মহুৱা মৈত্ৰা
মহুৱা মৈত্ৰা (জন্ম: ৫ মে' ১৯৭৫) এগৰাকী ভাৰতীয় ইনভেষ্টমেণ্ট বেংকাৰ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ বৰ্তমান পশ্চিম বংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা ১৭তম লোকসভাৰ সাংসদ।[1] ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৬ চনৰ পৰা ২০১৯ চনলৈ কৰিমপুৰ বিধানসভা সমষ্টিৰ পৰা পশ্চিমবংগ বিধানসভাৰ বিধায়ক আছিল।[2] তেওঁ কেইবাবছৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ৰাষ্ট্ৰীয় প্ৰবক্তা আছিল। ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অহাৰ আগতে তেওঁ এগৰাকী ইনভেষ্টমেণ্ট বেংকাৰ আছিল।[3]
মহুৱা মৈত্ৰা | |
---|---|
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৩ মে' ২০১৯ | |
পূৰ্বসূৰী | তপস পাল |
সমষ্টি | কৃষ্ণনগৰ লোকসভা সমষ্টি |
পশ্চিম বংগ বিধানসভাৰ সদস্য | |
কাৰ্যকাল ২০১৬ – ২৩ মে' ২০১৯ | |
পূৰ্বসূৰী | সুৰেন্দ্ৰনাথ ঘোষ |
উত্তৰসূৰী | বিমলেন্দু সিনহা ৰায় |
সমষ্টি | কৰিমপুৰ বিধানসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ০৫ মে', ১৯৭৫ (৪৮ বছৰ) কলকাতা, পশ্চিম বংগ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ |
শিক্ষানুষ্ঠান | মাউণ্ট হলয়কে কলেজ (বিএ) |
জীৱিকা | ইনভেষ্টমেণ্ট বেংকাৰ ৰাজনৈতিক নেত্ৰী |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
১৯৭৫ চনৰ ৫ মে' তাৰিখে পশ্চিম বংগৰ ৰাজধানী কলকাতাত মহুৱা মৈত্ৰাৰ জন্ম হৈছিল। কলকাতাত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। তাত তেওঁ মেচেচুছেটছৰ চাউথ হেডলীৰ মাউণ্ট হলয়কে কলেজৰ পৰা অৰ্থনীতি বিজ্ঞান আৰু গণিত শাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[4]
কৰ্মজীৱনসম্পাদনা কৰক
মহুৱা মৈত্ৰাই নিউয়ৰ্ক মহানগৰ আৰু লণ্ডনত জেপি মৰ্গেন কেচৰ ইনভেষ্টমেণ্ট বেংকাৰ হিচাপে কাম কৰিছিল। তেওঁ জেপি মৰ্গেনৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। ২০০৯ চনত তেওঁ লণ্ডনত উপাধ্যক্ষ পদত থাকোতে চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতলৈ ঘূৰি আহে। ভাৰতলৈ আহি তেওঁ ভাৰতীয় ৰাজনীতি জগতত প্ৰৱেশ কৰে।[5] তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱমৰ্চা ভাৰতীয় যুৱ কংগ্ৰেছত যোগদান কৰে। ইয়াত তেওঁ আম আদমী কা চিপাহী নামৰ প্ৰকল্পত কাম কৰি থাকোঁতে ৰাহুল গান্ধীৰ বিশ্বাসভাজনত পৰিগণিত হয়।[6] ২০১০ চনত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে।[5] তেওঁ ২০১৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত নাদিয়া জিলাৰ কৰিমপুৰ বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়।[7][8] ২০১৯ চনৰ ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্মাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা ১৭তম লোকসভালৈ নিৰ্বাচিত হৈছিল।
ব্যক্তিগত জীৱনসম্পাদনা কৰক
মহুৱা মৈত্ৰা বঙালী ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।[9] কলকাতাত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰোঁতে বহু সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল। তেওঁলোকৰ চুবুৰীয়া পাৰ্চী সম্প্ৰদায়ৰ আছিল আৰু তেওঁলোকে একেলগে পাৰ্চী নৱবৰ্ষ নাৱৰোজ উদযাপন কৰিছিল।[10] ডেনিছ ফাইনেন্সিয়াৰ লাৰ্চ ব্ৰৰ্শন তেওঁৰ প্ৰাক্তন স্বামী। তেওঁলোক কিছুসময় ডেনমাৰ্কত বসবাস কৰিছিল। সেইসময়ত তেওঁ ডেনিছ জনস্বাস্থ্য ব্যৱস্থাৰ পৰা অনুপ্ৰাণিত হৈছিল।[11]
তথ্য উৎসসম্পাদনা কৰক
- ↑ "Who is Mahua Moitra?" (en-IN ভাষাত). The Indian Express. 27 June 2019. https://indianexpress.com/article/who-is/who-is-mahua-moitra-5803133/। আহৰণ কৰা হৈছে: 28 June 2019.
- ↑ "West Bengal 2016 Mahua Moitra (Winner) Karimpur". MyNeta. http://www.myneta.info/westbengal2016/candidate.php?candidate_id=967। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "Ex-investment banker Mahua Moitra has assets of over Rs 2.5 cr". India Today. http://indiatoday.intoday.in/story/ex-investment-banker-mahua-moitra-has-assets-of-over-rs-2.5-cr/1/632716.html। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "#RightSideUp: 'Shri Ram, the Secret of BJP's Energy'; Mahua Moitra, 'the Outsider'". The Wire. https://thewire.in/media/rightsideup-shri-ram-bjp-mahua-moitra। আহৰণ কৰা হৈছে: 11 July 2019.
- ↑ 5.0 5.1 Bhattacharya, Ravik (11 May 2010). "Key Youth Cong face in Bengal flirts with Trinamool". Indian Express Archives. http://archive.indianexpress.com/news/key-youth-cong-face-in-bengal-flirts-with-trinamool/617255/। আহৰণ কৰা হৈছে: 19 July 2017.
- ↑ De, Shobhaa (29 June 2019). "India is 'drunk' on Mahua: A political star is born". The Asian Age. https://www.asianage.com/opinion/oped/290619/india-is-drunk-on-mahua-a-political-star-is-born.html.
- ↑ "Winner and Runner up Candidate in Karimpur assembly constituency". Elections.in. http://www.elections.in/west-bengal/assembly-constituencies/karimpur.html। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ "Mahua Moitra Karimpur". Ndtv. http://www.ndtv.com/elections/west-bengal/karimpur-mla-results। আহৰণ কৰা হৈছে: 5 June 2016.
- ↑ bureau, the citizen. "Mahua Moitra, Revisited". The Citizen. https://www.thecitizen.in/index.php/en/NewsDetail/index/4/17315/Mahua-Moitra-Revisited.
- ↑ NewsX (4 July 2019), TMC MP Mahua Moitra exclusive interview on sensational maiden speech in Lok Sabha | NewsX, https://www.youtube.com/watch?v=DCyGHPgNlJQ&t=7m29s, r কৰা হৈছে: 6 July 2019
- ↑ NewsX (4 July 2019), TMC MP Mahua Moitra exclusive interview on sensational maiden speech in Lok Sabha | NewsX, https://www.youtube.com/watch?v=DCyGHPgNlJQ&t=17m33s, r কৰা হৈছে: 6 July 2019