মেঘালয়ৰ জিলাসমূহ

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ভাৰতৰ ৰাজ্য মেঘালয়ক ১১ খন জিলাত বিভক্ত কৰা হৈছে।

মেঘালয়ৰ জিলাসমূহ

শাসন প্ৰণালী সম্পাদনা কৰক

মেঘালয় ৰাজ্যক তিনিখন স্বায়ত্ব শাসিত অঞ্চলত ভাগ কৰা হৈছে: খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল, গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল আৰু জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চল। খাছী পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ৪ খন জিলা (পূব খাছী, পশ্চিম খাছী, দক্ষিণ পশ্চিম খাছী, ৰি-ভৈ), গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ৫ খন জিলা (পূব গাৰো, পশ্চিম গাৰো, উত্তৰ গাৰো, দক্ষিণ গাৰো, দক্ষিণ পশ্চিম গাৰো) আৰু জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত অঞ্চলৰ অধিনত ২ খন জিলা (পূব জয়ন্তীয়া, পশ্চিম জয়ন্তীয়া) আছে।

প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিচ সম্বন্ধীয় শাখা পুলিচ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।

জিলাসমূহ সম্পাদনা কৰক

ক'ড[1] জিলা সদৰ জনসংখ্যা (২০১১)[2] মাটিকালি (বৰ্গ কিঃমিঃ) জনঘনত্ব (প্ৰতি বৰ্গ কিঃমিঃ)[2] ৱেবছাইট
EG পূব গাৰো পাৰ্বত্য জিলা ৱিলিয়ামনগৰ ৩,১৭,৬১৮ ২,৬০৩ ১২১ eastgarohills.gov.in
EK পূব খাছী পাৰ্বত্য জিলা শ্বিলং ৮,২৪,০৫৯ ২,৭৫২ ২৯২ eastkhasihills.gov.in
- পূব জয়ন্তীয়া পাৰ্বত্য জিলা খিলেৰিহাট ১,২২,৪৩৬ ২,১১৫ ৫৮ eastjaintiahills.gov.in
- উত্তৰ গাৰো পাৰ্বত্য জিলা ৰেচুবেলপাৰা ১,১৮,৩২৫ ১,১১৩ ১০৬ northgarohills.gov.in
RB ৰি-ভৈ জিলা নংপ'হ ২,৫৮,৩৮০ ২,৩৭৮ ১০৯ ribhoi.gov.in
SG দক্ষিণ গাৰো পাৰ্বত্য জিলা বাঘমৰা ১,৪২,৫৭৪ ১,৮৫০ ৭৭ southgarohills.gov.in
- দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা আমপটি জৰিপ কৰা হোৱা নাই - - southwestgarohills.gov.in
- দক্ষিণ পশ্চিম খাছী পাৰ্বত্য জিলা মাৱকিৰৱাট ১,১০,১৫২ ১,৩৪১ ৮২ southwestkhasihills.gov.in
WG পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা জ'ৱাই ২,৭০,৩৫২ ১,৬৯৩ ১৬০ westjaintiahills.gov.in
WG পশ্চিম গাৰো পাৰ্বত্য জিলা তুৰা ৬,৪২,৯২৩ ৩,৭১৪ ১৭৩ westgarohills.gov.in
WK পশ্চিম খাছী পাৰ্বত্য জিলা নংষ্ট'ইন ৩,৮৫,৬০১ ৫,২৪৭ ৭৩ westkhasihills.gov.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2" (PDF). Ministry Of Communications and Information Technology, Government of India. 18 August 2004. পৃষ্ঠাসমূহ: 5–10. Archived from the original on 11 September 2008. https://web.archive.org/web/20080911133331/https://www.mail.nic.in/docs/MailService_e-mail_address_Policy_WithCodes.pdf। আহৰণ কৰা হৈছে: 24 November 2008. 
  2. 2.0 2.1 "Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census". 2011 census of India. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 27 December 2012.