মদন থিয়েটাৰ কোম্পানী (ইংৰাজী: Madan Theatre Company) ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম অগ্ৰদূত জামছেদজী ফ্ৰেমজী মদন আৰু তেওঁৰ সহযোগী কানহাইয়ালাল কৌশিকে প্ৰতিষ্ঠা কৰা এটা চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী আছিল, যাক মদন থিয়েটাৰছ লিমিটেড বা চমুকৈ মদন থিয়েটাৰ বুলিও কোৱা হয়।

মদন থিয়েটাৰ
প্ৰতিষ্ঠাতা জামছেদজী ফ্ৰেমজী মদন

সৰুৰে পৰা থিয়েটাৰ শ্ব’ৰ অভিজ্ঞতা থকা এজন পাৰ্চী যুৱ ব্যৱসায়ী মদনে ১৯০২ চনত কলিকতাৰ মৈদানত এটা টেণ্টত আমদানিকৃত চিনেমাৰে বায়’স্কোপ শ্ব’ আৰম্ভ কৰি মনোৰঞ্জন ব্যৱসায়ত ভৰি দিয়ে।

প্ৰথম বিশ্বযুদ্ধৰ পিছত মদনৰ থিয়েটাৰৰ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। ১৯১৯ চনত পণ্ডিত কানহাইয়ালাল কৌশিকে জামছেদজীৰ সৈতে হাত মিলায় আৰু তেওঁৰ ব্যৱসায় মদন থিয়েটাৰছ লিমিটেড নামেৰে যৌথ ষ্টক কোম্পানীত পৰিণত হয়। মদন থিয়েটাৰ আৰু ইয়াৰ সহযোগীসকলৰ সেই সময়ত ভাৰতৰ থিয়েটাৰবোৰৰ ওপৰত যথেষ্ট নিয়ন্ত্ৰণ আছিল।

১৯২৩ চনত পিতৃৰ মৃত্যুৰ পিছত জামছেদজী ফ্ৰেমজীৰ তৃতীয় পুত্ৰ জে জে মদন থিয়েটাৰৰ পৰিচালন সঞ্চালক হয়। ১৯২০ দশকৰ শেষৰ ফালে মদন থিয়েটাৰে ১২৭টা থিয়েটাৰৰ গৰাকী হৈ দেশৰ বক্স অফিচৰ আধা অংশ নিয়ন্ত্ৰণ কৰি শীৰ্ষত উপনীত হয়।[1] ১৯৩৭ চনলৈকে মদন থিয়েটাৰে কেইবাখনো জনপ্ৰিয় আৰু ঐতিহাসিক ছবি নিৰ্মাণ কৰিছিল।[2]

নিৰ্মিত চলচ্চিত্ৰ

সম্পাদনা কৰক
  • বিল্বমংগল (১৯১৯), বঙালী পূৰ্ণদৈৰ্ঘ্য ছবি, বৰ্তমান শ্ৰীচিনেমা নামেৰে জনাজাত কৰ্ণৱালিচ থিয়েটাৰত প্ৰদৰ্শিত হৈছিল।
  • নল দময়ন্তী (১৯২০)
  • 'ধ্ৰুৱ চৰিত্ৰ (১৯২১)
  • ৰত্নাৱলী (১৯২২)
  • সাবিত্ৰী সত্যবান (১৯২৩)
  • বিষবৃক্ষ (১৯২২ আৰু ১৯২৮)
  • দুৰ্গেশ নন্দিনী (১৯২৭) আৰু ৰাধাৰমণী (১৯৩০), দুয়োখনে বংকিম চন্দ্ৰ চেটাৰ্জীৰ ৰচনাৰ আধাৰত।
  • গিৰিবালা (১৯২৯), ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাৰ আধাৰত।
  • জামাই ষষ্ঠী (১৯৩১), ১১ এপ্ৰিল ১৯৩১ত মুক্তি পোৱা বঙালী চুটি সবাক ছবি।[3]
  • ইন্দ্ৰসভা (১৯৩২), ৭২টা গীতেৰে এখন সংগীতপ্ৰধান ছবি।
  1. p 520, The SAGE Handbook of Media Studies, John H Downing et al., SAGE, 2004, আই.এচ.বি.এন. 0-7619-2169-9
  2. "The life and works of the first Indian film magnate". https://www.telegraphindia.com/my-kolkata/people/the-story-of-first-indian-film-magnate-jamshedji-framji-madan-madan-theatres-and-its-role-in-early-indian-cinema/cid/2007324। আহৰণ কৰা হৈছে: 16 June 2024. 
  3. IMDb page on Jamai Sasthi

বাহ্যিক সংযোগ

সম্পাদনা কৰক