মহো-হো উৎসৱ

অসমত উদযাপন কৰা এটা উৎসৱ
(মহহোৰ পৰা পুনঃনিৰ্দেশিত)

মহো-হো (ইংৰাজী: Mohoho) বা মহ খেদা উৎসৱ সাধাৰণতে নামনি অসমত উদ্‌যাপন কৰা এটা উৎসৱ।[1] অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো। " তাৰপৰাই মহোহো শব্দ গঠিত হৈছে।[2] নামনি অসমৰ বিশেষকৈ কামৰূপ, গোৱালপাৰা, নলবাৰী, বৰপেটা, দৰং, বাক্সা জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহো-হোক গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি বা ওৰি মাগা বুলি জনা যায়। দৰঙত ইয়াক মহৌ খুন্দা বা মইহ খেদা বা মহখেদা বা মহহৌ উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত মহৌ-হৌ, নলবাৰীত ভালোক দিয়া বা ভাল-ভৌলকা, বৰপেটাৰ ঠাইবিশেষে ভাওল দিয়া বা ভাও লালীয়া, তামুলপুৰ আৰু বাক্সাত ৰাভা (টোটলা ৰাভা) সকলে বাম্বোলপিতা আৰু বজালীত মহোহো বা মহহো বা মোহোহো দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰীসকলে ইয়াক ভালুক নচুৱা আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে চেনায়-হুনায় বুলি কয়। হাজংসকলে ইয়াক মচমাও খেদা বা মহ খেদাই দেৱা গীত বুলি কয়। মুছলমানসকলে ইয়াক মাগন গীত বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহো-হোৰ সমধৰ্মী উৎসৱ। [2]

মহো-হো উৎসৱ
তাৰিখ আঘোণ মাহৰ পূৰ্ণিমা
ঠাই অসম
অংশগ্ৰহণকাৰী নামনি অসমৰ কিছুসংখ্যক লোক

উদ্‌যাপনৰ ৰীতি সম্পাদনা কৰক

এই উৎসৱ আঘোণী পূৰ্ণিমাত উদ্‌যাপন কৰা হয়। আঘোন মাহত অনুষ্ঠিত মহোহো উৎসৱ গাঁৱৰ গৰখীয়া আৰু চেমনীয়া ল’ৰাবোৰে আনন্দৰে পালন কৰে। চেমনীয়া ল’ৰা আৰু ডেকাবোৰ কেবাটাও দলত বিভক্ত হৈ গধূলিপৰত হাতত টোকোন বা লাঠি লৈ মানুহৰ চোতালে চোতালে গৈ ঘূৰি ঘূৰি কিছুমান গীত গায়। এই গীতবোৰক মহো-হো গীত বোলে। দলটিত একোজনকৈ দলপতি থাকে। তেওঁ মহো-হো গীতৰ প্ৰথম শাৰীটো গাই দিয়ে আৰু তেওঁক অনুসৰণ কৰি বাকী সদস্য কেইজনে তাৰ পিছৰ শাৰীবোৰ সমবেত কণ্ঠেৰে গাই যায়। শেষত গৃহস্থক আশীৰ্বাদ দি তেওঁলোকৰ পৰা চাউল/টকা গ্ৰহণ কৰে। তাৰপিছত দ্বিতীয়জন গৃহস্থৰ ঘৰলৈ যায়। এইটোৱেই এই উৎসৱৰ পৰম্পৰা। এই উৎসৱত গোৱা কিছুমান গীত পৰম্পৰাগতভাৱে জনসাধাৰণৰ মুখে মুখে চলি আহিছে। টোকোন বা লাঠিৰে শব্দ কৰি গোৱা মহো-হো গীতৰ ৰূপ এনেধৰণৰ- মহৌ হৌ মহৌ হৌ, মহ’হো মহ’হো। মহ খেদ্‌বা টোকান লৌ॥ মহে বোলে মৰ্‌লু দে। টেপৰ পুৰা খালো দে॥ ইত্যাদি।

উৎসৱত গোৱা গীতবোৰক ‘ভাল হওক দিয়া’ বা ভাওল দিয়া গীত বোলা হয়। মহ খেদোঁতাসকলে যি চাউল বা পইচা পায়, সেই চাউল-পইচাৰে পিছত সকলোৱে লগ লাগি ভোজ-ভাত খায়। এই গীতবোৰৰ লগত উজনিৰ হুঁচৰি গীত, গোৱালপাৰাৰ এউৰিমগা গীত আৰু বাস্কা অঞ্চলৰ বাম্বোল পিটা গীতৰ কিছু সাদৃশ্য আছে। নামনি অসমৰ ভিন ভিন অঞ্চলত প্ৰচলিত মহো-হো গীতবোৰ প্ৰায় একে ধৰণৰ; কেৱল ঠাই বিশেষে দুই-চাৰিটা শব্দ, পদ আৰু সুৰৰ ক্ষেত্ৰত কিছু অমিল লক্ষ্য কৰা যায়। আঘোণী পূৰ্ণিমাৰ প্ৰাণময় উৎসৱ মহো-হো বা মহখেদা অ-জনজাতিসকলৰ লগতে জনজাতীয় লোকসকলৰ মাজতো আদৰণীয়।

