মঞ্জিল প্ৰতীম শইকীয়া(ইংৰাজী: Manjil Pratim Saikia) অসমৰ এগৰাকী গণিতজ্ঞ[1][2] তথা গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক।[3]

মঞ্জিল প্ৰতীম শইকীয়া
জন্ম অসম
পেচা গৱেষক, গণিত-সাধক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ Enumerative and algebraic combinatorics, elementary number theory, analysis of algorithms[1]
বিষয় গণিত, বিজ্ঞানধৰ্মী সাহিত্য
ৱেবছাইট manjilsaikia.in

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

তেওঁৰ জন্ম ১৯৯০ চনত হৈছিল, আৰু তেওঁ নলবাৰী আৰু তেজপুৰত বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ ২০১৪ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।তেওঁ ২০১৫ চনত ইটালীৰ ট্ৰিয়েষ্টেত থকা ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰিটিকেল ফিজিক্সত (ICTP) ডিপ্লোমা কৰিছিল আৰু তাৰ পিছত ২০১৯ চনত ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

গৱেষণা সম্পাদনা কৰক

তেওঁৰ গৱেষণাৰ আগ্ৰহ সংখ্যা তত্ত্ব (number theory), combinatorics আৰু তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানত (theoretical computer science) আছে। তেওঁ কেইবাখনো প্ৰতিষ্ঠিত গৱেষণা পত্ৰিকাত প্ৰায় পঁচিশ খন কাকত প্ৰকাশ কৰিছে।

কৰ্মজীৱন সম্পাদনা কৰক

মঞ্জিল প্ৰতীম শইকীয়া, ২০১১ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা, গণিত আৰু বিজ্ঞান বিষয়ৰ দ্বিভাষিক ই-আলোচনী গণিত চ’ৰাৰ সহঃপ্ৰতিষ্ঠাপক আৰু এগৰাকী সম্পাদক। ২০২০ বৰ্ষৰ পৰা তেওঁ অসম গণিত শিক্ষায়তনৰ কাৰ্যকৰী সমিতিৰ এজন সদস্য হিচাপে জড়িত হৈ আছে।[4] ডক্টৰেট হোৱাৰ পিছত তেওঁ ২০১৯ ৰ পৰা ২০২২ চনলৈ ইউকেৰ কাৰ্ডিফ বিশ্ববিদ্যালয়ত কাম কৰি আছে। তেওঁ ২০২২ চনত ভাৰতলৈ উভতি আহিছিল আৰু ২০২৩ চনত আহমেদাবাদ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হোৱাৰ আগতে কেইমাহমানৰ বাবে আইআইআইটি মণিপুৰত কাম কৰিছিল। ২০২৪ চনত তেওঁ INYAS (Indian National Young Academy of Science)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।

গৱেষণা-পত্ৰ সম্পাদনা কৰক

  1. Banerjee, Koustav; Bhattacharjee, Sreerupa; Dastidar, Manosij Ghosh; Mahanta, Pankaj Jyoti; Saikia, Manjil P. (2022). "Parity Biases in Partitions and Restricted Partitions", European Journal of Combinatorics, খণ্ড 103, 103522.
  2. Fischer, Ilse; Saikia, Manjil P. (2021). "Refined Enumeration of Symmetry Classes of Alternating Sign Matrices", Journal of Combinatorial Theory, Series A, খণ্ড 178, 105350.
  3. Akagi, Javier. T.; Gaona, Carlos F.; Mendoza, Fabricio; Saikia, Manjil P.; Villagra, Marcos. (2020). "Hard and Easy Instances of L-Tromino Tilings", Theoretical Computer Science, খণ্ড 815, 197-212.

লগতে চাওক সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "mpscv". Archived from the original on 2 April 2022. https://web.archive.org/web/20220402212908/https://manjilsaikia.in/cv/New_CV_2020.pdf। আহৰণ কৰা হৈছে: 22 September 2021. 
  2. "manjilsaikiaresearch". https://manjilsaikia.in/research/। আহৰণ কৰা হৈছে: 22 September 2021. 
  3. "গণিত চ'ৰা". https://gonitsora.com/about-us/। আহৰণ কৰা হৈছে: 22 September 2021. 
  4. "অসম গণিত শিক্ষায়তন". https://aamonline.org.in/index_pages.php?page=Executive-Body-2018-2019। আহৰণ কৰা হৈছে: 22 September 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক