মহাকাব্য
মহাকাব্য, যাক সৰ্গবন্ধ বুলিও কোৱা হয়, ধ্ৰুপদী সংস্কৃতৰ ভাৰতীয় মহাকাব্যৰ এটা ধাৰা। এই ধাৰাটোৰ বৈশিষ্ট্য হৈছে দৃশ্যপট, প্ৰেম, যুদ্ধ ইত্যাদিৰ অলংকৃত আৰু বিশদ বৰ্ণনা।
ক্লাছিকেল উদাহৰণ সম্পাদনা কৰক
বৌদ্ধ কবি আৰু দাৰ্শনিক অশ্বঘোষ (প্ৰায় ৮০ – প্ৰায় ১৫০ খ্ৰীষ্টাব্দ) কাব্য সাহিত্য বৰ্তমানো বৰ্তি থকা আদিম সংস্কৃত কবিসকলৰ ভিতৰত অন্যতম। তেওঁৰ বুদ্ধচৰিত গ্ৰন্থখন এখন মহাকাব্য। এইখন গ্ৰন্থ যথেষ্ট প্ৰভাৱশালী আছিল আৰু ইয়াক তিব্বতী আৰু চীনা উভয় ভাষালৈ অনুবাদ কৰা হৈছিল।[1] অশ্বঘোষৰ আন এক কাব্য হৈছে সৌন্দৰানন্দ।[2][3]
পৰম্পৰাগত ভাৱে পাঁচখন ৰচনাক আৰ্হি মহাকাব্য হিচাপে চিনাক্ত কৰা হৈছে:
- কুমাৰসম্ভৱ
৫ম শতিকাত কালিদাসে ৰচনা কৰা কুমাৰসম্ভৱত শিৱ আৰু পাৰ্বতীৰ বিয়া আৰু কুমাৰৰ জন্মৰ কথা বৰ্ণনা কৰা হৈছে। মহাকাব্য খনত মুঠতে ১৭টা সৰ্গ আছে।
- ৰঘুবংশ
ৰঘু বংশ হৈছে কালিদাসৰ দ্বাৰা ৰচিত মহাকাব্য। ইয়াত ১৯টা সৰ্গ আৰু প্ৰায় ১৫৬৪টা পদ সন্নিবিষ্ট হৈছে।
- কিৰাতৰ্জুনিয়
ষষ্ঠ শতিকাৰ ভৰৱিৰ ৰচনা এই মহাকাব্যত এজন কিৰাত (শিৱ)ৰ সৈতে অৰ্জুনৰ মুখামুখি হোৱাৰ কাহিনী বৰ্ণিত হৈছে। এই মহাকাব্যখন ১৮টা সৰ্গত বিভক্ত।
- নৈশধ-চৰিত
১১৭৪ খ্ৰীষ্টাব্দত শ্ৰীহৰ্ষৰ দ্বাৰা ৰচিত নৈশধ-চৰিত মহাকাব্যখন ৰজা নল আৰু ৰাণী দময়ন্তীৰ জীৱনৰ ওপৰত ৰচিত, কাব্যখন ২২টা সৰ্গ বিশিষ্ট।
- শিশুপাল-বধ
৭ম শতিকাত মাঘৰ দ্বাৰা ৰচিত শিশুপাল-বধ মহাকাব্যৰ মুখ্য বিষয় হৈছে কৃষ্ণৰ দ্বাৰা শিশুপালৰ বধ। ইয়াত ২২টা সৰ্গ আৰু প্ৰায় ১৮০০টা পদ আছে।
এই তালিকাত কেতিয়াবা ষষ্ঠসংখ্যক মহাকাব্যখনৰো নাম সংযোগ কৰা হয়।
৭ম শতিকাত ভট্টিৰ ৰচিত ভট্টিকাব্যই ৰামায়ণৰ পৰিঘটনা বৰ্ণনা কৰিছে আৰু একেসময়তে সংস্কৃত ব্যাকৰণৰ নীতিসমূহ চিত্ৰিত কৰিছে। ইয়াত ২২টা সৰ্গ আছে।
বৈশিষ্ট্যসমূহ সম্পাদনা কৰক
মহাকাব্য ধাৰাত কথনতকৈ বৰ্ণনাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। মহাকাব্যৰ পৰম্পৰাগত বৈশিষ্ট্যসমূহ তলত দিয়াৰদৰে তালিকাভুক্ত কৰা হৈছে:[4][5]
ইয়াৰ বিষয়বস্তু ঐতিহাসিক ল’ব লাগিব আৰু মানুহৰ (পুৰুষাৰ্থ) চাৰিটা লক্ষ্যক আগুৱাই নিয়াত সহায় কৰিব লাগিব, ৰাম আৰু কৰ্ণক বাল্মিকী আৰু ব্যাস আদি কেইবাজনো লেখকে পুৰুষাৰ্থৰ শ্ৰেষ্ঠ পুৰুষ বুলি কৈছিল। চাণক্যই এই দুই পুৰুষক সকলো মানুহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি দাবী কৰে যি নিস্বাৰ্থ আৰু নিজৰ ব্ৰত পালন কৰে।
ইয়াত নগৰ, সাগৰ, পাহাৰ, চন্দ্ৰ-সূৰ্য্য উদয়-অস্তৰ বৰ্ণনা থাকিব লাগিব, "বাগিচাত কৰা আনন্দ বিহাৰ, জলকেলি, মদ্যপান কৰা, প্ৰেমৰ সম্পৰ্কৰ লগতে ইয়াত ৰজাৰ পৰিষদ, দূতাবাস, সেনাবাহিনীৰ আগমন, যুদ্ধ আৰু নায়কৰ বিজয়ৰ বৰ্ণনা কৰা উচিত।" [6]
কাব্যসমূহ ছন্দোবদ্ধ হোৱাৰ লগতে ই বিভিন্ন সংখ্যক চুটি চুটি কবিতা বা সৰ্গৰে গঠিত, যিয়ে এটা ধ্ৰুপদী কাহিনীৰ বৰ্ণনা দিয়ে। প্ৰতিটো কবিতাত বিষয়বস্তুৰ লগত খাপ খোৱাকৈ পৰিৱেশ ৰচনা কৰা হ'ব লাগিব, যেনে ঋতুৰ বৰ্ণনা, পাহাৰৰ দৰে প্ৰকৃতিৰ ভৌগোলিক ৰূপ, নগৰ আদি।[7]
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ E.B. Cowell, trans. The Buddha Carita or the Life of the Buddha, Oxford, Clarendon 1894, reprint: New Delhi, 1977, p. X (introduction).
- ↑ Yoshichika Honda. 'Indian Buddhism and the kāvya literature: Asvaghosa's Saundaranandakavya.' Hiroshima Daigaku Daigakuin Bungaku Kenkyuuka ronshuu, vol. 64, pp. 17–26, 2004. [1] (Japanese)
- ↑ Johnston, E. H. (1928). Saundarananda. প্ৰকাশক Lahore: University of Panjab. https://archive.org/download/TFIC_ASI_Books/SaundaranandaOfAsvaghosa.pdf.
- ↑ Daṇḍin's Kāvyādarśa (The Mirror of Poetry) 1.15–19:|quote= itihāsa-kath’’-ôdbhūtam, itarad vā sad-āśrayam, | catur-varga-phal’-āyattaṃ, catur-udātta-nāyakam,
nagar’-ârṇava-śaila’-rtu, | udyāna-salila-kṛīḍā-madhu-pāna-rat’-ôtsavaiḥ,
vipralambhair vivāhaiś ca, kumār’-ôdaya-varṇanaiḥ, | mantra-dūta-prayāṇ’-āji-nāyak’-âbhyudayair api;
alaṃ-kṛtam, a-saṃkṣiptaṃ, rasa-bhāva-nirantaram, | sargair an-ativistīrṇaiḥ, śravya-vṛttaiḥ su-saṃdhibhiḥ,
sarvatra bhinna-vṛttāntair upetaṃ, loka-rañjanam | kāvyaṃ kalp’-ântara-sthāyi jāyate sad-alaṃkṛti - ↑ Belvalkar's translation of Daṇḍin's Kāvyādarśa 1.15–19 (S. K. Belvalkar. 1924. Kāvyādarśa of Daṇḍin. Sanskrit Text and English Translation. Poona: The Oriental Book-supplying Agency)|quote=It springs from a historical incident or is otherwise based on some fact; it turns upon the fruition of the fourfold ends and its hero is clever and noble; By descriptions of cities, oceans, mountains, seasons and risings of the moon or the sun; through sportings in garden or water, and festivities of drinking and love; Through sentiments-of-love-in-separation and through marriages, by descriptions of the birth-and-rise of princes, and likewise through state-counsel, embassy, advance, battle, and the hero’s triumph; Embellished; not too condensed, and pervaded all through with poetic sentiments and emotions; with cantos none too lengthy and having agreeable metres and well-formed joints, And in each case furnished with an ending in a different metre—such a poem possessing good figures-of-speech wins the people’s heart and endures longer than even a kalpa.
- ↑ Daniel Ingalls, Sanskrit Poetry and Sanskrit Poetics, Introduction to An Anthology of Sanskrit Court Poetry: Vidyākara's Subhāṣitaratnakoṣa. Harvard University Press. 1945. পৃষ্ঠা. 33–35. ISBN 978-0-674-78865-7. https://books.google.com/books?id=AjEdCVZ5uoQC&pg=PA34.
- ↑ "mahakavya". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/357881/mahakavya। আহৰণ কৰা হৈছে: 2010-12-16.