মনোহৰা হৈছে অৰ্ধমানৱী তথা অৰ্ধপক্ষীৰূপী এগৰাকী কিন্নৰী। তেওঁ জাতকৰ এক আখ্যানৰ নায়িকা। মনোহৰা আৰু ৰাজকুমাৰ সুধন নামৰ আখ্যানটো[1] সংস্কৃত গ্ৰন্থ দিব্যাৱদানৰ লগতে বৰবুদুৰ বৌদ্ধ মন্দিৰৰ প্ৰস্তৰ কাৰুকাৰ্যসমূহত চিত্ৰিত কৰা দেখা যায়।[2]

মনোহৰা

মনোহৰাৰ শিলত খোদিত প্ৰতিকৃতি
তথ্য
পৰিয়াল কিন্নৰৰাজ (পিতৃ)
দাম্পত্যসঙ্গী সুধন

ম্যানমাৰ, কম্বোডিয়া,[3] থাইলেণ্ড, শ্ৰীলংকা, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া আদিৰ লোককথাসমূহত এই আখ্যানটো অন্তৰ্ভুক্ত হৈছে।[4][5][6][7] ১৪৫০-১৪৭০ চনত চিয়াংমাইৰ এগৰাকী বৌদ্ধ সন্তই ৰচনা কৰা পালি ভাষাৰ পান্নাজাতকত সুধন আৰু মনোহৰাৰ কাহিনী সন্নিৱিষ্ট হৈছে।[8] এই কাহিনীটোৰ সৈতে মিল থকা আন বহুকেইটা আখ্যান চীন (য'ত তেওঁক 'য়ুএই' বুলি জনা যায়), জাপান, কোৰিয়া আৰু ভিয়েটনামতো প্ৰচলিত। চীনা সংস্কৰণৰ মতে এবাৰ সাতগৰাকী উৰণীয়া নাৰীয়ে স্নান কৰিবলৈ বুলি পৃথিৱীলৈ নামি আহোঁতে তেওঁলোকৰ মাজৰে আটাইতকৈ কোমল বয়সীয়া আৰু সুন্দৰী যুৱতীগৰাকীক এজন লোকে বন্দী কৰে। তেওঁৰ সৈতে সেই লোকজনৰ অথবা কাহিনীৰ নায়ক ৰাজকুমাৰজনৰ বিবাহ সম্পন্ন হয়। পৰৱৰ্তী সময়ত যাদুবিদ্যাৰ সহায়েৰে তেওঁ উৰি গুচি যায়। ইয়াৰ ফলত তেওঁৰ সন্ধানত তেওঁৰ স্বামী এক অভিযানলৈ ওলায়।

কাহিনীভাগ সম্পাদনা কৰক

কিন্নৰৰাজৰ সাতগৰাকী দুহিতাৰ কনিষ্ঠগৰাকীৰ নাম আছিল মনোহৰা। কৈলাস পৰ্বতেই আছিল কিন্নৰ ৰাজ্যৰ অৱস্থান। এদিন মনোহৰাই মানৱৰ ৰাজ্যলৈ ভ্ৰমণ কৰাৰ মন মেলিলে। ভবামতেই মানৱ ৰাজ্যলৈ অহা মনোহৰাক এজন চিকাৰীয়ে বন্দী কৰে। কোনো কোনো সংস্কৰণৰ মতে চিকাৰীজনে যাদুৰ পাশ ব্যৱহাৰ কৰিছিল। উক্ত চিকাৰীজনে তেওঁক নি ৰাজকুমাৰ সুধনৰ হাতত অৰ্পণ কৰিলে। সুধন আছিল পাঞ্চাল ৰাজ্যৰ ৰজা আদিত্যবংশ আৰু ৰাণী চন্দ্ৰাদেৱীৰ পুত্ৰ। তেওঁ ধনুৰ্বিদ্যাত নিপুণ আছিল। অচিৰেই তেওঁ মনোহৰাৰ প্ৰেমত পৰে আৰু দুয়ো বিবাহপাশত আবদ্ধ হয়।

এবাৰ যুদ্ধৰ বাবে ৰাজকুমাৰৰ অবৰ্তমানত ৰাজ উপদেষ্টাই মনোহৰাক নগৰখনলৈ দুৰ্ভাগ্য কঢ়িয়াই অনাৰ অভিযোগত অভিযুক্ত কৰে আৰু মৃত্যুৰ ভাবুকি দিয়ে। ফলস্বৰূপে মনোহৰা কিন্নৰ ৰাজ্যলৈ উৰা মাৰে। তেওঁ ৰাজকুমাৰ সুধনৰ বাবে এটা আঙুঠিৰ লগতে কিন্নৰ ৰাজ্যৰ পথনিৰ্দেশ এৰি থৈ যায়।

ৰাজকুমাৰ সুধন পাঞ্চাললৈ ঘূৰি আহি মনোহৰাৰ পথ অনুসৰণ কৰে। বাটতে এগৰাকী সন্যাসিনীৰ পৰা তেওঁ কিন্নৰ ৰাজ্যৰ সন্ধান উলিয়াবলৈ জন্তুৰ ভাষাৰ লগতে ৰাজকুমাৰী মনোহৰাক পুনৰাই ঘূৰাই পাবলৈ আৱশ্যকীয় প্ৰাৰ্থনাৰ জ্ঞান লাভ কৰে। এই যাত্ৰাকালৰ দৈৰ্ঘ্য আছিল সাত বছৰ, সাত মাহ আৰু সাত দিন। যাত্ৰাপথত সুধন এগৰাকী যক্ষ, অগ্নিশিখাৰ এখন নদী আৰু এজোপা বৃহৎ বৃক্ষৰ মুখামুখি হয়। অৱশেষত তেওঁ কিন্নৰ ৰাজ্যত উপস্থিত হয়। কিন্নৰৰ ৰজাৰ আগত তেওঁ নিয়মানুৱৰ্তিতাৰ লগতে শক্তি, দৃঢ়তা আৰু জ্ঞানৰ পৰীক্ষা দিবলগীয়া হয়। প্ৰথম পৰীক্ষাত তেওঁক বাগিচাত এখন শিলৰ আসন দাঙিবলৈ দিয়া হয় আৰু দ্বিতীয় পৰীক্ষাত তেওঁৰ ধনুৰ্বিদ্যাৰ পৰিচয় লোৱা হয়। অন্তিম পৰীক্ষাত তেওঁক মনোহৰাৰ সৈতে দেখিবলৈ সায়লাখ একেই সাতগৰাকী নাৰীৰ মাজৰ পৰা প্ৰকৃত মনোহৰাক চিনাক্ত কৰিবলৈ দিয়া হয়। সুধনে মনোহৰাৰ হাতৰ আঙুটিৰ দ্বাৰা তেওঁক চিনাক্ত কৰে। ইয়াতে কিন্নৰৰাজ সন্তুষ্ট হৈ তেওঁলোক দুয়োৰে বিবাহত সন্মতি প্ৰদান কৰে আৰু ইয়াৰ পিছত দুয়ো পাঞ্চাললৈ উলটি আহে।

ৰূপায়ণ সম্পাদনা কৰক

মনোহৰা কাহিনীটোক ম্যানমাৰত এক নাট্যৰূপ দিয়া হয়। এই নাট্যৰূপত তেওঁৰ নাম মননহাৰী। তেওঁ সাতগৰাকী ৰাজকুমাৰীৰ অন্যতম আৰু তেওঁলোক গলিত তামৰ সুঁ‌তি এটাই ঘেৰি ৰখা এক ৰূপোৱালি পৰ্বতত বাস কৰে। তেওঁৰ স্বামী ৰাজকুমাৰ সুধনৰ নামটো থুদানো (প্যেনচাৰ ৰাজকুমাৰ) হিচাপে অনুবাদ কৰা হৈছে।[9] এই সংস্কৰণটোৰ মতে ৰাজকুমাৰীয়ে এক যাদুকৰী কমৰবন্ধনীৰ সহায়ত উৰে আৰু এক যাদুকৰী চোঁ‌চনি গাঁ‌ঠিত বন্দী হয়।[10]

দক্ষিণ-পূব এছিয়াত এই চৰিত্ৰসমূহক কেভ মনোৰা বা প্ৰা ছথোন নামেৰে জনা যায়।[11]

নেপালৰ সংস্কৃত ভাষাৰ বৌদ্ধ সাহিত্যতো এই আখ্যানটো পোৱা যায়। ইয়াত কাহিনীৰ নায়ক আতু নায়িকাৰ নাম ক্ৰমে মহোনাৰা আৰু সুধনুষা।[12] কিন্নৰী অৱদান শীৰ্ষক আন এক নেপালী সংস্কৰণ অনুসৰি উৎপল নামৰ চিকাৰী এজনে এক কিন্নৰীক যাদুকৰী পাশৰ সহায়েৰে বন্দী কৰে। হস্তিনাৰ ৰাজকুমাৰ সুধন চিকাৰ অভিযানত সেই ঠাই আহি পোৱাত তেওঁ কিন্নৰীগৰাকীৰ প্ৰেমত পৰে।[13]

