মন জিলা ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ক’নিয়াক জনজাতিৰ৷

মন জিলা
—  জিলা  —
Mon-Nagaland-Jim-Ankan-Deka-photography.jpgনাগালেণ্ডৰ মন জিলাৰ এখন গাওঁ
নাগালেণ্ডত মন জিলাৰ অৱস্থান
নাগালেণ্ডত মন জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ  ভাৰত
জনসংখ্যা (২০১১)
 - মুঠ ২,৫০,৬৭১ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL-MN
ৱেবছাইট mon.nic.in

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

মন জিলাখন নাগােলণ্ডৰ আটাইতকৈ উত্তৰ সীমান্তত অৱস্থিত৷ এই জিলাৰ উত্তৰে অৰুণাচল প্ৰদেশ, পশ্চিমে অসম, পূবে ম্যানমাৰ আৰু দক্ষিণে লংলেং আৰু টুৱনচাং জিলা৷ জিলাখনৰ সদৰ ঠাই মন চহৰ৷

অৰ্থনীতি সম্পাদনা কৰক

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ এখন বুলি মন জিলাক অভিহিত কৰে৷[1] ভাৰত চৰকাৰৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা ধনৰ আবণ্টন লাভ কৰা নাগালেণ্ডৰ তিনিখন জিলাৰ ভিতৰত মন অন্যতম৷[1]

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি মন জিলাৰ মুঠ জনসংখ্যা ২৫০,৬৭১ জন৷[2] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত মন জিলাৰ স্থান ৫৮২ তম৷[2] মন জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯৮ গৰাকী৷[2] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৫৬.৬%।[2]

সংস্কৃতি সম্পাদনা কৰক

মন জিলা ক’নিয়াক নগা জনজাতিৰ বসতিস্থল৷ পৰম্পৰাগতভাৱে এই জনজাতিৰ লোকসকলে দেহ-মুখত টাটু পৰিধান কৰে৷ ক’নিয়াকসকলৰ মূল উৎসৱ হৈছে 'Aoleang Monyu'৷ এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয়৷

ক’নিয়াকসকলৰ পৰম্পৰাগত নেতা হৈছে আং (Angh), যি উত্তৰাধিকাৰী সূত্ৰে এই উপাধি লাভ কৰে৷ প্ৰতিখন গাঁৱত আং গৰাকীৰ ঘৰ আটাইতকৈ ডাঙৰ হয়৷ ঘৰৰ সন্মুখত সাধাৰণতে জন্তুৰ লাওখোলা সজ্জিত থাকে৷

পৰ্য্যটন সম্পাদনা কৰক

 
ক’নিয়াক নগাসকলৰ পৰম্পৰাগত সজ্জা
চাংন্যু গাওঁ (Shangnyu village)

চাংন্যু গাওঁ মূখ্য আং গৰাকীৰ দ্বাৰা পৰিচালিত৷ এই গাৱঁত ৮ ফুট উচ্চতাৰ আৰু ১২ ফুট প্ৰস্থৰ এটা ঐতিহাসিক কাঠৰ প্ৰতিমূৰ্ত্তি আছে৷ মূৰ্ত্তিটোত মানুহ আৰু জীৱ-জন্তুৰ প্ৰতিচ্ছৱি খোদিত কৰা আছে৷ ইতিহাসৰ মতে এই গাওঁ আৰু আহোম ৰাজত্বৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল৷

চুই গাওঁ (Chui village)

এই গাওঁ সদৰঠাই মনৰ কাষৰীয়া অঞ্চলত অৱস্থিত৷ গাওঁখনৰ আং গৰাকীৰ ঘৰটো সৰ্ববৃহৎ আুৰ ঘৰৰ সন্মুখভাগ পূৰ্বপুৰুষ আৰু তেওঁ নিজে নিধন কৰা শত্ৰুৰ লাওখোলাৰে সজ্জিত৷ ক’নিয়াকসকলৰ মাজত উনৈশ শতিকাৰ শেষভাগলৈকে মুণ্ড চিকাৰ প্ৰচলিত আছিল৷

লংৱা গাওঁ (Longwa village)

লংৱা নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত গাওঁসমূহৰ ভিতৰত সৰ্ববৃহৎ গাওঁ৷[3][4] এই গাৱঁৰ মুখ্য আঙৰ ঘৰৰ আধা ভাৰতত আৰু অন্যভাগ ম্যানমাৰত অৱস্থিত৷ অৱশ্যে সমগ্ৰ গাওঁখন পৰিচালনা কৰে মুখ্য আং গৰাকীয়ে৷ তেওঁৰ ক’নিয়াক জনাজতিৰ ৬০ খন গাওঁৰ নেতা৷ [4]

ভেদা (Veda Peak)

মন জিলাৰ সৰ্ব্বোচ্চ এই শিখৰটো মন চহৰৰ পৰা ৭০ কিমি পূবে অৱস্থিত৷ এই শিখৰৰ পৰা ফৰকাল বতৰত ব্ৰহ্মপুত্ৰ দেখা পোৱা যায়৷

নাগনিমুৰা (Naganimora)

এই চহৰখনৰ নামৰ উৎস হৈছে 'নগা ৰাণী মৰা' (the burial place of the Naga queen)৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011. 
  2. 2.0 2.1 2.2 2.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  3. Bhattacharyya, Rajeev (25 September 2016). "From Mon in Nagaland to Myanmar, Schoolkids Cross the Border For a Better Future". The Wire. https://thewire.in/education/nagaland-myanmar-education-employment। আহৰণ কৰা হৈছে: 25 August 2018. 
  4. 4.0 4.1 An Indian Village Where Villagers Have Dual Citizenships And Its King Has 60 Wives, Daily Moss, 22 Msay 2015.

বাহ্যিক সংযোগ সম্পাদনা কৰক