স্বাধীনতা-উত্তৰ কালত আত্মপ্ৰকাশ কৰা যিসকল কবিয়ে গভীৰ মানৱীয় সংবেদনশীলতাৰে বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগৰ দ্বাৰা অসমীয়া আধুনিক কবিতাৰ নিৰ্মাণ শৈলীত এক প্ৰকাৰৰ নতুনত্বৰ সূচনা কৰিবলৈ সক্ষম হৈছিল সেইসকলৰ ভিতৰত অন্যতম হৈছে কবি মেঘালী ফুকন। মেঘালী ফুকনৰ কবিতাত মানুহ আৰু নৈসৰ্গই মূল প্ৰতিপাদ্য বিষয় ৰূপে সততে ধৰা দিয়া পৰিলক্ষিত হয়। মানুহৰ চিৰন্তন দুখ-যন্ত্ৰণা, ক্ৰমশ: বৃদ্ধি পাই অহা আধুনিক সভ্যতাৰ জটিলতা, মূল্যবোধৰ অৱক্ষয় আদিৰ দৰে বিষয়বস্তসমূহক কবিয়ে ৮০ৰ দশকৰ পৰাই অত্যন্ত সংবেদনশীলতাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে। মেঘালী ফুকনৰ প্ৰথমখন কবিতাপুথি আছিল কবি ৰাজু বৰুৱাৰে সৈতে যুটীয়াভাৱে প্ৰকাশ কৰা 'শ্বহীদ, সুহৃদ আৰু উদিত সূৰ্য'। অসম আন্দোলনৰ ভৰ সময়ত ৰচিত এই সংকলনৰ কবিতাসমূহৰ লগতে সমসাময়িক বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত অন্যান্য কবিতাসমূহলৈ লক্ষ্য কৰিলে দেখা যায়-মেঘালী ফুকনৰ কবিতাত আৰম্ভণিৰ কালৰ পৰাই সংপৃক্ত হৈ আছিল গভীৰ সমাজ আৰু বৈপ্লৱিক চেতনাৰ ভাৱ। অসমৰ এখন আগশাৰীৰ আলোচনী 'প্ৰকাশ'ৰ কোনোবা এটা সংখ্যাত তেওঁ লিখিছিল--'এই নৈয়েদি কি মাছ উজায় চাবলৈ/আমি পাৰত থিয় হৈছোহি/আমাৰ হাতে হাতে মাছ ধৰাৰ সঁজুলি/নৈখনত হেনো বহুতো/বৰ বৰ মাছৰ টিঘিল ঘিলনি'…কবিতাটিত থকা 'বৰ বৰ মাছ'ৰ প্ৰতীকি অৰ্থ বুজিবলৈ পাঠকৰ বাবে বৰ টান নহয়। তেনেদৰে ক্ৰমশ: কাষ চাপি অহা দু:সময়ক চিত্ৰিত কৰি তেওঁ লিখিছিল- 'মোৰ ভয় লাগে/এইযে ক্ৰমান্বয়ে ভাঁহি আহে দু:সময়বোৰ/সিহঁতলৈ/ক্ষন্তেকতে গ্ৰাস কৰে যি/সূৰ্যৰ স'তে পতা মোৰ সমস্ত মিতিৰালি/ঢাকি ধৰে চেতনাৰ গোপন কন্দৰৰ পৰা বৈ অহা/কাংক্ষিত শব্দ স্ৰোতক'…। 'শ্বহীদ'শীৰ্ষক এটি কবিতাত তেওঁ লিখিছিল-'তোমালোকে মোক শুই থাকিবলৈ আদেশ দিছিলা/মই নুশুনিলোঁ/তোমালোকে মোক নদী হৈ ববলৈ কৈছিলা/মই উপকূলৰ সেউজীয়া হ'লোঁ/মই আকাশৰ নীলা হ'লোঁ/সাগৰ হ'লোঁ/অৱশেষত মই/ধুমুহা হ'লোঁ…'। কবি মেঘালী ফুকনৰ কবিতা আমি যিমানখিনিলৈকে পঢ়িছো, আমাৰ ভাৱ হয় তেওঁ প্ৰবল আশাবাদী কবি। সেয়ে ভয়ংকৰ দুৰ্দিন অথবা ক্ৰমশ: আগবাঢ়ি অহা দু:সময়তো প্ৰেমৰ শাশ্বত সত্যত তেওঁ গভীৰ আস্থা ৰাখি লিখিছিল-প্ৰেমে এতিয়াও বিশালতাক সাৱটি ল'ব/হৃদয়ে সাৱটি ল'ব সেউজীয়া শস্যভূমি/মানৱতাৰ অমৃতময় আলিংগনে আলোড়িত কৰিব শূন্যতা/শিলৰ কলিজা ফালি ওলাই আহিব/শিলাময় কোমলতা' (ইয়ং ইণ্ডিয়া) …অথবা- 'আকৌ লগ পাম তোমাক/জুই ছাই ধোৱাৰ ওপৰেদি উৰি আহিব /প্ৰেমৰ চৰাইজনী/ৰাতিৰ বুকুত জ্বলি উঠিব/হেজাৰ তৰাৰ চাকি' (আকৌ লগ পাম)। ইতিপূৰ্বে প্ৰকাশিত এই কবিতাসমূহৰ পৰা পৰিলক্ষিত হোৱা দুটা লক্ষণীয় বৈশিষ্ট্য হৈছে-- (এক) আৰম্ভণিৰ কালৰ কবিতাত থকা সহজ-সৰল শাব্দিক নিৰ্মাণ কৌশল আৰু প্ৰতীক-উপমা আদিৰ ব্যৱহাৰৰ পৰিৱৰ্তে পৰৱৰ্তী কালত তেওঁৰ কবিতাৰ নিৰ্মাণ শৈলীত ক্ৰমান্বয়ে দেখা দিয়া জটিল বাক্যবিন্যাস তথা অসহজ চিত্ৰকল্পৰ সঘন ব্যৱহাৰ আৰু (দুই) সমাজ আৰু বৈপ্লৱিক চেতনাৰ লগতে মেঘালী ফুকনৰ কবিতাত ক্ৰমশ: বৃদ্ধি পাই অহা নৈসৰ্গিক আকুলতা। ক'বলৈ গ'লে মেঘালী ফুকনৰ আৰম্ভণিৰ কালৰ কবিতাবোৰত যি এক বৈপ্লৱিক চেতনা প্ৰতিফলিত হৈছিল সেয়া পৰৱৰ্তীকালৰ কবিতাসমূহত ক্ৰমান্বয়ে স্তিমিত হৈ পৰা পৰিলক্ষিত হয়। তাৰ পৰিৱৰ্তে তেওঁৰ প্ৰায়বোৰ কবিতাতে ক্ৰমশ: বাঢ়ি অহা এক প্ৰকাৰৰ নৈসৰ্গিক আকুলতাৰ চিত্ৰহে দেখিবলৈ পোৱা যায়। এই নৈসৰ্গিক আকুলতাৰ বাবেই কবিয়ে শাওণৰ বৰষুণজাকৰ মায়াময় স্নিগ্ধতা, পলসুৱা পথাৰৰ বোকা -পানী-ঘাম, আঘোণৰ পথাৰ, কেতেকী-কপৌ ফুলৰ সুবাস, ৰবাব টেঙাৰ গোন্ধ, সৰিয়হ ফুলৰ হালধীয়া ঢৌ, কাতিৰ নিহালিত শুই থকা দুখৰ ৰাতি, হেমন্তৰ টোপ টোপ নিয়ৰৰ শব্দ আদিৰ সৈতে একাত্ম হৈ প্ৰকৃতিক অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আৰু ঠিক যেন কবি জীৱনানন্দ দাশৰ দৰে নৈসৰ্গিক ৰং-ৰূপ-গন্ধক কবিতাৰ শব্দেৰে বাঙ্ময় কৰি তুলিবলৈ চেষ্টা কৰিছে। কবিৰ মনৰ এই নৈসৰ্গিক আকুলতাৰ বাবেই সেয়ে প্ৰকৃতি আৰু ঋতুৰ সাধাৰণ বৰ্ণনাতে হওক অথবা জীৱন-জগত আৰু সমাজৰ জটিল সমস্যাৰ চিত্ৰণতে হওক কবিৰ চৌপাশৰ পাৰিপাৰ্শ্বিক আৰু নৈসৰ্গিক দৃশ্যসমূহে বিভিন্ন ৰূপ-উপমা-প্ৰতীক-চিত্ৰকল্পৰ মাজেৰে আহি তেওঁৰ কবিতাত ভূমুকি মাৰিছে। অসমীয়া কাব্যজগতত মেঘালী ফুকন নামেৰে পৰিচিত কবিৰ প্ৰকৃত নাম ড: অৰুণা গগৈ বৰুৱা। ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা হিচাপে সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত মহাবিদ্যালয়খনৰ অধ্যক্ষাৰ পদত অধিষ্ঠিত হৈ অৱসৰ গ্ৰহণ কৰা কবি মেঘালী ফুকনে ৮০ৰ দশকৰ পৰাই অসমৰ আগশাৰীৰ কাকত-আলোচনীসমূহত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। কবিতাৰ উপৰিও অসমীয়া সমাজ-সাহিত্য আৰু সংস্কৃতিৰ ওপৰত গ্ৰন্থও তেওঁ ৰচনা কৰিছে। যুটীয়াভাৱে প্ৰকাশিত 'শ্বহীদ, সুহৃদ আৰু উদিত সূৰ্য'কাব্য গ্ৰন্থৰ উপৰিও তেওঁ লিখা অন্যান্য কবিতাপুথি কেইখন হৈছে'জুমুঠি' (১৯৯৮) , 'হৃদয়ৰ পৰা হৃদয়লৈ' (২০০৬) আৰু ২০১৫ চনত প্ৰকাশিত 'প্ৰেম, বিষাদ, স্মৃতি আৰু…'। কবিয়ে তেওঁৰ 'হৃদয়ৰ পৰা হৃদয়লৈ' কবিতাপুথিখনত নিজৰ কবিতা সম্পৰ্কত লিখিছিল -'মোৰ কবিতাৰ বিষয় মানুহ। মানুহৰ জীৱন, স্মৃতি, বিষাদ, যন্ত্ৰণাবোধ, প্ৰেম আৰু প্ৰেমৰ শাশ্বত উপলদ্ধি, হৃদয় ভঙাৰ মৰ্মস্পৰ্শী কম্পনৰ অনুভৱৰ মাজেদিয়েই মোৰ কাব্যিক যাত্ৰা…। সেইবাবেই মেঘালী ফুকনৰ কবিতাত ঋতু আৰু নৈসৰ্গৰ চিত্ৰণ আছে, সময়ে কঢ়িয়াই অনা পৰিৱৰ্তনৰ কথা আছে, প্ৰেম-বিষাদ-স্মৃতিৰ চিত্ৰ আছে। শেহতীয়াভাৱে ২০১৫ চনত কথা ৰিডাৰ্চ ফ'ৰামৰ দ্বাৰা প্ৰকাশিত 'প্ৰেম, বিষাদ, স্মৃতি আৰু…'শীৰ্ষক কবিতাপুথিখনত সন্নিৱিষ্ট হোৱা কবিতাসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। সংকলনখনত সন্নিৱিষ্ট কবিতাসমূহ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰিলে আমাৰ চকুত পৰা বৈশিষ্ট্য কেইটা হৈছে-১/সৰল নৈসৰ্গিক চিত্ৰণ, ২/জীৱন আৰু প্ৰকৃতিৰ নিবিড় সম্পৰ্কৰ চিত্ৰণ আৰু ৩/ প্ৰেমৰ শাশ্বত অনুভূতিৰ চিত্ৰণ। মেঘালী ফুকনৰ 'প্ৰেম, বিষাদ, স্মৃতি আৰু …'কাব্যগ্ৰন্থত সন্নিৱিষ্ট কিছুসংখ্যক কবিতাত ঋতু আৰু প্ৰকৃতিৰ কেৱল সাধাৰণ চিত্ৰণহে পৰিলক্ষিত হয়। কোনো গভীৰ ভাৱৰ প্ৰতিফলন কবিতাকেইটাত ঘটা নাই। নৈসৰ্গিক চিত্ৰ অংকন কৰোঁতে কেৱল তেওঁ বিভিন্ন প্ৰতীক, উপমা আৰু চিত্ৰকল্পৰ অসাধাৰণ প্ৰয়োগ কৰিছে। যেনে-'বসন্তৰ দুটা কবিতা' শীৰ্ষক কবিতাটিৰ কথা উল্লেখ কৰিব পাৰি য'ত কবিয়ে বসন্তক 'হালধীয়া সৰাপাতবোৰে কন্দুৱাই থকা/ এটা উজাগৰী ৰাতি'বুলি উল্লেখ কৰিছে। বসন্তৰ চিত্ৰ অংকন কৰি লিখিছে- 'ৰাতিটোৱে চকুলো মচি লোৱাৰ পাছত/ডাৱৰৰ কজলা গছজোপাই/অজস্ৰ আঙুলিৰে মেলি দিলে দুবাহু/আৰু সাৱটিলে তৃষ্ণাতুৰ ধূলিয়ৰি পৃথিৱীখন…'। তেনেদৰে বিভিন্ন চিত্ৰকল্পৰে তেওঁ বহাগ, আঘোণ, আহিন, বৰ্ষা আদিৰো চিত্ৰ অংকন কৰিছে। যথা- ১/'তুমি যেতিয়া বিজুলীৰ জিলমিলীয়া পোহৰত গা ধোৱা/তোমাৰ দেহাটো চুই চাবলৈ মই আকুল হৈ পৰোঁ/বুকুত চ'তমহীয়া ছিৰালফটা পথাৰখন সাৱটি/সুহুৰিয়াই বৰষুণ মতা চৰাইজনী নাচি উঠালৈ বাট চাওঁ…' (বহাগত)। ২/আঘোণৰ দীঘল সুহুৰিত পোহৰি-পোহৰি হৈ উঠিছে/মোৰ চকুলোৰে সেমেকা মজিয়াখন/গৰখীয়া পেঁপাৰ সুৰে সুৰে আকুল হৈ পৰিছে তৰাবোৰ/অঘৰী বতাহজাকেও চুই গৈছে আঘোণৰ নিয়ৰে তিওৱা ওঁঠ…' (আঘোণ)। ৩/জহি খহি যোৱা জোনাকত এতিয়া/শিলে গা ধুব/নিয়ৰে তিয়াব ভেটফুলপাহৰ ওঁঠ… (আহিনৰ গান)। অথবা-আহিন মানেই/কপৌৱে ৰুণ দিয়া বাটেদি বহাগ উভতি যোৱাৰ পাছত/মেঘৰ পৰা মাটিলৈ নামি অহা/বিনন্দীয়া পোহৰৰ ঢৌ… (আহিন মানেই)। ইত্যাদি। এই বৰ্ণনাবোৰত চিত্ৰকল্পৰ প্ৰয়োগ মন কৰিবলগীয়া। তেনেদৰে প্ৰতীক, উপমা, চিত্ৰকল্পৰ সঘন ব্যৱহাৰে নৈসৰ্গিক বৰ্ণনাৰে লিখা আন দুটামান কবিতা হৈছে-'দিচাংমুখত বৰষুণ হ'ব'--এই বৰষুণ কবিতাৰ বৰষুণ। কবিয়ে কিন্তু প্ৰকৃতিৰ ছবিখন বৰ ধুনীয়াকৈ আঁকিছে--'দিচাংমুখৰ আকাশত শিমলুৰ তুলাবোৰৰ দৰে /ডাৱৰবোৰ উৰি ফুৰিছে…দিচাঙৰ নীলা পানীৰ দাপোনত মূৰ মেলাইছে/জলকুঁৱৰীজনীয়ে/ঢৌ তুলি ঢৌ তুলি মতলীয়া হৈ/উজাই আহিছে এজাক ৰূপালী মাছ…।

অন্যহাতে মেঘালী ফুকনৰ কিছুসংখ্যক কবিতাত নৈসৰ্গিক বৰ্ণনাৰ লগতে জীৱন আৰু জগতৰ শাশ্বত সত্যৰ প্ৰতিফলনো আছে। যেনে- 'নদী আৰু বৰষুণৰ কবিতা'শীৰ্ষক কবিতাত তেওঁ লিখিছে-'নদীয়ে নাজানে বাটবোৰ কিমান দীঘল/নজনাকৈয়ে বৈ যায় অৰণ্য ভাঙি/শেষ নিশাৰ জোনে ৰিঙিয়াই মাতিলেও/এজাৰ ফুলৰ ঢৌবোৰে আকাশ ব্যাকুল কৰি তুলিলেও/উভতি নাহে নদী…'। এটা সাধাৰণ বৰ্ণনা। কিন্তু নদীৰ এই উভতি নহা অবিৰাম গতিৰ মাজতে