মমতা (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৭৩)

মমতা (ইংৰাজী: Mamata) নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতাই ৰজত পদক লাভ কৰে। মূল চৰিত্ৰ মহেশ্বৰ আৰু মুহিতাৰ চৰিত্ৰত অভিনয় কৰে ৰুদ্ৰ বৰুৱা আৰু ইভা আচাৱে[1][2][3]

মমতা
Mamata
পৰিচালক নলীন দুৱৰা
চিত্ৰনাট্য মোহিনী কুমাৰ শইকীয়া
কাহিনী সুৰেন শইকীয়া
প্ৰযোজক নলীন দুৱৰা, প্ৰফুল্ল দত্ত, শিৱ ঠাকুৰ
অভিনয়ত ৰুদ্ৰ বৰুৱা
ইভা আচাও
শিৱ ঠাকুৰ
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক মানিক বৰা, বসন্ত বৰদলৈ
মুক্তি
১৯৭৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

নিৰ্মাণ সম্পাদনা কৰক

ছবিখন প্ৰযোজনা কৰিছিল নলীন দুৱৰা, প্ৰফুল্ল দত্ত, শিৱ ঠাকুৰে। আটাইকেইগৰাকী প্ৰযোজকে আছিল গোলাঘাটৰ। পিছলৈ অসমীয়া চলচ্চিত্ৰৰ এজন আগশাৰীৰ পৰিচালক হোৱা শিৱ ঠাকুৰে ছবিখনৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও সহকাৰী পৰিচালকৰ দায়িত্বও পালন কৰিছিল। মুম্বাইৰ চেণ্ট জেভিয়াৰ্চ টেকনিকেল ইন্সটিটিউটৰ পৰা চিনেমেট’গ্ৰাফীত স্নাতক ডিগ্ৰী লোৱা ছবিখনৰ অন্যতম প্ৰযোজক নলীন দুৱৰাই বহুকেইখন বাংলা আৰু অসমীয়া চলচ্চিত্ৰত চিত্ৰগ্ৰহণৰ কাম কৰিছিল। মমতা তেওঁৰ প্ৰথম পৰিচালিত ছবি। ইয়াৰ চিত্ৰগ্ৰহণো তেৱেঁ কৰিছে। সঙ্গীত পৰিচালক আছিল মাণিক বৰা আৰু বসন্ত বৰদলৈ, যিটো যুটী “বসন্ত-মাণিক” বুলি পৰিচিতি লাভ কৰিছিল।[1]

কাহিনী সম্পাদনা কৰক

 
মমতা ছবিৰ এটা দৃশ্যত মাষ্টাৰ শোণিত

মহেশ্বৰ, পত্নী মুহিতা, এজনী গাভৰু বিবাহোপযোগ্যা জীয়ৰী গোলাপী আৰু পুত্ৰ টকৰুৰে এটা সৰু পৰিয়াল। মহেশ্বৰৰ স্পষ্টবাদী আৰু সোনকালে খং উঠা স্বভাৱৰ বিপৰীতে গোলাপী শীতমস্তিষ্কৰ আৰু গিৰিয়েকে সৃষ্টি কৰা সকলো অবাঞ্চিত পৰিবেশ-পৰিস্থিতিক সহি-সামৰি থোৱাবিধৰ।

এদিন দুয়োৰো কথাৰ কটাকটি হ’ল আৰু জীয়েকক লৈ মুহিতা একেখন গাঁওতে থকা মাকৰ ঘৰলৈ গুছি গ’ল। পুতেক টুকৰু বাপেকৰ লগত থাকিল।

টুকৰুৱে অকলশৰীয়া বোধ কৰি মাকক ওভতাই আনিবলৈ বাপেকক খাটিলে। ঘৈণীয়েকৰ অভাৱ মহেশ্বৰেও অনুভৱ কৰিছিল যদিও তেওঁৰ অহং ভাবৰ বাবে মুহিতাক ওভতাই নানিলে। ইফালে মুহিতায়ো জিদত লাগি স্বামীগৃহলৈ পুনৰ উভতি নহাৰ চিন্তা কৰিলে। অৱশ্যে দুয়ো বুজি পালে যে খঙৰ ভমকত কি ভুল কৰি পেলালে।

টকৰুৱে ঘৰুৱা কামত সহায় কৰিবলৈ স্কুল এৰি দিলে। সি চৰণীয়া পথাৰলৈ গৰু চৰাবলৈ যাওঁতে মাককো লগ ধৰি আহে। বাপেকে পুতেকৰ এই কাম ভাল নাপালে যদিও পুতেকৰ মুখৰ পৰা মাকৰ যে বাপেকৰ প্ৰতি টান আছে আৰু ঘৰুৱা কামবন সম্পৰ্কে যে বিভিন্ন দিহা-পৰামৰ্শ দিয়ে, সেই কথা জানিব পাৰি মহেশ্বৰৰ ঘৈণীয়েকৰ প্ৰতি মনোভাব সলনি হ’ল। হ’লেও তেওঁ আগৰ দৰেই দূৰত্ব বজাই ৰাখি চলি গ’ল। কিন্তু টুকৰুৱে মুকলিকৈ মাকক লগ পাবলৈ যোৱাত কোনো বাধা নাথাকিল।