অন্য এক অনুবাদ কৰ্মত মনোহৰাক ৰজা দ্ৰুমৰ কন্যা বুলি কোৱা হৈছে।[14]

লাওছত এই কাহিনীটো ছিথোন আৰু মনোলা নামেৰে জনা যায়।[15]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Schiefner, Anton; Ralston, William Shedden. Tibetan tales, derived from Indian sources. London, K. Paul, Trench, Trübner & co. ltd. 1906. pp. xlviii-l and 44-74.
  2. "The Story of Prince Sudhana and Manohara". 5 February 2003. Archived from the original on 5 February 2003. https://web.archive.org/web/20030205011309/http://www.borobudur.tv/avadana_05.htm. 
  3. Porée-Maspero, Eveline. "III. Le cycle des douze animaux dans la vie des Cambodgiens". In: Bulletin de l'Ecole française d'Extrême-Orient. Tome 50 N°2, 1962. pp. 311-365. DOI:https://doi.org/10.3406/befeo.1962.1536 ; www.persee.fr/doc/befeo_0336-1519_1962_num_50_2_1536
  4. Jaini, Padmanabh S. “The Story of Sudhana and Manoharā: An Analysis of the Texts and the Borobudur Reliefs.” Bulletin of the School of Oriental and African Studies, University of London, vol. 29, no. 3, 1966. p. 533. JSTOR, www.jstor.org/stable/611473. Accessed 24 Apr. 2020.
  5. Jaini, Padmanabh S. (1 January 2001). Collected Papers on Buddhist Studies. Motilal Banarsidass. ISBN 9788120817760. https://books.google.com/books?id=ZlyDot9RyGcC. 
  6. "Sandakinduru Katava | Ceylonese dance-drama". Britannica.com. Retrieved 2017-04-16. 
  7. Yousof, Ghulam-sarwar (1 January 1982). "Nora Chatri in Kedah: A Preliminary Report". Journal of the Malaysian Branch of the Royal Asiatic Society খণ্ড 55 (1 (242)): 53–61. 
  8. Terrai G. "VI. Samuddaghosajâtaka. Conte pâli tiré du Pannâsajataka". In: Bulletin de l'Ecole française d'Extrême-Orient. Tome 48 N°1, 1956. pp. 249-351. DOI:https://doi.org/10.3406/befeo.1956.1291 ; www.persee.fr/doc/befeo_0336-1519_1956_num_48_1_1291
  9. Smith, J. "Specimen of Burmese Drama". In: Asiatic Society (Kolkata, India), Biodiversity Heritage Library, and Asiatic Society of Bengal. Journal of the Asiatic Society of Bengal. nr. 91, July 1836. Vol. 8. Calcutta: Asiatic Society of Bengal. 1836. pp. 536-551.
  10. Hartland, E. Sidney. "THE PHYSICIANS OF MYDDFAI." The Archaeological Review 1, no. 1 (1888): 25. Accessed April 6, 2021. http://www.jstor.org/stable/24707779.
  11. Porée-Maspero, Eveline. Étude sur les rites agraires des Cambodgiens. Tome I. École Pratique de Hautes Studes - Paris. Paris: Mouton & Co./La Haye. 1962. pp. 657-658.
  12. Mitra, Rājendralāla, Raja; Asiatic Society. The Sanskrit Buddhist literature of Nepal. Calcutta: Asiatic Society of Bengal. 1882. pp. 129-131.
  13. Mitra, Rājendralāla, Raja; Asiatic Society. The Sanskrit Buddhist literature of Nepal. Calcutta: Asiatic Society of Bengal. 1882. pp. 62-63.
  14. The Mahavastu. Volume II. Translated from the Buddhist Sanskrit by J. J. Jones. London: Luzac and Company LTD. 1952. pp. 91-111.
  15. Diamond, Catherine (2005). "Red Lotus in the Twenty-First Century: Dilemmas in the Lao Performing Arts". In: New Theatre Quarterly 21, p. 40. doi:10.1017/S0266464X04000326