কবিয়ে আৱিষ্কাৰ কৰা সত্যটো হৈছে- 'মাথোঁ বৰষুণৰ স'তে নদীৰ গোপন মিতিৰালি/বৰষুণেই নদীৰ বুকুত ছটিয়াই দিয়ে/হেঁপাহৰ অজস্ৰ ফুল…বৰষুণেই ভৰুণ কৰে অনুৰ্বৰ শস্যভূমি…'। কবিয়ে নদীৰ ধ্বংস দেখা নাই, দেখিছে কেৱল-'বিষাদৰ গৰা খহে চপৰা চপৰে, হেৰায় ঠিকনা/তথাপি-থোৰ মেলা শইচৰ শিতানত/নদীয়ে জ্বলায় চাকি সূৰ্যমুখী পোহৰৰ…'। একেটা কবিতাতে তেওঁ আকৌ লিখিছে -'নদীৰ দৰেই উভতি নাহে পাৰ হৈ যোৱা/সময়ৰ হিৰন্ময় পাত্ৰ'। সময়ৰ হিৰন্ময় পাত্ৰ-গভীৰ ভাৱোদ্দীপক এই শব্দসমষ্টিৰে কবিয়ে যেন বুজাব খুজিছে সময়ৰ মূল্য…সময় যেন সোণেৰে নিৰ্মিত এটা পাত্ৰ যি পাত্ৰ নদীৰ দৰে উটি গুচি যায়। উভতি নাহে। নদী আৰু বৰষুণৰ সাধাৰণ নৈসৰ্গিক চিত্ৰণৰ লগতে এই সত্যটোৱেই কবিতাটিৰ মূল উপজীব্য হৈ পৰিছে। নদী আৰু বৰষুণৰ মিতিৰালিৰ কথাটো কবিয়ে আৰু এটা কবিতাতো লিখিছে। কবিতাৰ শীৰ্ষক- 'মুখামুখি:সমুদ্ৰৰ সৈতে'। কবিতাটিত চিত্ৰকল্পৰ ব্যৱহাৰ মন কৰিবলগীয়া-' নৈবোৰেও এপাহ দুপাহ সহস্ৰপাহ/বৰষুণৰ ফুলৰ স'তে সখী পাতি/ৰাতি ৰাতি তোমাৰ কাষলৈ বাট বুলে…'তেনেদৰে একেটা কবিতাতে আকৌ কবিয়ে নৈক নাৰীৰ লগতো তুলনা কৰিছে, এনেদৰে--'উভতি নবয় কিয় নৈবোৰ/নৈয়ে নাৰীৰ দৰে ৰ'দে বৰষুণে গীত জুৰে/তোমাৰ বাবেই নেকি নৈৰো সেই অহংকাৰ-'। সভ্যতাৰ উন্নতিৰ লগে লগে প্ৰকৃতিৰ সৈতে মানুহৰ দূৰত্ব ক্ৰমাৎ বাঢ়ি অহা কথাষাৰে কবিক ব্যথিত কৰিছে। জীৱন আৰু প্ৰকৃতিৰ নিবিড় সম্পৰ্কত দেখা দিয়া পৰিৱৰ্তনত তেওঁ ব্যথিত হৈ লিখিছে- ১/'চহৰখন চাওঁতে চাওঁতে কেনেকৈ যে গজি উঠিল/সেউজীয়া দূবৰিডৰাৰ কোমল বুকু ঢাকি/হেৰাই গ'ল আন্ধাৰত/জলাশয়ত উমলি থকা চৰাইবোৰ…'…'কংক্ৰীটৰ জঁকাৰে ভৰে ফুলবাৰী/জোনাকীৰ শৱদেহেৰে উপচে ফুলবাৰী/জিলিৰ মাতে নিজান কৰি তোলা ভৰ দুপৰ এটা/পকা ডালিমৰ দৰে ফাটি পৰে/ হৈ চৈবোৰে ৰাক্ষসৰ দৰে গিলি থয় নিজান নিৰ্জনতা…' (এখন চহৰৰ জন্ম-যন্ত্ৰণাত)।

২/বহাগ মহানগৰীলৈয়ো আহে, কিন্তু কবিৰ দৃষ্টিত -'ওখ গছজোপাৰ পৰা সৰিপৰা কুলিৰ মাতটো/মহানগৰীৰ যান্ত্ৰিক ব্যস্ততাত হেৰাই গৈছে/কুলিৰ মাতত দেও দি উঠা ল'ৰালিৰ কোমল শৰীৰ/চুবলৈ দুহাত মেলিছোঁ/আস্ ক'ত মোৰ বিনন্দীয়া শৈশৱ! … (মহানগৰীলৈ বহাগ আহিছে) প্ৰকৃতিৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক গঢ়িব বিচাৰে তেওঁ। প্ৰকৃতিৰ প্ৰতি থকা আকুলতাৰ বাবেই তেওঁ লিখিছে -'আপোনাৰ বাৰু অকণমান সময় হ'বনে/জিৰজিৰকৈ বৈ থকা নৈ এখনৰ কাষত/এখন্তেক বহিবলৈ…/চৰাইবোৰে বুজা নুবুজা ভাষাৰে কথা ক'ব/সেউজীয়াই স্পৰ্শ কৰিব আপোনাৰ সৰ্বাংগ/শাঁত পৰিব আপোনাৰ বিষণ্ণতা অথবা উদ্বিগ্নতা…' (আপোনাৰ বাৰু অকণমান সময় হ'বনে?)। অথবা-'এদিনৰ বাবে/তোমাৰ সাজযোৰ খোলা/জীৱনৰ প্ৰাত্যহিক তুচ্ছতা-গ্লানি-অতৃপ্তি-অম্ল-মধুৰ অনেক কথাৰ টোপোলাটো/গিলিপত ভৰোৱা/…এতিয়া ব'লা/সেউজীয়া দলিচাত কঙাল হৃদয়খন শুৱাই থওঁগৈ…লাহে লাহে চেঁচা হৈ অহা আমাৰ আঙুলিৰ পাবত/প্ৰাপ্তি-অপ্ৰাপ্তিৰ অনেক উত্তৰবিহীন অংক/তিনিশ চৌষষ্ঠি দিন হাহাকাৰত তচনচ…/যোগ -বিয়োগৰ এজাক মুষলধাৰ বৰষুণত তিতে তোমাৰ মোৰ/ৰূপালী চুলি/বতাহত সৰি পৰে পকাপাত…' (বনভোজ)। অকল সেয়ে নহয়, তেওঁ নিজৰ সন্তানকো ঠেলি দিব বিচাৰে মাটিৰ বুকুলৈ। এই কবিতাটো অৱশ্যে ৮০ ৰ দশকতে লিখা যদিও আলোচিত কবিতাপুথিখনতো পুনৰ সন্নিৱিষ্ট হৈছে। কবিয়ে লিখিছে----'মই যি সন্তানক জন্ম দিলোঁ/তাক মাটিৰ বুকুলৈ ঠেলি দিলোঁ/সি জিভাৰে চেলেকি মাটিৰ সোৱাদ লওক/সি আকাশলৈ চাওক/জোন, তৰা, বেলিৰ সৈতে সি পৰিচিত হওক/চাওক সি, শাওণত ক'লা মেঘ নাচে কেনেকৈ/গৰ্ভত লৈ বিজুলি/ মই মোৰ সন্তানক লৈ যাওঁ/অলিয়ে-গলিয়ে, চুবুৰিয়ে-চুবুৰিয়ে/সি পৰিচিত হওক অঘৰী মানুহৰ সৈতে/নোপোৱাৰ বেদনাই কোঙা কৰা মানুহৰ সৈতে/তাক ৰাজপথৰ সমদললৈ আগবঢ়াই লৈ যাওঁ/সি চাওক/শ্বাপদৰ নখৰ আঁচোৰে/কেনেকৈ বিক্ষত কৰে বঙহৰ মঙহক…মই লৈ যাওঁ মোৰ আত্মজক/অৰণ্যৰ গভীৰতালৈ/সি শুনক কাণপাতি বাঘৰ গোজৰণি/হৰিণাৰ আট্ৰানি, গঁড়ৰ বিলাপ বিননি…' (আত্মজ)। প্ৰেমৰ শাশ্বত অনুভূতিৰে লিখা মেঘালী ফুকনৰ কবিতাত দেখা যায়-মানুহৰ অন্তৰৰ পৰা ক্ৰমে অন্তৰ্হিত হৈ পৰিছে প্ৰেমৰ অনুভূতি যেনেদৰে সলনি হৈছে ঋতু-'মুখা একোখন পিন্ধি মানুহবোৰে এতিয়া/দলিয়াই দিব পাৰে প্ৰেমৰ চোলাবোৰ/সমাধিস্থ কৰিব পাৰে মমতাৰ স্তৱকবোৰ… (অমিতভাষ)। সেয়ে কবিয়ে আশা ৰাখিছে