যজ্ঞ (সংস্কৃত: यज्ञ, আক্ষৰিক অৰ্থ: 'বলিদান, ভক্তি, পূজা, প্ৰসাদ') শব্দই হিন্দু ধৰ্মত পবিত্ৰ অগ্নিৰ সন্মুখত সচৰাচৰ মন্ত্ৰৰ সৈতে কৰা যিকোনো আচাৰ-অনুষ্ঠানক বুজায়।[1] যজ্ঞ বৈদিক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আহিছে। বৈদিক সাহিত্যৰ ব্ৰাহ্মণসমূহৰ লগতে যজুৰ্বেদতো বৈদিক পৰম্পৰা হিচাপে ইয়াৰ বৰ্ণনা কৰা হৈছে।[2] পবিত্ৰ অগ্নিত আহুতি আৰু তৰ্পণ প্ৰদানৰ পৰা অগ্নিৰ উপস্থিতিত প্ৰতীকী আহুতিলৈ এই পৰম্পৰাৰ বিৱৰ্তন ঘটিছে।[1]

হিন্দু ধৰ্ম
হিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

যজ্ঞ-কাণ্ড সম্পৰ্কীয় সাহিত্যসমূহক বৈদিক উপনিষদত থকা জ্ঞান-কাণ্ড অংশৰ বিপৰীতে বৈদিক সাহিত্যৰ কৰ্মকাণ্ড (আচাৰ-অনুষ্ঠান) অংশ বুলি কোৱা হৈছে। যজ্ঞসদৃশ আচাৰ-অনুষ্ঠানসমূহ সঠিকভাৱে সম্পূৰ্ণ কৰাটো হিন্দু দৰ্শনৰ মীমাংসা শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল।[3] হিন্দু বিবাহ আদিৰ ৰীতি-নীতিত যজ্ঞই কেন্দ্ৰীয় ভূমিকা পালন কৰি আহিছে।[4] আধুনিক কালৰ প্ৰধান হিন্দু মন্দিৰ, হিন্দু সম্প্ৰদায়ৰ উদ্‌যাপন, বা মঠৰ দীক্ষাত বৈদিক যজ্ঞ অনুষ্ঠানো অন্তৰ্ভুক্ত হ'ব পাৰে।

ব্যুৎপত্তি সম্পাদনা কৰক

যজ্ঞ শব্দৰ সংস্কৃত মূল হৈছে যজত যাৰ অৰ্থ হৈছে 'পূজা কৰা, আৰাধনা কৰা, সন্মান কৰা, শ্ৰদ্ধা কৰা' আৰু ইয়াক খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দত ৰচিত প্ৰাচীন বৈদিক সাহিত্যত পোৱা যায়।[5][6] ঋগ্বেদ, যজুৰ্বেদ (উক্ত শব্দৰ পৰা উদ্ভুত) আৰু অন্যান্য সাহিত্যত ইয়াৰ অৰ্থ হৈছে "পূজা, যিকোনো বস্তুৰ প্ৰতি ভক্তি, প্ৰাৰ্থনা আৰু প্ৰশংসা, পূজা বা ভক্তিৰ কাৰ্য্য, নৈবেদ্য বা উছৰ্গাৰ এটা ৰূপ, আৰু বলিদান।" [5] বৈদিক কালৰ পিছৰ সাহিত্যত এই শব্দটোৱে প্ৰকৃত বা প্ৰতীকী আহুতি বা প্ৰযত্নৰে যিকোনো ধৰণৰ ৰীতি-নীতি, অনুষ্ঠান বা ভক্তিক বুজায়।[5]

যজ্ঞ পবিত্ৰ অগ্নিৰ উপস্থিতি বা অনুপস্থিতিত, কেতিয়াবা ভোজ-ভাত আৰু সামূহিক অনুষ্ঠানৰ সৈতে বৃহৎ আনুষ্ঠানিক ভক্তি-আচৰণ আছিল। কোনো কোনো পণ্ডিতৰ মতে ইয়াত দেৱতাসকলৰ পূজা (দেৱপূজন), ঐক্য (সংগতিকৰণ) আৰু দানৰ ত্ৰিগুণ অৰ্থ নিহিত হৈ আছে।[7]

সংস্কৃত শব্দটোৰ সৈতে পাৰ্ছী ধৰ্মৰ (য'ৰ'এষ্ট্ৰিনিয়েজম) আৱেষ্টন ভাষাৰ শব্দ যস্নৰ সম্পৰ্ক আছে। কিন্তু বৈদিক যজ্ঞৰ বিপৰীতে যস্ন হৈছে এটা নিৰ্দিষ্ট ধৰ্মীয় সেৱাৰ নামহে। ই যজ্ঞৰ দৰে এক শ্ৰেণীৰ ৰীতি-নীতি নহয়, আৰু ইয়াৰ সৈতে অগ্নিৰ সলনি পানীৰ সম্পৰ্ক আছে।[8][9] সংস্কৃত শব্দটো প্ৰত্ন-ভাৰত-ইউৰোপীয় মূল *Hyeh2ǵ-ৰ ("পূজা কৰা") পৰা উদ্ভৱ প্ৰাচীন গ্ৰীক শব্দ ἅζομαι (হাজোমাই) অৰ্থাৎ "শ্ৰদ্ধা কৰা"ৰ সৈতে আৰু অধিক সম্পৰ্কিত।

ইতিহাস সম্পাদনা কৰক

বৈদিক যুগৰ পৰাই যজ্ঞ কোনো ব্যক্তিগত বা সামাজিক ৰীতি-নীতিৰ অংশ হৈ আহিছে। যেতিয়া বিধিগতভাৱে দেৱতা আৰু দেৱতাৰ বাৰ্তাবাহক হিচাপে ঐশ্বৰিক অগ্নিক এক যজ্ঞত নিয়োজিত কৰা হৈছিল তেতিয়াই মন্ত্ৰ জপ কৰা হৈছিল।[6] স্তৱক-গীত আৰু অগ্নিত অৰ্পণ কৰা আহুতিসমূহ বৈদিক দেৱতাসকলৰ প্ৰতি আতিথ্যৰ এক প্ৰকাৰ আছিল। প্ৰসাদসমূহ অগ্নিয়ে দেৱতাসকলৰ ওচৰলৈ লৈ যায় বুলি বিশ্বাস কৰা হৈছিলঅ। বিনিময়ত দেৱতাসকলে বৰ আৰু আশীৰ্বাদ প্ৰদান কৰে বুলি আশা কৰা হৈছিল আৰু এইদৰে এই অনুষ্ঠানে দেৱতা আৰু মানুহৰ মাজত আধ্যাত্মিক আদান-প্ৰদানৰ মাধ্যম হিচাপে কাম কৰিছিল।[6][10] বৈদিক সাহিত্যৰ লগত জড়িত বেদাঙ্গসমূহে যজ্ঞৰ সংজ্ঞা নিম্নলিখিতভাৱে দিছে,

এক বৈদিক যজ্ঞৰ সংজ্ঞা'

যজ্ঞ, বলিদান, এনে এক কাৰ্য্য যাৰ দ্বাৰা আমি দেৱতাৰ কাৰণে কিবা এটা আত্মসমৰ্পণ কৰোঁ। এনে কাৰ্য্য এটা পবিত্ৰ কৰ্তৃত্বৰ (আগম) ওপৰত নিৰ্ভৰ কৰিব লাগিব, আৰু মানুহৰ পৰিত্ৰাণৰ (শ্ৰেয়ৰ্থ) বাবে হ'ব লাগিব। উপহাৰৰ প্ৰকৃতিৰ গুৰুত্ব কম। ই হ’ব পাৰে পিঠা (পুৰোদাশ), দালি (কাৰু), মিশ্ৰিত গাখীৰ (সান্নায়), কোনো প্ৰাণী (পশু), সোম-গছৰ ৰস (সোম) ইত্যাদি; নহ'লে, মাখন, আটা আৰু গাখীৰৰ ক্ষুদ্ৰতম নৈবেদ্যই বলিদানৰ উদ্দেশ্যে পূৰ কৰিব পাৰে।

— আপস্তম্ব যজ্ঞ পৰিভাষ-সূত্ৰ ১.১, অনুবাদক: এম ধৱমনি[11][12]

