মহা মৃত্যুঞ্জয় মন্দিৰ

বিশ্বৰ সৰ্ববৃহৎ শিৱলিঙ্গ

মহা মৃত্যুঞ্জয় মন্দিৰ (ইংৰাজী: Maha Mrityunjay Temple) অসমনগাঁও জিলাপুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ।[1] ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে।[2][3] ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।[4]

মহা মৃত্যুঞ্জয় মন্দিৰ

নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰ
মহা মৃত্যুঞ্জয় মন্দিৰ is located in Assam
মহা মৃত্যুঞ্জয় মন্দিৰ
অসমৰ মানচিত্ৰত মহা মৃত্যুঞ্জয় মন্দিৰৰ অৱস্থান
ভূ-স্থানাংক 26°20′35″N 92°46′34″E / 26.34305°N 92.77606°E / 26.34305; 92.77606
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা নগাঁও জিলা
এলেকা পুৰণিগুদাম
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ মহা মৃত্যঞ্জয় যজ্ঞ, শিৱৰাত্ৰি
স্থাপত্য শৈলী শিৱ লিংগ
মন্দিৰৰ সংখ্যা
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
ফেব্ৰুৱাৰী ২০২১

ইতিহাস সম্পাদনা কৰক

মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩ চনত আৰম্ভ হৈছিল কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত, চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে মন্দিৰটো অতি গুৰুত্বপূৰ্ণ।[5][6]

উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ সম্পাদনা কৰক

মন্দিৰটোৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। ২০২১ চনৰ ২২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ২৫ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হোৱা এই মহোৎসৱত[7] বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহা মৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল।[8][9] যজ্ঞৰ বাবে ১০৮ যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় ২৫০জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল।[10] প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হয়।[11]

অৱস্থান সম্পাদনা কৰক

মহা মৃত্যুঞ্জয় মন্দিৰ নগাঁও জিলাৰ পুৰণিগুদামৰ কালাজুগিত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত। গুৱাহাটীৰ পৰা প্ৰায় ই প্ৰায় ১২০ কিলোমিটাৰ দূৰত অৱস্থিত।[12]

ভূমিকম্পৰ প্ৰভাৱ সম্পাদনা কৰক

২০২১ চনৰ ২৮ এপ্ৰিলত অসম আৰু উত্তৰ-পূব অঞ্চলত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পৰিমাপ ৰিখটাৰ স্কেলত ৬.৭ আছিল আৰু ইয়াৰ ফলত মন্দিৰৰ ওপৰৰ অংশত সামান্য ফাঁট মেলিছিল। অৱশ্যে কোনো গাঁথনিগত ক্ষতি হোৱা নাছিল।[13][14][15]

চিত্ৰভঁৰাল সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

  1. "Amit Shah talks of making Assam, northeast biggest contributor to India's GDP". Deccan Herald. Feb 25, 2021. https://www.deccanherald.com/national/national-politics/amit-shah-talks-of-making-assam-northeast-biggest-contributor-to-indias-gdp-955150.html। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  2. "Amit Shah ने असम के महामृत्युंजय मंदिर में की पूजा, देखें 126 फीट ऊंचे शिवलिंग की PHOTOS". Zee News. Feb 25, 2021. https://zeenews.india.com/hindi/india/photo-gallery-assam-union-home-minister-amit-shah-worshiped-at-the-mahamrityunjaya-mandir-in-nagaon-see-photos/855333। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  3. "महामृत्युंजय मंदिर: यहां बना दुनिया का सबसे ऊंचा शिवलिंग, अब बरसेगी शिव की कृपा". Newstrack. Feb 25, 2021. https://newstrack.com/india/maha-mrityunjay-temple-in-nagaon-assam-see-photos-home-minister-amit-shah-worshiped-786847.html। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  4. "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ". News18 Assam. Jan 31, 2021. https://assam.news18.com/news/assam/pm-narendra-modi-will-inaugurate-mahamrityunjay-mandir-in-nagaon-tv-hemanta-skd-96821.html। আহৰণ কৰা হৈছে: 31 Jan 2021. 
  5. "Amit Shah Visited the Maha Mrityunjay Temple in Nagaon, Assam". The Sentinel. Feb 25, 2021. https://www.sentinelassam.com/national-news/amit-shah-visited-the-maha-mriyunjay-temple-in-nagaon-assam-526076। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  6. "MAHA MRITYUNJAY TEMPLE, NAGAON: THINGS TO KNOW". News Live. Feb 25, 2021. https://newslivetv.com/maha-mrityunjay-temple-nagaon-things-to-know/। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  7. "Assam: Amit Shah visits Maha Mrityunjay Temple for ‘Pran Pratishtha Mahotsav’". Northeast Live. Feb 25, 2021. https://northeastlivetv.com/2021/02/25/assam-amit-shah-visits-maha-mrityunjay-temple-for-pran-pratishtha-mahotsav/। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  8. "Assam: Amit Shah takes part in 'Pran Pratishtha Mahotsav' at Maha Mrityunjay Temple". Times Of India. Feb 25, 2021. https://timesofindia.indiatimes.com/videos/news/assam-amit-shah-takes-part-in-pran-pratishtha-mahotsav-at-maha-mrityunjay-temple/videoshow/81214125.cms। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  9. "Amit Shah takes part in 'Pran Pratishtha Mahotsav' at Maha Mrityunjay Temple". ANI News. Feb 25, 2021. https://www.aninews.in/videos/national/amit-shah-takes-part-pran-pratishtha-mahotsav-maha-mrityunjay-temple/। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  10. "MAHA MRITYUNJAY TEMPLE, NAGAON: THINGS TO KNOW". News Live. Feb 25, 2021. https://newslivetv.com/maha-mrityunjay-temple-nagaon-things-to-know/। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  11. "Assam's Maha Mrityunjay Temple:Things to know about the World's Largest Shivling". Guwahati Times. Feb 25, 2021. https://guwahatitimes.com/assams-maha-mrityunjay-temple-things-to-know-about-the-worlds-largest-shivling/। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  12. "Only BJP-led coalition can ensure illegal immigrant-free Assam: Amit Shah". Hindustan Times. Feb 25, 2021. https://www.hindustantimes.com/elections/assam-assembly-election/only-bjp-led-coalition-can-ensure-illegal-immigrant-free-assam-amit-shah-101614246412656.html। আহৰণ কৰা হৈছে: 25 Feb 2021. 
  13. "Assam earthquake: The strong quake leaves Nagaon’s Maha Mrityunjay Temple damaged". Insidene. Apr 28, 2021. https://www.insidene.com/assam-earthquake-the-strong-quake-leaves-nagaons-maha-mrityunjay-temple-damaged/amp/। আহৰণ কৰা হৈছে: 28 Apr 2021. 
  14. "Assam: Maha Mrityunjay Temple in Nagaon damaged in earthquake". Northeast Now. Apr 28, 2021. https://nenow.in/north-east-news/assam/assam-maha-mrityunjay-temple-in-nagaon-damaged-in-earthquake.html। আহৰণ কৰা হৈছে: 28 Apr 2021. 
  15. "Assam: Maha Mrityunjay Temple Damaged after Earthquake". G Plus News. Apr 28, 2021. https://www.guwahatiplus.com/assam/assam-maha-mrityunjay-temple-damaged-after-earthquake। আহৰণ কৰা হৈছে: 28 Apr 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

ফেইচবুকত মহা মৃত্যুঞ্জয় মন্দিৰ