লোকবিশ্বাস সম্পাদনা কৰক

মহ খেদা গীতবোৰ গালে মহবোৰ ভয়ত আঁতৰি যায় বুলি কোৱা হয়। আঘোণ মাহ অসমৰ খেতিয়কসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ মাহ। এই সময়তে পথাৰত ধানত পোক ধৰে। গতিকে আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি এই উৎসৱ পালন কৰা হয় যাতে ঘৰৰপৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। লোকবিশ্বাস মতে মহো-হো উৎসৱৰ পিছত মহবোৰ লাহে লাহে কমি নাইকিয়া হয়। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান দোৱা আৰম্ভ কৰে।[3]

কেইটিমান প্ৰচলিত মহোহো গীত সম্পাদনা কৰক

শাৰী হৌ শাৰী হৌ।

কণা-কুঁজা এফাল হৌ॥

কণা-কুঁজা ধোঁৱা খোৱা।

ওজা মাতো বৰেৰ পুৱা॥(মঙলদৈ অঞ্চলত প্ৰচলিত)


লাউৰ মাত ঝিলাও লাওঁ।

সক্খায়া নিন্ পালাওঁ॥

নিন্খিনি হাচাৰে।

চকুটিপা নাচাৰে॥ (গোৱালপাৰা অঞ্চলত প্ৰচলিত)


কুপ্তি কুপ্তি হাউৰা কুপ্তি

আলিৰ মূৰত নল্বা বাহা।

ফৰ্ব্বাৎ ডালি মাইৰ্বো ডিমাযুৰি ভাইঙ্বো

চানাক লেগি নক্ৰিবা আশা।

অ’ দাদা, চানাক লেগি নক্ৰিবা আশা॥(নলবাৰী অঞ্চলত প্ৰচলিত)[4]


অ’হোহো মহোহো।

মহ খেদবা টাকান লৌ॥

মহে বোলে মল্লু দে।

টেপল পুৰা খালু দে॥

টেপলত নহ’ল নুন।

চাউল লাগে দুণ দুণ॥

বাঁহৰ পাত চিকিমিকি।

আমাক নাংগে আধলি-সিকি॥

বাঁহৰ পাত পকা।

আমাক লাগে টকা॥

অ’ হৰি অ’ ৰাম ( গৄহস্থৰ কুশলাৰ্থে) (নলবাৰী অঞ্চলত প্ৰচলিত)


অ’হোহো মহোহো

মহ খেদ্‌বা যাউং যো॥

মহে বোলে মল্লু দে

তেপৰ মূৰা খালু দে॥

তেপৰত নহল লোণ

চাউল লাগে দোণ দোণ॥

সেই চাউলেদি নভ্‌ৰিল ডুনি

আইথেৰ ঘৰ লৰিচৰি॥

আইথেৰ ঘৰত পকা জামুক

জাপ দি আহে আমাৰ ভালুক॥

বাহৰ পাত চিকিমিকি

আমাক লাগে বগা সিকি॥ (বজালী অঞ্চলত প্ৰচলিত)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ৰায়, নিভা ৰাণী (৭ জানুৱাৰী ২০২৪). "নামনি অসমৰ কৃষিভিত্তিক উৎসৱৰ গীত-মাত". সাদিন: ৪. 
  2. 2.0 2.1 ৰয়, দিলীপ কুমাৰ. "লোকসংস্কৃতিৰ ইতিহাসত বজালীৰ লোক উৎসৱ মোহোহো". http://monikut.com/2019/12/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%9C%E0%A6%BE/। আহৰণ কৰা হৈছে: 29 September 2020. [সংযোগবিহীন উৎস]
  3. ভৰালী, বিভা. "মহোহো বা মহখেদা উৎসৱ". বিকাশপেডিয়া. https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ae9b99b9-9ac9be-9ae9b99969c79a69be-9899ce9b89f1। আহৰণ কৰা হৈছে: 29 September 2020. 
  4. অসমীয়া লোক-গীত সংগ্ৰহ, যোগেশচন্দ্ৰ তামোলী, অসম সাহিত্য সভা, ১৯৬০