কোনো কোনো পণ্ডিতে কয় যে উপনিষদৰ সময়ত বা খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পিছত যজ্ঞ শব্দটোৰ অৰ্থ পুৰোহিতসকলে জুইৰ চাৰিওফালে কৰা "আচাৰভিত্তিক বলিদান"ৰ পৰা কোনো "ব্যক্তিগত মনোভাৱ আৰু কৰ্ম বা জ্ঞান"লৈ বিকশিত হৈছিল যাৰ বাবে ভক্তি আৰু সমৰ্পণৰ প্ৰয়োজন হৈছিল।[6] আটাইতকৈ পুৰণি বৈদিক উপনিষদসমূহ, যেনে চান্দোগ্য উপনিষদৰ (~৭০০ খ্ৰীষ্টপূৰ্ব) অষ্টম অধ্যায়ত[13] কোৱা হৈছে,

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव
तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं
विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव
तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते॥ १॥

যিটোক সাধাৰণতে যজ্ঞ বুলি কোৱা হয়, সেয়া প্ৰকৃততে পবিত্ৰ জ্ঞানৰ ছাত্ৰৰ সদাচাৰী জীৱন,
কাৰণ এজন ছাত্ৰৰ সদাচাৰী জীৱনৰ দ্বাৰাহে যিজন জ্ঞানী তেওঁ তাক প্ৰাপ্ত কৰে,
যিটোক সাধাৰণতে ইস্তম (বলিদান) বুলি কোৱা হয়, সেয়া প্ৰকৃততে পবিত্ৰ জ্ঞানৰ ছাত্ৰজনৰ সদাচাৰী জীৱন,
কাৰণ ছাত্ৰৰ সদাচাৰী জীৱনেৰে অনুসন্ধান কৰিহে আত্মন (আত্মা, স্ব) পোৱা যায় || ১ ||

—চান্দোগ্য উপনিষদ ৮.৫.১ [13][14]

পুৰোহিত সম্পাদনা কৰক

বৈদিক (শ্ৰৌত) যজ্ঞসমূহ সাধাৰণতে চাৰিগৰাকী পুৰোহিতৰদ্বাৰা সম্পন্ন কৰা হৈছিল। তেওঁলোকক কোৱা হৈছিল যথাক্ৰমে হোতা, অধ্‌বৰ্যু, উদ্গত আৰু ব্ৰাহ্ম (ব্ৰাহ্মণ)।[15] চাৰিওগৰাকী পুৰোহিতৰ কাৰ্যসমূহ আছিল ভিন্ন।[16]

হোতাগৰাকীয়ে ঋগবেদৰ মন্ত্ৰপাঠ কৰিছিল। এইসমূহ আছিল ঋগবেদৰ পাতনি, আনুষংগিক আৰু আশীৰ্বাদৰ স্ত্ৰোত্ৰ।[17] অধ্‌বৰ্যুগৰাকী আছিল পুৰোহিতৰ সহযোগী আৰু মাটিৰ জোখ-মাপ, যজুৰ্বেদত উল্লেখ থকাৰ দৰে বেদী নিৰ্মাণ আদিৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত আছিল। তেওঁ আহুতিও অৰ্পণ কৰিছিল।[17]

উদ্গত আছিল সামবেদৰ স্ত্ৰোত্ৰসমূহৰ পাঠক। হোতাগৰাকীৰ দৰে উদ্গতগৰাকীয়েও পাতনি, আনুষংগিক আৰু আশীৰ্বাদৰ স্ত্ৰোত্ৰসমূহ পাঠ কৰিছিল।[17] আনহাতে ব্ৰাহ্মগৰাকী আছিল সমগ্ৰ অনুষ্ঠানটোৰ কৰ্তৃত্বশীল পুৰোহিত। কোনো কাৰণত ভুল-ভ্ৰান্তি ঘটিলে তেওঁ অথৰ্ববেদৰ স্ত্ৰোত্ৰপাঠ কৰি ইয়াৰ নিৰাময় কৰিছিল।

আহুতি আৰু ধৰণ সম্পাদনা কৰক

সাধাৰণতে যজ্ঞৰ আহুতিস্থলীত তিনিকুৰা জুই প্ৰজ্বলিত কৰা হৈছিল। এই অগ্নিতে আহুতিসমূহ প্ৰদান কৰা হৈছিল। এই আহুতিসমূহৰ ভিতৰত আছিল ঘিঁউ, দুগ্ধ, শস্য, পিঠা আৰু সোমৰস[18] যজ্ঞৰ সময়সীমা ইয়াৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। কোনো প্ৰকাৰৰ যজ্ঞ ক্ষণিকতে শেষ হোৱাৰ বিপৰীতে আন কিছু প্ৰকাৰৰ যজ্ঞ বহুঘণ্টা, একাধিক দিন বা মাহজুৰি চলিছিল। ইয়াৰে কিছুসংখ্যক আছিল ব্যক্তিগত অনুষ্ঠান। সেইদৰে সামূহিকভাৱে অনুষ্ঠিত কৰা যজ্ঞও আছিল।[18][19]

দীৰ্ঘজীৱন, বন্ধু লাভ, স্বাস্থ্য লাভ, স্বৰ্গপ্ৰাপ্তি আদি আছিল যজ্ঞৰদ্বাৰা কামনা কৰা আশিস।[20][21][22]

দুগ্ধজাত সামগ্ৰী, ফল-মূল, পুষ্প, বস্ত্ৰ আৰু ধন অৰ্পণ কৰা যজ্ঞক কোৱা হৈছিল হোম বা হৱন।[23] একাংশ হিন্দু বিবাহত যজ্ঞ অপৰিহাৰ্য। ইয়াত অগ্নিক বিবাহৰ সাক্ষী হিচাপে মান্যতা দিয়া হয়।[24]

প্ৰকাৰ সম্পাদনা কৰক

ভিন্ন প্ৰকাৰৰ যজ্ঞ

কল্পসূত্ৰত (বেদাংগ) যজ্ঞক তলত দিয়া ধৰণে ভাগ কৰা হৈছে:[25]

  • পাক-যজ্ঞ
  • সোম-যজ্ঞ
  • হৱিৰ-যজ্ঞ[26]
  • পঞ্চ-মহা-যজ্ঞ বা মহাসত্ৰ
  • বেদ-ব্ৰত
  • সংস্কাৰ (একেসময়তে কৰা ষোড়শ যজ্ঞ)
পঞ্চ-মহা-যজ্ঞ বা মহাসত্ৰ
যজ্ঞৰ নাম কি উছৰ্গা হয়?[27] কালৈ উছৰ্গা কৰা হয়?[27] Frequency
ভূত-যজ্ঞ খাদ্য সামগ্ৰী জীৱৰ প্ৰতি
(জন্তু, পক্ষী, আদি)
দৈনিক[27][28]
মনুষ্য-যজ্ঞ দান আৰু জল
(সেৱা, দান-দক্ষিণা)
মনুষ্যৰ প্ৰতি দৈনিক[27][28]
পিতৃ-যজ্ঞ জল তৰ্পণ পূৰ্বপুৰুষৰ প্ৰতি দৈনিক[27][28]
দেৱ-যজ্ঞ (হোম) ঘিঁউ[29] দেৱতাসকলৰ প্ৰতি দৈনিক[27][28]
ব্ৰহ্ম-যজ্ঞ বেদৰ মন্ত্ৰোচ্চাৰণ পৰমব্ৰহ্মৰ প্ৰতি সুবিধা অনুযায়ী[27][28]

বাল্মীকিৰ ৰামায়ণত এই কথা কোৱা হৈছে যে ৰামে বহুবাৰ অশ্বমেধ, বাজপেয়, পাণ্ডুৰিক, ৰাজসূয় আৰু অন্যান্য যজ্ঞ অনুষ্ঠিত কৰিছিল।

প্ৰক্ৰিয়া সম্পাদনা কৰক

আধুনিক কালত বৈদিক যজ্ঞ এক বৰ্গাকৃতিৰ বেদীত সম্পন্ন কৰা হয়। এই বেদী এক মণ্ডপ বা মণ্ডলত সজা হয়। বেদীত খৰি আৰু প্ৰজ্বলক সামগ্ৰীৰে জুই ধৰিবলৈ ব্যৱস্থা কৰা হয়।[30] প্ৰাচীন কালত সমূহীয়া যজ্ঞত বৰ্গ আকৃতিটো জটিল সজ্জাৰে সৈতে সজা হৈছিল।[31][31][32] শুল্ব সূত্ৰত এই জ্যামিতিক আকৃতিৰ অনুপাতসমূহ বৰ্ণনা কৰা হৈছে।[31] আহুতিসমূহক সামগ্ৰী (বা যজকা, ইষ্টম) বুলি জনা যায়। ইয়াৰ শুদ্ধ প্ৰক্ৰিয়াসমূহৰ বিষয়ে যজুৰ্বেদৰ লগতে ব্ৰাহ্মণসমূহত উল্লেখ আছে।[30][30][33]

বিবাহৰ সময়ত সম্পাদনা কৰক

বৈদিক যজ্ঞ হিন্দু বিবাহ অনুষ্ঠানৰ এক অপৰিহাৰ্য অংগ

অগ্নি আৰু যজ্ঞই হিন্দু বিবাহত এক কেন্দ্ৰীয় ভূমিকা পালন কৰে। অগ্নিৰ সন্মুখতে বৰ-কন্যা উভয়ে উভয়ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হয়। অগ্নিক প্ৰকৃতাৰ্থত বা প্ৰতীকিভাৱে প্ৰদক্ষিণ কৰিলেহে বিবাহ সম্পূৰ্ণ হয়।[34] অগ্নিৰ উপস্থিতিত ঋগবেদৰ মন্ত্ৰোচ্ছাৰণ কৰা হয়।[4][35]

