ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰাষ্ট্ৰপতি হৈছে সাৰ্বভৌম গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান কাৰ্যনিৰ্বাহক বা শাসনকৰ্তা। তেৱেঁই হ'ল ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰো মুৰব্বী। ভাৰতত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰপতিয়ে নিয়মাতান্ত্ৰিক প্ৰধানৰ ভূমিকা পালন কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সহায় আৰু পৰামৰ্শমতে শাসনকাৰ্য পৰিচালনা কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শ আৰু সাহায্যমতে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য।

ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধায়ক, লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। কিন্তু এই নিৰ্বাচনৰ ক্ষেত্ৰত সকলো বিধায়ক আৰু নিৰ্বাচিত সাংসদসকলৰ ভোটৰ মূল্য বেলেগ বেলেগ হয়।[1]

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত বিধায়কসকলৰ ভোটৰ মূল্য তলত দিয়া ধৰণে নিৰ্ণয় কৰা হয়:[1]

ৰাজ্যৰ মুঠ জনসংখ্যা / (মুঠ বিধায়ক × ১০০)

স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পাদনা কৰক

নিৰ্বাচন নিৰ্বাচনৰ তাৰিখ বিজয়ী গৃহ ৰাজ্য মুখ্য প্ৰতিদ্বন্দ্ব্বী মুঠ ভোট লাভ শতাংশ
১ম ২ মে' ১৯৫২ ৰাজেন্দ্ৰ প্ৰসাদ বিহাৰ কে টি শ্বাহ ৫,০৭,৪০০ ৮৩.৮১%
২য় ৬ মে' ১৯৫৭ ৰাজেন্দ্ৰ প্ৰসাদ বিহাৰ চৌধুৰী হৰি ৰাম ৪,৫৯,৬৯৮ ৯৮.৯৯%
৩য় ৭ মে' ১৯৬২ সৰ্বপল্লী ৰাধাকৃষ্ণণ তামিলনাডু চৌধুৰী হৰি ৰাম ৫,৫৩,০৬৭ ৯৮.২৫%
৪ৰ্থ ৬ মে' ১৯৬৭ জাকিৰ হুছেইন অন্ধ্ৰ প্ৰদেশ কে চুব্বাৰাও ৪,৭১,২৪৪ ৫৬.২৩%
৫ম ১৬ আগষ্ট ১৯৬৯ বৰাহগিৰি ভেংকট গিৰি ওড়িশা নীলম সঞ্জীৱ ৰেড্ডি ৪,২০,০৭৭ ৫০.৯%
৬ষ্ঠ ১৭ আগষ্ট ১৯৭৪ ফখৰুদ্দিন আলি আহমেদ অসম ত্ৰিদিৱ চৌধুৰী ৭,৫৪,১১৩ ৭৯.৯%
৭ম ৬ আগষ্ট ১৯৭৭ নীলম সঞ্জীৱ ৰেড্ডি অন্ধ্ৰ প্ৰদেশ বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে বিজয়ী
৮ম ১২ জুলাই ১৯৮২ জাইল সিং পঞ্জাব হংসৰাজ খান্না ৭,৫৪,১১৩ ৭২.৭৩%
৯ম ১৬ জুলাই ১৯৮৭ আৰ ভেঙ্কটৰমন তামিলনাডু ভি আৰ কৃষ্ণ আয়াৰ ৭,৪০,১৪৮ ৭২.২৯%
১০ম ১৬ জুলাই ১৯৯২ শঙ্কৰ দয়াল শৰ্মা মধ্যপ্ৰদেশ জৰ্জ গিলবাৰ্ট শ্ৱেল ৬,৭৫,৮৬৪ ৬৫.৮৬%
১১দশ ১৭ জুলাই ১৯৯৭ কে আৰ নাৰায়ণন কেৰালা টি এন শেষাণ ৯,৫৬,২৯০ ৯০.৯৭%
১২দশ ১৫ জুলাই ২০০২ এ পি জে আব্দুল কালাম তামিলনাডু লক্ষ্মী চেহগল ৯,২২,৮৮৪ ৮৯.৬%
১৩দশ ১৯ জুলাই ২০০৭ প্ৰতিভা পাটিল মহাৰাষ্ট্ৰ ভৈৰোসিং চেখাৱট ৬,৩৮,১১৬ ৬৫.৮%
১৪দশ ১৯ জুলাই ২০১২ প্ৰণৱ মুখাৰ্জী পশ্চিমবঙ্গ পি এ চাংমা ৭,১৩,৭৬৩ ৬৯.৩%
১৫দশ ১৭ জুলাই ২০১৭ ৰাম নাথ কোৱিন্দ উত্তৰ প্ৰদেশ মীৰা কুমাৰ ৭,০২,০৪৪ ৬৫.৬৫%

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 এম. আব্দুল মজিদ খান (নৱেম্বৰ, ২০০২). ভাৰতৰ ৰাষ্ট্ৰপতিসকল (ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা ড॰ কালামলৈ). বনলতা, ডিব্ৰুগড়. পৃষ্ঠা. ৫, ৬, ৭, ৮. 

বাহ্যিক সংযোগ সম্পাদনা কৰক