সকলো কবিয়ে যেন এটাকৈ হ'লেও প্ৰেমৰ কবিতা লিখে। বিপ্লৱৰ উদ্দীপ্ত চেতনাৰে এসময়ত কবিতা লিখা মেঘালী ফুকনৰ কবিতাত প্ৰেমেই যেন যেন আশাবাদৰ শেষ আশ্ৰয় সেয়া প্ৰতিফলিত হৈ উঠিছে এই কবিতাটিত-'কবিতাবোৰে যেন কঢ়িয়াই নুফুৰে কোনোদিন/কেৱল নি:সংগতা কেৱল বিষাদ কেৱল যন্ত্ৰণা' অথবা 'তেজৰ কুঁৱলীসনা ঋতুৰ স'তে কবিতাবোৰে/মিতিৰালি পাতি নিলিখে যেন কোনো অসংযত/যুদ্ধৰ পাণ্ডুলিপি'… (সকলো কবিয়ে লিখা উচিত একোটাকৈ প্ৰেমৰ কবিতা)। ক'ব পাৰি যে-মেঘালী ফুকনৰ কবিতাত ক্ৰমান্বয়ে স্তিমিত হৈ অহা উত্তপ্ত বৈপ্লৱিক চেতনাৰ ইও এটা কাৰণ যে নিৰ্মলপ্ৰভা বৰদলৈৰ দৰে যেন তেৱোঁ বিশ্বাস কৰে-বন্দুকৰ শব্দত ৰাতি নুপুৱায়। অসমীয়া কবিতাৰ নিৰ্মাণশৈলীত প্ৰতীক আৰু চিত্ৰকল্পবাদী আন্দোলনৰ এটা উল্লেখনীয় ভূমিকা আছিল। মেঘালী ফুকনৰ কবিতাতো চিত্ৰকল্পৰ সঘন ব্যৱহাৰ আমি দেখা পাওঁ। আমি দেখিছোঁ যে মানুহ আৰু নৈসৰ্গিক আকুলতাৰ বাবেই পাৰিপাশ্বিক জগত আৰু প্ৰকৃতিৰ বিভিন্ন উপকৰণে প্ৰতীক, উপমা আৰু চিত্ৰকল্পৰ ৰূপ পৰিগ্ৰহণ কৰি মেঘালী ফুকনৰ কবিতাত ধৰা দিছেহি। তেওঁৰ আৰম্ভণিৰ কালৰ কবিতাসমূহত সততে দেখিবলৈ পোৱা প্ৰতীকবোৰ আছিল-পলস, সূৰ্যমুখী ফুল, বেলিফুল আদি আৰু অশ্বাৰোহী জৰায়ুৰ অন্ধকাৰ, পোহৰৰ শংখনিনাদ আদি শব্দ বিন্যাসেৰে নিৰ্মিত চিত্ৰকল্প। এই ধৰণৰ চিত্ৰকল্প 'হৃদয়ৰ পৰা হৃদয়লৈ' কবিতাপুথিখনতো তো যথেষ্ট আছিল, যেনে-নিশা দুপৰত ডালিমৰ দৰে ফাটি পৰা কলিজা, কাঠফুলাৰ দৰে গজি উঠা ডাৱৰজাক, টোপটোপকৈ সৰি পৰিছে বিষাদৰ বৰষুণ, মেটেকা ফুলীয়া বিষাদ আদি। আমাৰ আলোচ্য 'প্ৰেম, বিষাদ, স্মৃতি আৰু…'কাব্যগ্ৰন্থখনতো এনে প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন ব্যৱহাৰ আছে, যথা- বৰষুণেই ভৰুণ কৰে অনুৰ্বৰ শস্যভূমি, হৈ চৈবোৰে ৰাক্ষসৰ দৰে গিলি থয় নিজান নিৰ্জনতা, ডাৱৰৰ কজলা গছজোপাই অজস্ৰ আঙুলিৰে মেলি দিলে দুবাহু, শ্বাপদৰ নখৰ আঁচোৰে কেনেকৈ বিক্ষত কৰে বঙহৰ মঙহক, সময়ৰ হিৰন্ময় পাত্ৰ, বুকুৰ শুকান বালিচৰ, কংক্ৰীটৰ জঁকা, ধূলিয়ৰি মাতাল পৃথিৱী, গুটিমালী ফুল যেন শিশুজাকৰ মুখবোৰ বিষাদে দহিছে, পাহাৰটোৰ গাত গজি উঠিছে সহস্ৰ পোহৰৰ চাকি, দুখত কাতৰ ম্ৰিয়মাণ সোঁৱৰণিৰ জীৰ্ণ পাণ্ডুলিপি, বতাহজাকে পাখি কোবাই থেকেচি আনিছে গছৰ সেউজীয়া, মাতাল বতাহ, কপাহৰ দৰে ডাৱৰবোৰ, অৰণ্যৰ মেলা চুলি, গৰ্ভৱতী নাৰীৰ দৰে বাঢ়ি অহা সেউজীয়া হেঁপাহ, মেঘফুলৰ পাহি, যৌৱনৰ বাঢ়নি নৈ, বুকুৰ সাতোখন গাঁও, ভূগোলৰ শিপা খান্দি, সোণালি বিষাদ, বিজুলীৰ তৰোৱাল, জোনাকৰ ফুল, সৰাপাতৰ বিষণ্ণ বাট, মেটেকাফুলীয়া আকাশ, হেদাঙি মেলা বতাহ, সপোনৰ সখীয়তী ইত্যাদি। চিত্ৰকল্পৰ সঘন ব্যৱহাৰে অৱশ্যে বহুকেইটা কবিতাক ভাৰাক্ৰান্ত কৰিও তোলা দেখা যায়। এই কথাক উলাই কৰিও ক'ব পাৰি যে কবিৰ অন্তৰৰ ভাৱ প্ৰকাশত এই ধৰণৰ চিত্ৰকল্পবোৰে যথেষ্ট সহায় কৰিছে। উল্লেখযোগ্য যে, ৮০ ৰ দশকৰ পৰা আজিৰ তাৰিখলৈকে লিখা মেঘালী ফুকনৰ প্ৰায় প্ৰতিটো কবিতাৰ বিষয়বস্তু একে, পৰিৱৰ্তন মাথোঁ বিষয়বস্তুক পৰ্যৱেক্ষণ কৰা দৃষ্টিৰ ভিন্নতা। আলোচিত কবিতাপুথিখনৰো প্ৰায়বোৰ কবিতাতে প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন ব্যৱহাৰেৰে কবিয়ে এক প্ৰকাৰৰ পৰীক্ষা নিৰীক্ষা চলোৱা যেন ভাৱ হয়। কবিৰ ইপ্সিত ভাৱ প্ৰকাশত ঈশ্বৰৰ নগৰী, শিলৰ পোছাক, শ্বাপদৰ নখৰ আঁচোৰ, শামোকৰ খোলা, আন্ধাৰৰ দেওলগা আঙুলিবোৰ, ডাৱৰৰ দৰে একোছা চুলি, কাঠফুলা যেন ডাৱৰ, বৰষুণৰ ফুল, যৌৱনৰ বাঢ়নি নৈ, বিজুলীৰ তৰোৱাল, কাচনমতী দুখ ইতাদি প্ৰতীক আৰু চিত্ৰকল্পবোৰে সহায় কৰিছে। সঘন ব্যৱহাৰৰ ফলত মাজে সময়ে বহুকেইটা কবিতা ভাৰাক্ৰান্ত হৈ পৰিলেও এই প্ৰতীক আৰু চিত্ৰকল্পবোৰ আমাৰ পৰিচিত গ্ৰাম্য সমাজ আৰু প্ৰকৃতিৰ বুকুৰ পৰা বুটলাৰ বাবে দুৰ্বোধ্য হোৱা নাই। তাৰ মাজতো অৱশ্যে কিছু সংখ্যক জটিল ভাৱাৰ্থ আৰু বাক্য বিন্যাসৰ কবিতাও আছে যাক উপলদ্ধি কৰিবলৈ অনুভূতিৰ লগে লগে মগজুৰো কচৰৎ কৰিবলগীয়া হয়, যেনে- নদীয়ে বিষাদগাথাৰে বিচ্ছিন্ন কৰিব পাৰে পোহৰৰ আকুলতা, নৈপৰীয়া সপোনৰ অক্ষয় বৰ্ণমালা আদি। শেষত আমি গভীৰ প্ৰত্যয়ৰে ক'ব পাৰোঁ যে মেঘালী ফুকনৰ'প্ৰেম, বিষাদ, স্মৃতি আৰু …' কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যলৈ নি:সন্দহে এক উল্লেখনীয় সংযোজন।