মানুহ হোৱাৰ গৌৰৱ

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

মানুহ হোৱাৰ গৌৰৱ (ইংৰাজী: Manuh Huaar Gourab) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়।[1]

মানুহ হোৱাৰ গৌৰৱ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী মুকুল বৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক, দুঃসাহসিক অভিযান
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী, ১৯৯৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৫৬
আই.এচ.বি.এন. 81-85905-65-7

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত ১১ টা প্ৰবন্ধত লিখা হৈছে । প্ৰবন্ধকেইটা হ'ল, 'অভিযান','দক্ষিণ মেৰু মহাদেশ','অকলশৰীয়া এণ্টাৰ্কটিকা', 'বাটকটীয়াসকল', 'ৰবাৰ্ট ফেলকন স্কট', 'দক্ষিণ মেৰু অভিযানৰ পৰিকল্পনা','স্কটৰ প্ৰথম এণ্টাৰ্কটিকা অভিযান','দক্ষিণ মেৰু অভিযান', 'প্ৰতিযিগিতা আৰম্ভ হ'ল', 'বগা বৰফৰ মাজত ক'লা পতাকাখন' আৰু 'ব্যৰ্থ হৈয়ো বিজয়ী'। [1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (আগষ্ট,২০১৫). মানুহ হোৱাৰ গৌৰৱ. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক