মণ্ডিয়ালী (টাকৰী লিপিত: 𑚢𑚘𑚶𑚖𑚮𑚣𑚭𑚥𑚯) উত্তৰ ভাৰতহিমাচল প্ৰদেশত ঘাইকৈ কথিত এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। হিমাচল প্ৰদেশৰ মণ্ডী জিলাত এই ভাষাৰ প্ৰচলন অধিক। ইউনেস্ক'ৰ মতে এই ভাষা অতিকৈ লুপ্তপ্ৰায় ভাষাসমূহৰ অন্যতম।[2] ১৯৬১ চনৰ পৰা ২০০১ চনলৈ এই ভাষা ভাষী লোকৰ সংখ্যতা ২১ শতাংশ হ্ৰাস পাইছে।

Mandeali
maṇḍiyālī
𑚢𑚘𑚶𑚖𑚮𑚣𑚭𑚥𑚯, मण्डियाली

Mandeali written in Mandi-Suket Takri Script[1]
থলুৱা অঞ্চল India
অঞ্চল Himachal Pradesh
জাতীয়তা Mandyali People
স্থানীয় ভাষিক
623,000 (2011 Census)e24
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari
Mandiali Takri
ভাষা সংকেত
ISO 639-3
mjl – Mandeali
এটি ধেমেলীয়া সাক্ষাৎকাৰ য'ত ঈশান কাশ্যপ হাজৰিকাই হিমাচল প্ৰদেশৰ হিড়িম্বা দেৱী মন্দিৰত বহি মণ্ডিয়ালী ভাষাৰ বিষয়ে থলুৱা মণ্ডিয়ালী ভাষী এগৰাকীক প্ৰশ্ন কৰিছে। প্ৰশ্ন হিন্দী ভাষাত কৰা হৈছে, উত্তৰ ঘাইকৈ মণ্ডিয়ালী ভাষাত দিয়া হৈছে।

মণ্ডিয়ালী ভাষা আৰু কাংগড়ী ভাষা ওচৰৰ। চম্বিয়ালী প্ৰকাৰসমূহক প্ৰায় পৃথক ভাষা জ্ঞান কৰা হয়, কিন্তু তাৰ কেইবাটাৰো মুখ্য মণ্ডিয়ালী ভাষাৰ সৈতে পৰস্পৰ বোধগম্যতা ৯৫%তকৈও অধিক।

উপভাষা সম্পাদনা কৰক

প্ৰাৰম্ভিক চাৰ্ভে'ত এই কথাৰ উমান পোৱা গৈছে যে ব্যৱহাৰিকভাৱে মণ্ডিয়ালী আৰু কাংগড়ী ভাষা পৰস্পৰ ভাষা ভাষীৰ বাবে বোধগম্য। দক্ষিণ-পূব মণ্ডিয়ালী কোৱা লোকৰ বাবে কাংগড়ী বুজা অলপ বেছি কঠিন। মানক মণ্ডিয়ালী ভাষা উত্তৰৰ পৰা দক্ষিণলৈ যোৱা সেই উপত্যকাত ব্যৱহৃত যি যোগিন্দৰনগৰৰ পৰা সুন্দৰনগৰলৈ বিয়পি আছে। মণ্ডিয়ালী পাহাড়ী বৰোটৰ উত্তৰলৈ, উহ্ল নদীৰ পূব দিশে কোৱা হয়, যাৰ মানক মণ্ডিয়ালীৰ সৈতে বোধগম্যতা কম। ই মণ্ডিয়ালী আৰু কুলূঈৰ মাজৰ প্ৰকাৰ। দক্ষিণ-পূব জিলাত মহাসূঈলৈ পৰিৱৰ্তন দেখা যায়। পশ্চিমৰ সৰ্কাঘাটো মানক মণ্ডিয়ালীতকৈ অলপ পৃথক, সম্ভৱতঃ হমীৰপুৰ আৰু বিলাসপুৰলৈ পৰিৱৰ্তনৰ ফলত। শব্দসম্ভাৰৰ সামঞ্জস্য ৮৯% কাংগড়ীৰ পালমপুৰী উপভাষাৰ সৈতে আৰু ৮৩% চম্বিয়ালীৰ সৈতে।[3]

লিপি সম্পাদনা কৰক

এই ভাষা টকৰী লিপিৰ এটি প্ৰকাৰ ব্যৱহাৰ কৰি লিখা হয়।

 
মণ্ডিয়ালী ভাষাৰ প্ৰদৰ্শন

স্থিতি সম্পাদনা কৰক

এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়, আন কেইবাটাও চুবুৰীয়া ভাষাৰ দৰেই। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে এই ভাষা নিশ্চিতভাৱে বিলুপ্তপ্ৰায়, যাৰ অৰ্থ হ'ল যে মণ্ডিয়ালী শিশুৱে এই ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।[4]

২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাত এই দাবী উঠিছিল যে ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰা হওক, যি অনেক হিমাচলী ভাষাক প্ৰতিনিধিত্ব কৰিব।[5] অনেক সৰু সৰু সংগঠনে এই দিশে কাম কৰা সত্ত্বেও এই ক্ষেত্ৰত কোনো প্ৰগতি দেখা যোৱা নাই।[6] ৰাজনৈতিক কাৰণত এই ভাষাক হিন্দীৰ উপভাষা হিচাপেহে নথিভুক্ত কৰা হয়, যদিও হিন্দী ভাষী আৰু মণ্ডিয়ালী ভাষী লোকে সহজে ইজনে সিজনক বুজা কঠিন।[7]

তথ্য সংগহ সম্পাদনা কৰক