একেখন গাঁওতে বাস কৰে বায়ন আৰু তেওঁৰ পুতেক কণল’ৰা। কণল’ৰাৰ সৈতে গোলাপীৰ প্ৰেম। ছবিখনৰ খলনায়ক এহাল বাপেক-পুতেক সৎৰাম আৰু দেৱেন। সৎৰাম ঠগ-প্ৰৱঞ্চক। পুতেক দেৱেনে পঢ়াশুনা বাদ দি গাঁওত মাস্তানী কৰি ফুৰে। সি কণল’ৰা আৰু গোলাপীক আমনি কৰিবলৈ আৰম্ভ কৰিলে। টুকৰুৰ মাক অবিহনে থাকি আমনি লাগিছিল। সি মাক-বাপেকক একলগ কৰিবলৈ পৰিকল্পনা কৰিলে।

খলনায়ক সৎৰাম আৰু দেৱেনৰ কাৰ্য-কলাপে গাওঁবাসীক ভীষণ অসন্তুষ্ট কৰিলে আৰু সিহঁতক শাস্তি দিয়াৰ কথা পাঙিলে। কিন্তু গাঁওখনৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ মহেশ্বৰে দুয়োকো বচালে। সিহঁতে গাওঁবাসীৰ ওচৰত ক্ষমা বিচাৰিলে। মহেশ্বৰ আৰু মুহিতাৰো মিলন হ’ল।

মমতাৰ বান্ধোনে গাওঁখনক স্বৰ্গৰাজ্য কৰি তুলিলে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

গীত সম্পাদনা কৰক

বোলছবিখনৰ দুটা গীত লিখিছে সঙ্গীত পৰিচালকযুটীৰ বসন্ত বৰদলৈয়ে। বাকীকেইটা পৰম্পৰাগত গীত। গীতকেইটা ৰেকৰ্ডিং ষ্টুডিঅ'ৰ সলনি গোলাঘাটতে শব্দযন্ত্ৰী সতীশ চৌহানৰ তত্বাৱধানত উন্নতমানৰ যন্ত্ৰেৰে বাণীবদ্ধ কৰা হৈছিল।[3][4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "অ’ সোণালী ৰূপে মোহনীয়া সোণালী চেতিয়া হাঁহি, ধাননীৰ মাজতে চেনাইধন আছে ৰৈ বাই যোৱা মনৰে বাঁহী"  বসন্ত বৰদলৈমালবিকা বৰা, অন্যান্য  
2. "শিশুকালে গৈলো বান্দাঐ হাঁহোতে-খেলোঁতে নিচিনি যৌৱন কালে, বৃদ্ধ কালতে আল্লাৰ নাম নললি পৰিবি মায়াৰ জালে"  পৰম্পৰাগত গীতৰেকিবুদ্দিন আহমেদ  
3. "আঁউসীৰ পিছতে আকাশৰ বুকুতে অ’ কলিজা পোহৰে মেলিব পাহ, পদুলী সাৰোঁতে তোলৈ মনত পৰে আৰুনো কিমানদিন বাকী"  বসন্ত বৰদলৈৰেহনা আখতাৰ হান্নান  
4. "জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰিহে, তুমি ব্ৰহ্মান্দৰ স্ৰষ্টা পালোঁতা অনাদি অনন্ত জৰি"  পৰম্পৰাগত গীতৰুদ্ৰ বৰুৱা, ইলোৰা বৰুৱা  
5. "আকাশৰে শ্ৰীকৃষ্ণই কৈলাসৰে শিৱ ঐ এইখন জগতত নমৰো মই কিয়"  পৰম্পৰাগত গীতৰেকিবুদ্দিন আহমেদ আৰু সঙ্গীবৃন্দ  
6. "হা হৰি হৰি নাম ললে নেহেৰায়, ডকাইতে নিনিয়ে পাই, চোৰেও নিনিয়ে চুৰ কৰি"  পৰম্পৰাগত গীতৰুদ্ৰ বৰুৱা আৰু সঙ্গীবৃন্দ  

বঁটা আৰু সন্মান সম্পাদনা কৰক

ছবিখনে ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৭৩) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰজত পদক লাভ কৰে। এই বঁটাত প্ৰযোজকত্ৰয়ক নগদ দহহাজাৰ টকা, এটা ৰূপৰ পদক আৰু এখন প্ৰমাণপত্ৰ; পৰিচালক নলীন দুৱৰাক নগদ পাঁচহাজাৰ টকা, এটা ৰূপৰ পদক আৰু এখন প্ৰমাণপত্ৰ দিয়া হয়। মূল পুৰষ আৰু নাৰী চৰিত্ৰত অভিনয় কৰা ৰুদ্ৰ বৰুৱা আৰু ইভা আচাওলৈ একোটা স্মাৰক আগবঢ়োৱা হয়।[1]

তথ্য উংস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "21st National Awards for Films". https://www.dff.nic.in/images/Documents/95_21stNfacatalogue.pdf। আহৰণ কৰা হৈছে: 10-10-2019. 
  2. 2.0 2.1 "Mamata (1973) – Assamese Film". https://www.assams.info/movies/mamata-1973। আহৰণ কৰা হৈছে: 10-10-2019. 
  3. 3.0 3.1 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 216. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. প্ৰকাশক Dibrugar: Bani Mandir. পৃষ্ঠা. 209-212.