মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়

মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় ১৯৬৩ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ কদমনিত প্ৰতিষ্ঠা কৰা হৈছিল। মহাবিদ্যালয় খনত মুঠ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৮০০ গৰাকী। মহাবিদ্যালয় খনৰ স্নাতক মহলা ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।[1]

মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
Manohari Devi Kanoi Girls' College
স্থাপিত ১৯৬৩
ধৰণ ৰাজহুৱা
অধ্যক্ষ ডঃ দিলীপ কুমাৰ ভূঞা
শৈক্ষিক কৰ্মচাৰী ১৭
শিক্ষাৰ্থী ১৮০০
স্থান কদমনি, ডিব্ৰুগড় , অসম, ভাৰত ভাৰত
চৌহদ চহৰীয়া
উপনাম MDK Girls' College
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট www.mdkgcollege.edu.in

অৱস্থান সম্পাদনা কৰক

মহাবিদ্যালয় খন ডিব্ৰুগড়ৰ কদমনিৰ কেশৱ চন্দ্ৰ গগৈ পথত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মহাবিদ্যালয় খনৰ কাষেৰে পাৰ হৈ গৈছে। ডিব্ৰুগড় ৰেল ষ্টেচন আৰু ডিব্ৰুগড় বিমানবন্দৰ মহাবিদ্যালয় খনৰ পৰা ক্ৰমে ৫ আৰু ১৬ কিঃমিঃ নিলগত অৱস্থিত।


শিক্ষা সম্পাদনা কৰক

এইখন এখন কলা মহাবিদ্যালয়। মহাবিদ্যালয় খনে আগবঢ়োৱা পাঠ্যক্ৰম সমূহ হ'ল-

  • দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম
  • ছয় ষান্মাষিকযুক্ত স্নাতক পাঠ্যক্ৰম


মহাবিদ্যালয় খনে আন বহুতো বিষয়ৰ শিক্ষা আগবঢ়ায়। যেনে-

  1. গৃহস্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত কাপোৰ চিলাই
  2. অৰ্থনীতি বিভাগৰ অন্তৰ্গত বীমা সহায়ক(Insurance Agent) প্ৰশিক্ষণ
  3. ইংৰাজী বিভাগৰ অন্তৰ্গত ইংৰাজী কথন
  4. গৃহস্থ বিজ্ঞান বিভাগৰ পুষ্প সজ্জা, ৰন্ধন প্ৰকৰণ আৰু খাদ্য সংৰক্ষণ
  5. কম্পিউটাৰ শিক্ষা
  6. টেবুল টেনিছৰ প্ৰশিক্ষণ
  7. "সমস্বৰ"- সংগীত আৰু নাট্য সমাজৰ অন্তৰ্গত সংগীত আৰু নাট্যৰ প্ৰশিক্ষণ

লগতে মহাবিদ্যালয় খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি প্ৰাপ্ত কিছুমান পেশাদাৰী পাঠ্যক্ৰমো আৰম্ভ কৰিছে। যেনে-

  1. Performing Arts
  2. Food Processing
  3. Fashion Designing Courses

বিভাগ সমূহ সম্পাদনা কৰক

  • সংস্কৃত বিভাগ
  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • অৰ্থনীতি বিভাগ
  • শিক্ষা বিভাগ
  • ৰাজনীতি বিজ্ঞান
  • ইতিহাস বিভাগ
  • ভূগোল বিভাগ
  • হিন্দী বিভাগ
  • দৰ্শন বিভাগ
  • গণিত বিভাগ
  • বাংলা বিভাগ
  • সমাজ শাস্ত্ৰ বিভাগ
  • গৃহস্থ বিজ্ঞান বিভাগ[2]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃ সংযোগ সম্পাদনা কৰক