২৪% প্ৰতিনিধিত্ব কৰে।

শ্ৰমিক শক্তিত মহিলাসকলৰ আধিপত্য থকা স্বত্বেও ভাৰতত মহিলাসকলে এতিয়াও দৰমহা, ভূমি অধিকাৰ আৰু স্থানীয় কৃষক সংগঠনবোৰত প্ৰতিনিধিত্বৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি, তেওঁলোকৰ সৱলীকৰণৰ অভাৱৰ ফলত প্ৰায়ে কিছু সমস্যা যেনে তেওঁলোকৰ সন্তানৰ বাবে নিম্ন শিক্ষা প্ৰাপ্তি আৰু দুৰ্বল পাৰিবাৰিক স্বাস্থ্যৰ আদি সংকট দেখা যায়।

শ্ৰম আৰু লিংগ বিভাজন সম্পাদনা কৰক

ভাৰতত, মহিলা কৃষি শ্ৰমিক বা খেতিয়কৰ সাধাৰণ কাম কম দক্ষতাৰ চাকৰিত সীমাবদ্ধ, যেনে ৰোপণ, সংৰোপণ, অপতৃণ আৰু শস্য চপোৱা, যি প্ৰায়ে ঘৰুৱা জীৱন আৰু শিশু প্ৰতিপালনৰ কাঠামৰ ভিতৰত খাপ খায়। যিবোৰ কামত ধৈৰ্য্য আৰু কিছু শুদ্ধতাৰ প্ৰয়োজন হয় যেনে কপাহৰ বীজ উৎপাদন, পৰাগকাৰ্য, ইত্যাদি, তেনে কামত মহিলাসকল নিয়োজিত হয়। বহুতো মহিলাই অবৈতনিক জীৱিকা শ্ৰম হিচাপে কৃষিকৰ্মত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি কেৱল ৩২.৮% ভাৰতীয় মহিলাই আনুষ্ঠানিকভাৱে শ্ৰমিক বাহিনীত অংশগ্ৰহণ কৰে। তাৰ তুলনাত, পুৰুষৰ সংখ্যা ৮১,১%।[8]

সাক্ষৰতা সম্পাদনা কৰক

কৃষিৰ সৈতে জড়িত আনুমানিক ৫২-৭৫% ভাৰতীয় মহিলা নিৰক্ষৰ। এই শিক্ষাৰ প্ৰতিবন্ধকে মহিলাসকলক অধিক দক্ষতাৰ শ্ৰমিক খণ্ডত অংশগ্ৰহণ কৰাত বাধা দিয়ে। সকলো কাৰ্যকলাপতে, লিংগভেদে গড় মজুৰিৰ বৈষম্য থাকে, মহিলাসকলে পুৰুষৰ মজুৰিৰ মাত্ৰ ৭০ শতাংশ উপাৰ্জন কৰে।[9] ইয়াৰ উপৰিও, বহুতো মহিলাই অবৈতনিক জীৱিকা শ্ৰম হিচাপে কৃষিকৰ্মত অংশগ্ৰহণ কৰে। নিযুক্তিৰ সমস্যা আৰু শিক্ষাৰ অভাৱৰ ফলত ভাৰতৰ বেছিভাগ কৃষিখণ্ডৰ মহিলা প্ৰায়েই অসুৰক্ষিত হয়।[10]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Ghosh, M., & Ghosh, A. (2014). Analysis of women participation in Indian agriculture. IOSR J. Human. Soc. Sci, 19(5), 1-6.
  2. . (2011): http://devdata.worldbank.org/AAG/ind_aag.pdf Archived 2010-05-29 at the Wayback Machine
  3. “Role of Farm Women In Agriculture: Lessons Learned,” SAGE Gender, Technology, and Development 2010 http://gtd.sagepub.com/content/14/3/441.full.pdf+html
  4. Ghosh, M., & Ghosh, A. (2014). Analysis of women participation in Indian agriculture. IOSR J. Human. Soc. Sci, 19(5), 1-6.
  5. Rao, E. Krishna (2006). "Role of Women in Agriculture: A Micro Level Study."
  6. Singh, Roopam; Sengupta, Ranja (2009). "EU FTA and the Likely Impact on Indian Women Executive Summary."[permanent dead link] Centre for Trade and Development and Heinrich Boell Foundation
  7. 2009.Centre for Trade and Development and Heinrich Boell Foundation. “EU FTA and the Likely Impact on Indian Women Executive Summary." [permanent dead link]
  8. UNHDR-2011
  9. "Women Empowerment (SAFE) - Roshni Sanstha - NGO in India" (en-US ভাষাত). Roshni Sanstha. https://roshnisanstha.com/women-empowerment-safe/। আহৰণ কৰা হৈছে: 26 April 2021. 
  10. Satyavathi, C. Tara; Bharadwaj, Ch.; Brahmanand, P.S. (2010). "Role of Farm Women In Agriculture: Lessons Learned." SAGE Gender, Technology, and Development