মহেঞ্জো-দাৰো বা মহেঞ্জোদাৰো (/mˌhɛn ˈdɑːr/; উৰ্দু: موئن جو دڑو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এক পুৰাতাত্বিক ক্ষেত্ৰ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে মৃত লোকৰ টিলা।[1][2] ২৫০০ খ্ৰীষ্টপূৰ্বত স্থাপিত এই ঠাইখণ্ড সিন্ধু সভ্যতাৰ এক বৃহত্তম ক্ষেত্ৰ আৰু প্ৰাচীন ইজিপ্ট, মেচ'পটেমিয়া আদি সভ্যতাৰ সমসাময়িক বিশ্বৰ প্ৰধানতম প্ৰাচীন নগৰসমূহৰ অন্যতম। সিন্ধু সভ্যতাৰ পতনৰ পিছত ১৯শ খ্ৰীষ্টপূৰ্বত এই ঠাইখণ্ড পৰিত্যক্ত হৈ পৰে আৰু ১৯২০ চনলৈকে অনাৱিষ্কৃত হৈ পৰি থাকে। পৰৱৰ্তী কালত এই ঠাইত উল্লেখনীয়ভাৱে খননকাৰ্য চলোৱা হয় আৰু ১৯৮০ চনত ইয়াক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।[3] এই স্থান বৰ্তমান ভূমিস্খলন আৰু অনুপযুক্ত মেৰামতিৰ কাৰণে সংকটাপন্ন অৱস্থাত আছে।[4]

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
মহেঞ্জোদাৰো
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
দেশ পাকিস্তান
ধৰণ সাংস্কৃতিক
মাপকাঠি ii, iii
উদ্ধৃতি ১৩৮
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮০ (৪ৰ্থ অধিবেশন)

ইতিহাস সম্পাদনা কৰক

নগৰখনৰ প্ৰকৃত নাম জানিব পৰা হোৱা নাই। মহেঞ্জোদাৰোৰ ইৰাৱথাম মহাদেৱন ছীল-মোহৰটোত চলোৱা বিশ্লেষণৰ ওপৰত ভিত্তি কৰি নগৰখনৰ নাম কুক্কুটৰ্ম ("কুকুৰাৰ [কুক্কুট] নগৰ [ৰ্ম]") হ'ব পাৰে বুলি ধাৰণা কৰা হৈছ।[5] খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ সলনি ধৰ্মীয় কাৰণত কুকুৰা পালন কৰাৰ লগতে কুকুৰা যুঁজে নগৰখনৰ বাবে ধৰ্মীয় আৰু পৰম্পৰাগত বৈশিষ্ট্য বহন কৰিছিল বুলি অনুমান কৰা হয়। পৰৱৰ্তী কালছোৱাত বিশ্বজুৰি প্ৰসাৰ লাভ কৰা কুকুৰাৰ ঘৰচীয়াকৰণৰ উদ্ভৱো মহেঞ্জোদাৰোৰ পৰা হ'ব পাৰে বুলি ঠাৱৰ কৰা হৈছে।[6]

সিন্ধ্ৰি ভাষাত এই ঠাইখণ্ডৰ বৰ্তমানৰ নাম মহেঞ্জোদাৰোৰ অৰ্থ হৈছে মৃত লোকৰ টিলা বা মোহন অৰ্থাৎ শ্ৰীকৃষ্ণৰ টিলা।[2][7]

অৱস্থিতি সম্পাদনা কৰক

 
মহেঞ্জোদাৰোৰ নৃত্যৰতা যুৱতী

মহেঞ্জোদাৰো সিন্ধু নদীৰ পশ্চিমে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ লাৰকানা জিলাত অৱস্থিত।[8][9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Mohenjo-Daro (archaeological site, Pakistan) on Encyclopedia Britannica website Retrieved 25 November 2019
  2. 2.0 2.1 Gregory L. Possehl (11 November 2002). The Indus Civilization: A Contemporary Perspective. Rowman Altamira. পৃষ্ঠা. 80. ISBN 978-0-7591-1642-9. 
  3. "Mohenjo-Daro: An Ancient Indus Valley Metropolis". http://www.mohenjodaro.net/mohenjodaroessay.html. 
  4. "Mohenjo Daro: Could this ancient city be lost forever?". BBC. 27 June 2012. Retrieved 27 October 2012.
  5. "Address’ Signs of the Indus Script". The Hindu. http://www.ibiblio.org/tamil/history/IVC/Akam-and-Puram.pdf। আহৰণ কৰা হৈছে: 20 May 2020. 
  6. Poultry Breeding and Genetics[সংযোগবিহীন উৎস]. R. D. Crawford (1990). Elsevier Health Sciences. pp. 10–11, 44.
  7. "Mohenjo-daro An Ancient Indus Valley Metropolis". www.harappa.com. https://www.harappa.com/mohenjo-daro/mohenjodaroessay.html. 
  8. Roach, John. "Lost City of Mohenjo Daro". National Geographic (magazine). Archived from the original on 27 February 2017. https://web.archive.org/web/20170227084411/http://science.nationalgeographic.com/science/archaeology/mohenjo-daro/। আহৰণ কৰা হৈছে: 8 April 2012. 
  9. "Sarasvati: Tracing the death of a river". DNA Pakistan. 12 June 2010. http://www.dnaindia.com/india/interview_sarasvati-tracing-the-death-of-a-river_1395200। আহৰণ কৰা হৈছে: 9 June 2012. 

সহায়ক গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • Chaudhury, N. C. Mohenjo-Daro and the Civilization of Ancient India with References to Agriculture. Calcutta: W. Newman & Co, 1937.
  • Mackay, E. J. H., ed. (1937). Further Excavations At Mohenjo-daro: Being an official account of Archaeological Excavations at Mohenjo-Daro carried out by the Government of India between the years 1927 and 1931.
  • Marshall, John Hubert, ed. (1931). Mohenjo-Daro and the Indus Civilization: Being an official account of Archaeological Excavations at Mohenjo-Daro carried out by the Government of India between the years 1922 and 1927. Arthur Probsthain
  • McIntosh, Jane (2008). The Ancient Indus Valley: New Perspectives. ABC-CLIO, 2008. আই.এচ.বি.এন. 978-1-57607-907-2

বাহ্যিক সংযোগ সম্পাদনা কৰক

  মহেঞ্জোদাৰো ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা