মূৰৰ বিষ (ইংৰাজী: headache; বা cephalalgia) হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হ'ব পাৰে।[1]

মূৰৰ বিষ

মূৰৰ বিষত আক্ৰান্ত এগৰাকী মহিলা।
ICD-10 G43-G44, R51
ICD-9 339, 784.0
DiseasesDB 19825
MedlinePlus 003024
eMedicine neuro/517 neuro/70
MeSH D006261

কাৰণ সম্পাদনা কৰক

প্ৰাৰম্ভিক পৰা গুৰুতৰ যিকোনো ধৰণৰ অসংখ্য কাৰকৰ বাবে মূৰৰ বিষ হ'ব পাৰে। মগজুৰ কলাত বেদনা সংগ্ৰাহী কোষ নাথাকে বাবে ই নিজে বিষৰ প্ৰতি সংবেদনশীল নহয়। গতিকে মগজুৰ চাৰিওকাষে থকা বেদনা সংবেদী গঠন ব্যতিব্যস্ত হোৱাৰ বাবেহে বিষৰ অনুভৱ হয়। মূৰ আৰু ডিঙিত এনে নটা বেদনা সংবেদী গঠন আছে, সেইকেইটা হৈছে ক্ৰেণিয়াম (লাওখোলাৰ পেৰিঅ'ষ্টিয়াম), মাংসপেশী, স্নায়ু, সিৰা আৰু ধমনী, ছাবকিউটেনিয়াছ টিছু, চকু, কাণ, ছাইনাছ আৰু মিউক'আছ আৱৰণ। মূৰৰ বিষৰ বিভিন্ন শ্ৰেণীবিভাজন পদ্ধতি আছে। ইয়াৰ ভিতৰত আটাইতকে বহুল প্ৰচলিত জনপ্ৰিয় পদ্ধতি হৈছে International Headache Society। মূৰৰ বিষ এটা অবৈজ্ঞানিক লক্ষণ, অৰ্থাৎ অনিদ্ৰা, দূঃচিন্তা, চিকিৎসা আৰু দৰৱৰ প্ৰভাৱ, ভাইৰাছৰ সংক্ৰমণ আৰু সাধাৰণ পানীলগা, মূৰৰ আঘাত, সঘনাই অতি ঠাণ্ডা খাদ্য বা পানীয় গ্ৰহণ কৰা, দাঁত বা ছাইনাছৰ সমস্যা, আৰু অন্যান্য বহুতো কাৰককে ধৰি ইয়াৰ অসংখ্য সম্ভাৱনীয় কাৰক আছে।

প্ৰতিৰোধ আৰু চিকিৎসা সম্পাদনা কৰক

কাৰকৰ ওপৰত নিৰ্ভৰ কৰি মূৰৰ বিষৰ চিকিৎসা কৰা হয়, কিন্তু সাধাৰণতে প্ৰায়েই বেদনানাশক ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক