মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

এখন গল্পৰ সংকলন

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (ইংৰাজী: Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন।[1][2][3] গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা।[1] চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।

মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা  
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱাৰ বেটুপাত
লেখক অৰূপা পটঙ্গীয়া কলিতা
প্ৰচ্ছদ শিল্পী প্ৰদীপ নাথ
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা ১০
প্ৰকাশক চন্দ্ৰ প্ৰকাশন
প্ৰকাশ ২০১২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২১৬
আই.এচ.বি.এন. 978-93-244-0036-9

লেখিকাৰ চমু পৰিচয় সম্পাদনা কৰক

অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।[4][5] তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত, আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।

অৰূপা পটংগীয়া কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।[6] বৰ্তমান তেওঁ দৰং জিলাটংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 অৰূপা পটঙ্গীয়া কলিতা (২০১৪). মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা. চন্দ্ৰ প্ৰকাশন (দ্বিতীয় প্ৰকাশ). ISBN 978-93-244-0036-9. 
  2. "Sahitya Academy Award 2014 to Noted Assamese writer Arupa Patangia Kalita". https://onlineassam.blogspot.com/2014/12/sahitya-academy-award-2014-to-noted.html। আহৰণ কৰা হৈছে: ২ জুন ২০২০. 
  3. "Sahitya Akademi Awards 2014". Archived from the original on 2019-03-13. https://web.archive.org/web/20190313134310/http://knowindia.gov.in/general-information/sahitya-akademi-awards-2014.php। আহৰণ কৰা হৈছে: ২ জুন ২০২০. 
  4. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14. 
  5. 5.0 5.1 "Women's Writing". Womenswriting.com. http://www.womenswriting.com/WomensWriting/AuthorProfileDetail.asp?AuthorID=181। আহৰণ কৰা হৈছে: 2013-06-14. 
  6. "Arupa Patangia Kalita". Samanvayindianlanguagesfestival.org. Archived from the original on 2013-08-08. https://web.archive.org/web/20130808103246/http://samanvayindianlanguagesfestival.org/2011/arupa-patangia-kalita/। আহৰণ কৰা হৈছে: 2013-06-14.