যজ্ঞৰ অগ্নিক বৰ-কন্যাৰ অংগীকাৰৰ সাক্ষী বুলি গণ্য কৰা হয়। দুয়ো অগ্নিক সাতবাৰ প্ৰদক্ষিণ কৰিব লাগে। ইয়াক কোৱা হয় সপ্তপদী[36][37]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 SG Nigal (1986), Axiological Approach to the Vedas, Northern Book, আই.এচ.বি.এন. 978-8185119182, pages 80–81
  2. Laurie Patton (2005), The Hindu World (Editors: Sushil Mittal, Gene Thursby), Routledge, আই.এচ.বি.এন. 978-0415772273, pages 38-39
  3. Randall Collins (1998), The Sociology of Philosophies, Harvard University Press, আই.এচ.বি.এন. 978-0674001879, page 248
  4. 4.0 4.1 Hindu Saṁskāras: Socio-religious Study of the Hindu Sacraments, Rajbali Pandey (1969), see Chapter VIII, আই.এচ.বি.এন. 978-8120803961, pages 153-233
  5. 5.0 5.1 5.2 Monier Monier-Williams, Sanskrit English Dictionary, Oxford University Press, আই.এচ.বি.এন. 978-8120831056 (Reprinted in 2011), pages 839-840
  6. 6.0 6.1 6.2 6.3 Jack Sikora (2002), Religions of India, iUniverse, আই.এচ.বি.এন. 978-0595247127, page 86
  7. Nigal, p. 81.
  8. Drower, 1944:78
  9. Boyce, 1975:147-191
  10. "Give and take spirit" (en-IN ভাষাত). The Hindu. 2019-05-31. ISSN 0971-751X. https://www.thehindu.com/society/faith/give-and-take-spirit/article27393857.ece. 
  11. M Dhavamony (1974). Hindu Worship: Sacrifices and Sacraments. Studia Missionalia. 23. Gregorian Press, Universita Gregoriana, Roma. পৃষ্ঠা. 107–108. https://books.google.com/books?id=kwLaO91rsu0C. 
  12. Jan Gonda (1980). Handbuch Der Orientalistik: Indien. Zweite Abteilung. BRILL Academic. পৃষ্ঠা. 345–346. ISBN 978-90-04-06210-8. https://books.google.com/books?id=7UBxYpXWP30C. 
  13. 13.0 13.1 Robert Hume, Chandogya Upanishad 8.5.1, Oxford University Press, page 266
  14. Jack Sikora (2002), Religions of India, iUniverse, আই.এচ.বি.এন. 978-0595247127, page 87
  15. Mahendra Kulasrestha (2007), The Golden Book of Upanishads, Lotus, আই.এচ.বি.এন. 978-8183820127, page 21
  16. Nigal, p. 79.
  17. 17.0 17.1 17.2 Robert Hume, Brihadaranyaka Upanishad 3.1, Oxford University Press, pages 107- 109
  18. 18.0 18.1 Ralph Griffith, The texts of the white Yajurveda EJ Lazarus, page i-xvi, 87-171, 205-234
  19. Frits Staal (2009), Discovering the Vedas: Origins, Mantras, Rituals, Insights, Penguin, আই.এচ.বি.এন. 978-0143099864, page 124
  20. Michael Witzel (2003), "Vedas and Upaniṣads", in The Blackwell Companion to Hinduism (Editor: Gavin Flood), Blackwell, আই.এচ.বি.এন. 0-631215352, pages 76-77
  21. Frits Staal (2009), Discovering the Vedas: Origins, Mantras, Rituals, Insights, Penguin, আই.এচ.বি.এন. 978-0143099864, pages 127-128
  22. Ralph Griffith, The texts of the white Yajurveda EJ Lazarus, page 163
  23. "What is Havan? - Definition from Yogapedia" (en ভাষাত). Yogapedia.com. https://www.yogapedia.com/definition/6783/havan। আহৰণ কৰা হৈছে: 2020-08-22. 
  24. Hazen, Walter. Inside Hinduism. Lorenz Educational Press. আই.এচ.বি.এন. 9780787705862. P. 34.
  25. Prasoon, Ch.2, Vedang, Kalp.
  26. "Is Sacrificial Killing Justified? from the Chapter "The Vedas", in Hindu Dharma". kamakoti.org. http://kamakoti.org/hindudharma/part5/chap23.htm। আহৰণ কৰা হৈছে: 2019-03-09. 
  27. 27.0 27.1 27.2 27.3 27.4 27.5 27.6 Tadeusz Skorupski (2015). Michael Witzel. ed. Homa Variations: The Study of Ritual Change Across the Longue Durée. Oxford University Press. পৃষ্ঠা. 78–81. ISBN 978-0-19-935158-9. https://books.google.com/books?id=tIShCgAAQBAJ. 
  28. 28.0 28.1 28.2 28.3 28.4 Klaus K. Klostermaier (2007). A Survey of Hinduism: Third Edition. State University of New York Press. পৃষ্ঠা. 125–127. ISBN 978-0-7914-7082-4. https://books.google.com/books?id=E_6-JbUiHB4C. 
  29. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. Rosen Publishing Group. পৃষ্ঠা. 186. ISBN 978-0-8239-3179-8. https://www.google.ca/books/edition/The_Illustrated_Encyclopedia_of_Hinduism/5kl0DYIjUPgC?hl=en&gbpv=1&dq=devayajna&pg=PA186&printsec=frontcover. 
  30. 30.0 30.1 30.2 ML Varadpande, History of Indian Theatre, Volume 1, Abhinav, ISBN, pages 45-47
  31. 31.0 31.1 31.2 Kim Plofker (2009), Mathematics in India, Princeton University Press, আই.এচ.বি.এন. 978-0691120676, pages 16-27
  32. Ralph Griffith, The texts of the white Yajurveda EJ Lazarus, pages 87-171
  33. ML Varadpande, History of Indian Theatre, Volume 1, Abhinav, ISBN, page 48
  34. The Illustrated Encyclopedia of Hinduism: A-M, James G. Lochtefeld (2001), আই.এচ.বি.এন. 978-0823931798, Page 427
  35. P.H. Prabhu (2011), Hindu Social Organization, আই.এচ.বি.এন. 978-8171542062, see pages 164-165
  36. BBC News article on Hinduism & Weddings, Nawal Prinja (August 24, 2009)
  37. Shivendra Kumar Sinha (2008), Basics of Hinduism, Unicorn Books, ISBN 978-81-7806-155-9, https://books.google.com/books?id=pSOEETzRVqsC, "The two rake the holy vow in the presence of Agni ... In the first four rounds, the bride leads and the groom follows, and in the final three, the groom leads and the bride follows. While walking around the fire, the bride places her right palm on the groom's right palm and the bride's brother pours some unhusked rice or barley into their hands and they offer it to the fire ..." 

গ্ৰন্থপঞ্জী সম্পাদনা কৰক