ভিতালী দাস

অসমীয়া কণ্ঠশিল্পী

ভিতালী দাস (ইংৰাজী: Vitali Das বা Bhitali Das ; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ জুবিন গাৰ্গ আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।[1] জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।[2][3]

ভিতালী দাস
প্ৰাথমিক তথ্য
জন্ম ৬ জুন, ১৯৭৯
অসম, ভাৰত
মৃত্যু ২১ এপ্ৰিল, ২০২১ (৪১ বছৰ)
সংগীতৰ প্ৰকাৰ নেপথ্য গায়িকা, বিহু
পেচা নেপথ্য গায়িকা
কাৰ্যকাল ১৯৯২ - ২০২১
ৰেকৰ্ড লেবেল বিভিন্ন

উত্তৰ গুৱাহাটীৰ মাজগাঁৱত তেওঁৰ জন্ম হয়। ভিতালী দাসে চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।[4]

মৃত্যুসম্পাদনা কৰক

২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেলপথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালী দাস ক'ভিড-১৯ পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়।[5] মৃত্যুৰ পূৰ্বে ভিতালী দাস মধুমেহ ৰোগতো আক্ৰান্ত আছিল।

তথ্য সংগ্ৰহসম্পাদনা কৰক