মৰিয়নি

যোৰহাট জিলাত অৱস্থিত ঠাই

মৰিয়নি (ইংৰাজী: Mariani) অসমযোৰহাট জিলাত অৱস্থিত এখন ঠাই।

মৰিয়নি
—  নগৰ  —
মৰিয়নি is located in Assam
মৰিয়নি
ভাৰতঅসমত মৰিয়নিৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33স্থানাংক: 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33
দেশ  ভাৰত
ৰাজ্য অসম
জিলা যোৰহাট জিলা
উচ্চতা ১৫৫ মিটাৰ (৫০৮.৫৩ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ২৩,০৬৫ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
টেলিফোন ক'ড 03771

ইতিহাস সম্পাদনা কৰক

ইতিহাসৰ পাতত মৰিয়নিৰ কথা উল্লেখ পোৱা নাযায়। ১৮২৮ ৰ পৰা ১৮৮৩ চন পৰ্যন্ত নিৰ্ভৰযোগ্য তথ্যৰ অভাৱত মৰিয়নিৰ ইতিহাস এতিয়াও সম্পূৰ্ণ পোহৰলৈ অহা নাই। মৰিয়নিৰ গুৰুত্ব বাঢ়ে কেৱল ৰেল চলাচলৰ বাবে।[1]

নামৰ উৎপত্তি সম্পাদনা কৰক

সময়ে সময়ে বিভিন্ন জনে মৰিয়নি নামৰ উৎপত্তিৰ সন্দৰ্ভত বিভিন্ন মত আগবঢ়াই আহিছে। এই বিষয়ৰ আটাইতকৈ নিৰ্ভৰযোগ্য যুক্তিটো হ’ল – ব্ৰিটিছ শাসন কালত পাহাৰৰ নগা সকলে এই সমতল অঞ্চললৈ নামি আহে আৰু ইয়াতে জিৰণি লৈ ভৈয়ামৰ লোকৰ সৈতে বয়-বস্তু সাল সলনি কৰে। সেয়ে কোনো নগা দোৱানৰ শব্দটো আছিল মৈৰাণ বা মেৰাণ। অৰ্থটো সাল-সলনি কৰা ঠাই। সেই শব্দটিয়েই মোট সলাই মৰিয়নি হ’ল। স্বাধীনতা যুঁজাৰু ভুৱন মোহন বুঢ়াগোহাঁই ডাঙৰীয়াৰ মতে বৰ্তমানৰ মৰিয়নিৰ অঞ্চলটোত সেই সময়ত অটব্য অৰণ্য আছিল। এই অঞ্চলৰ সীমাত থকা পুখুৰীয়া বচা গাঁৱৰ মানুহে বিভিন্ন কাৰণত এই হাবি বননি কাটিছিল। এই হাবি মৰি শুকাই যোৱাৰ পাছত এই ঠাইক ‘মৰানি’ বুলিছিল। পাছলৈ মুখে মুখে বাগৰি ‘মৰিয়নি’লৈ পৰিৱৰ্তন হ’ল।[1] আনহাতে ধ্বনি কৰি বিনন্দ চন্দ্ৰ বৰুৱাৰ মতে দিচৈ নৈৰ (বৰ্তমানৰ ভোগদৈ) পাৰৰ এই হাবি বননিৰে আগুৰা ঠাইডোখৰ পুখুৰীয়া গাঁৱৰ। এক প্ৰান্তত সীমা মূৰিয়াল অৱস্থিত। এই সীমা মূৰিয়াল শব্দটোৰেই পাছলৈ অপভ্ৰংশ হৈ মৰিয়নি নামৰ সৃষ্টি হৈছিল। আন এক প্ৰবাদ মতে, এসময়ত ভোগদৈ নৈখনে ইয়াৰ পূৰ্বৰ গতিপথ সলনি কৰি নতুন দিশেৰে গতি কৰিছিল। পুৰণি গতিপথটো হেনো মৰিয়নি নগৰৰ মাজেদি গৈ বৰ্তমান মৰিয়নি জংচনৰ পাছফালেদি বৈ গৈছিল। নদীয়ে গতিপথ সলনি কৰাত এই এৰা সুঁতিটোক মৰিনৈ বুলি মানুহে মুখে মুখে কৈছিল আৰু এই মৰিনৈয়েই শেষলৈ মৰিয়নি হ’লগৈ বুলি বহুতেই ক’ব খোজে। কিন্তু ভূ-তাত্ত্বিক দিশৰ পৰা চালে দেখা যায় যে নদীয়ে এৰি থৈ যোৱা মাটিত পলসৰ পৰিমাণ বেছি হব যিটো মৰিয়নিৰ মাটিত পোৱা নাযায়। তদুপৰি ভূ-বিজ্ঞানৰ মতে নদীয়ে সাধাৰণতে গতিপথ ভূমিকম্প বা প্ৰাকৃতিক দুৰ্যোগৰ ফলতহে সলনি কৰে। কিন্তু অসমত ১৮৯৭ আৰু ১৯৫০ চনৰ বাদে বৰ ভূইকঁপ হোৱা নাই বাবে এই নদীয়ে গতিপথ সলনি কৰাৰ সম্ভাৱনা তেনেই কম। সেয়ে এই যুক্তিটোত সন্দেহৰ অৱকাশ আছে।[1]

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

ভৌগোলিকভাৱে মৰিয়নি 26°40′N 94°20′E / 26.67°N 94.33°E / 26.67; 94.33 ত অৱস্থিত।[2] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১৫৫ মিটাৰ (৫০৮ ফুট)। এই টাউনখন যোৰহাট ৰে'লৱে ষ্টেচনৰ পৰা ১৭.৫ কিমি দুৰত্বত অৱস্থিত। ই নাগালেণ্ডৰ সীমান্তবৰ্ত্তী অঞ্চল।

আন্ত:গাঁথনি সম্পাদনা কৰক

মৰিয়নি ২০১১ চনৰ লোকপিয়ল অনুসৰি,[3] মৰিয়নিৰ মুঠ জনসংখ্যা ২৩,০৬৫ জন।[4] ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মৰিয়নিৰ জনসংখ্যাৰ ১২% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

যাতায়ত ব্যৱস্থা সম্পাদনা কৰক

মৰিয়নিক ধোদৰ আলিয়ে অন্য অংশৰ সৈতে সংযোজিত কৰিছে। মৰিয়নিৰ পৰা নিকটবৰ্ত্তী বিমানবন্দৰটো হৈছে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ। এই অঞ্চলটো মৰিয়নি ৰে'লৱে ষ্টেচনৰ জৰিয়তে দেশৰ অন্য অংশৰ সৈতে সংযোজিত।

শিক্ষা সম্পাদনা কৰক

মৰিয়নিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয় সম্পাদনা কৰক

  • চেইণ্ট এন্থনি উচ্চ মাধ্যমিক বিদ্যালয়
  • মৰিয়নী মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এডিথ ডগলাছ উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ হিন্দী বিদ্যালয়
  • মৰিয়নি উচ্চ মাধ্যমিক বিদ্যালয়
  • মৰিয়নি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • লিটল ষ্টাৰ স্কুল
  • বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়
  • পাৰিজাত জাতীয় বিদ্যালয়
  • মৰিয়নি জাতীয় বিদ্যাপীঠ
  • ৰেলৱে হাইস্কুল, মৰিয়নি

মহাবিদ্যালয় সম্পাদনা কৰক

  • মৰিয়নি মহাবিদ্যালয়

ৰাজনীতি সম্পাদনা কৰক

মৰিয়নি ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৷[5]

উল্লেখযোগ্য ঠাই সম্পাদনা কৰক

উল্লেখযোগ্য ব্যক্তি সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 প্ৰীতম কুমাৰ শইকীয়া, সম্পাদক: মুকুল বৰা (৬,৭,৮ ফেব্ৰুৱাৰী ২০০৬ চন). "ইতিহাসৰ বুকুত মৰিয়নিৰ জন্ম পত্ৰিকা বিচাৰি". জ্যোতিদৰ্পণ, যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা (চতুৰ্থ প্ৰকাশ): ৪৯,৫০ পৃষ্ঠা. 
  2. Falling Rain Genomics, Inc - Mariani
  3. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  4. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30. 
  5. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.