মেৰুপ্ৰভা (aurora) পৃথিৱীৰ দুই মেৰু অঞ্চলৰ (দৰাচলতে দুই চুম্বকীয় মেৰুৰ) ওপৰৰ বায়ুমণ্ডলত দেখা পোৱা ধেনুভিৰীয়া উজ্জ্বল আভা।

Aurora Borealis
সুমেৰু প্ৰভা
Aurora Australis
কুমেৰুপ্ৰভা

মেৰুপ্ৰভাৰ পোহৰ বগা, ৰঙা, সেউজীয়া, হালধীয়া আৰু নীলা হ'ব পাৰে। অৱশ্যে ৰঙা, সেউজীয়া ৰঙৰ প্ৰাধান্য কিছু বেছি। সুৰ্যৰ পৰা অহা আধানযুক্ত কণিকাবোৰে (বা মহাজাগতিক ৰশ্মিয়ে) পৃথিৱীৰ চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত সৰ্পিল পথেৰে মেৰুৰ ফালে গতি কৰে। এই গতিপথত সিহঁতে বায়ুমণ্ডলৰ অন্যান্য অণু-পৰমাণুবোৰক খুন্দিয়াই উত্তেজিত কৰে আৰু কেতিয়াবা আয়নিতো কৰে। এনে অনু-পৰমাণুবোৰে শক্তি বিকিৰণ কৰে আৰু এই বিকিৰিত শক্তিয়ে ভূ-চুম্বকৰ দুয়ো মেৰুৰ ফালে মনোমোহা পোহৰৰ সৃষ্টি কৰে।

মেৰুপ্ৰভা ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰায় ৮০ কিলোমিটাৰ ওপৰৰ পৰা ৯৬০ কিলোমিটাৰ ওপৰলৈকে দেখা যায়। সৌৰ শিখা (Solar Flares) সৃষ্টি হোৱাৰ সময়ত সূৰ্যই সাধাৰণ অৱস্থাতকৈ বহু বেছি পৰিমাণৰ আধানযুক্ত কণিকা নিৰ্গত কৰে। ফলত সেই সময়ত মেৰুপ্ৰভা তীব্ৰ হৈ উঠা দেখা যায়। উত্তৰ মেৰুৰ ওচৰত দেখা মেৰুপ্ৰভাক সুমেৰু প্ৰভা (Aurora Borealis) আৰু দক্ষিণ মেৰুৰ ফালে দৃশ্যমান মেৰুপ্ৰভাক কুমেৰুপ্ৰভা (Aurora Australis) বুলি কোৱা হয়। ১৭৭৩ চনত কেপ্টেইন জেমছ কুকে মেৰু অভিযানৰ সময়ত মেৰুপ্ৰভা দেখি, পৃথিৱীৰ আন অংশৰ মানুহক এই সম্বন্ধে জানিবলৈ দিয়ে।