মণিৰাম দেৱানৰ গীতটো বুৰঞ্জীমূলক মালিতাসমূহৰ ভিতৰত অন্যতম। অসমত ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা মণিৰাম দেৱানক ইংৰাজে ১৮৫৮ চনত দোষী সাব্যস্ত কৰি ফাঁচীকাঠত ওলোমালে। তেখেতৰ মৃত্যু হোৱাত অসমৰ জনসাধাৰণ শোকত ম্ৰিয়মান হৈ পৰে। এই সামূহিক শোকানুভূতিয়েই 'মণিৰাম দেৱান' গীতটিৰ মূল বিষয়বস্তু।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া সাহিত্যৰ বুৰঞ্জী - ভৱজিৎ বায়ন

বাহ্যিক সংযোগ সম্পাদনা কৰক