মূল মেনু খোলক

যজুৰবেদ হিন্দুধৰ্মৰ প্ৰধান শাস্ত্ৰ চাৰিখন বেদৰ অন্যতম এখন বেদ। বৈদিক যুগৰ সভ্যতা আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত যজুৰবেদ অপৰিহাৰ্য। প্ৰতিলোম, অনুলোম, চাৰিবৰ্ণ, জাতিভেদ, অনাৰ্য জাতিৰ নাম, জীৱিকা, কুটীৰ শিল্প, আদিবাসী সকলৰ ধৰ্ম আদি বহু গুৰুত্বপূৰ্ণ তথ্য যজুৰবেদত উপলব্ধ।

যজুৰবেদৰ ভাগ:সম্পাদনা কৰক

যজুৰবেদৰ ভাগ দুটা-

  1. কৃষ্ণ যজুৰবেদ
  2. শুক্ল যজুৰবেদ

কৃষ্ণ যজুৰবেদ গদ্য আৰু কাব্য ৰীতিত ৰচিত তিনিখন গ্ৰন্থৰ সমষ্টি। ইয়াৰ অন্য নাম তৈত্তেৰীয় যজুৰবেদ। পণ্ডিতসকলৰ মতে এই বেদত ব্ৰাহ্মণ আৰু সংহিতাৰ শুচিতা ৰক্ষা কৰা হোৱা নাই। ব্ৰাহ্মণৰ অনেক অংশ সংহিতাত আৰু সংহিতাৰ কিছু অংশ ব্ৰাহ্মণত পোৱা যায়। এই মিশ্ৰণৰ বাবে ইয়াক কৃষ্ণ সংহিতা নাম ৰখা হৈছে। যজুৰবেদৰ অবিকৃত অংশ হ’ল শুক্ল যজুৰবেদ। শুক্ল যজুৰবেদ কাব্যত ৰচনা কৰা হৈছে আৰু ইয়াৰ কাব্য ৰীতি অতি সুন্দৰ আৰু অনন্য। শৈৱ ধৰ্মৰ উৎপত্তি আৰু প্ৰসাৰৰ ক্ষেত্ৰত শুক্ল যজুৰবেদৰ গুৰুত্ব অপৰিসীম। ইয়াত শিৱক আৰ্য আৰু অনাৰ্য উভয়ৰে দেৱতা হিচাপে দেখুওৱা হৈছে। ভাৰতীয় উদাৰ চিন্তা ধাৰা আৰু ঐক্য-সমন্বয়ৰ ভাৱ শুক্ল যজুৰবেদৰ ‘ৰুদ্ৰাধ্যায়’ত সুন্দৰভাৱে পৰিস্ফুট হৈছে।[1]

তথ্যসূত্ৰ:সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং:৩৩৪