যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী

যতীন্দ্ৰ কুমাৰ বৰগোহাঞি (ইংৰাজী: Jatindra Kumar Borgohain) অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল। ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[1][2][3][4][5][6][7]

যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
জন্ম ৮ ছেপ্টেম্বৰ, ১৯৫০
জখলাবন্ধা,অসম
মৃত্যু ১৮ ডিচেম্বৰ, ২০১৩ (৬৩ বছৰ)
গুৱাহাটী,অসম
পেচা সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
মাতৃশিক্ষায়তন আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমিৰ অনুবাদ বঁটা, বিষ্ণু ৰাভা বঁটা, যোৰহাট কবি সন্মিলনৰ গাণ্ডীৱ বঁটা
দাম্পত্যসংগী হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি

জীৱনী সম্পাদনা কৰক

১৯৫০ চনৰ ৮ ছেপ্টেম্বৰত নগাঁৱৰ জখলাবন্ধাত জন্ম লাভ কৰা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পিতৃ আছিল শশীকান্ত বৰগোহাঞি আৰু মাতৃ সাবিত্ৰী বৰগোহাঞি। শশীকান্ত বৰগোহাঞি এগৰাকী মুক্তিযোদ্ধা আৰু সাবিত্ৰী বৰগোহাঞি সমাজসেৱিকা আৰু লেখিকা আছিল।[5][1]১৯৬৬ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অৰ্থনীতি বিষয়ত স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে।[1] ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই পুনৰ প্ৰথম শ্ৰেণীসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ ১৯৭৪ চনৰ ১ আগষ্টৰ পৰা বৰপেটাৰ বৰপেটাৰোড হাউলী মহাবিদ্যালয়ত অৰ্থনীতি বিষয়ৰ অধ্যাপক হিচাপে অস্থায়ীভাৱে প্ৰায় এবছৰ কাল সেৱা আগবঢ়ায়। ১৯৭৬ চনৰ অক্টোবৰ মাহত তেওঁ যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।[6][4]

১৯৭৬ চনৰ ৬ মাৰ্চত যতীন্দ্ৰ কুমাৰ বৰগোহাঞি হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2] ১৯৮৯ চনলৈকে শিক্ষকতা কৰাৰ পিছত ১৯৯০ চনৰ জানুৱাৰী মাহত তেওঁ দৈনিক জনমভূমি কাকতৰ সম্পাদকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। সেই বছৰৰে ডিচেম্বৰ পৰ্যন্ত সম্পাদক হিচাপে দায়িত্ব চম্ভালি জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰে আৰু ১৯৯৩ চনৰ ডিচেম্বৰ মাহলৈকে অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5]১৯৯২ চনত তেওঁ সাপ্তাহিক আসাম বিলাসিনী নামৰ কাকতখনৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কাৰ্যৰত আছিল। ১৯৯৪ চনৰ জানুৱাৰীত তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ শিক্ষকৰ পদ ইস্তফা দি নতুন দৈনিক নামৰ দৈনিক কাকতখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰে পৰাই তেওঁ গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। ১৯৯৬ চনৰ শেষভাগলৈকে তেওঁ নতুন দৈনিকৰ সম্পাদক পদত আছিল।[5] বিভিন্ন সময়ত তেওঁ সাপ্তাহিক মুখামুখি, সাপ্তাহিক স্বদেশ, সাপ্তাহিক পূৰ্বদেশ, দৈনিক প্ৰভাত নামৰ কাকতকেইখন আৰু মাহেকীয়া সমকাল, ছন্দশিল্প আদি আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনৰ জানুৱাৰীত তেওঁ পুনৰ নতুন দৈনিক কাকতৰ সম্পাদক হয়। ২০১০ চন তেওঁ প্ৰাগ নিউজৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও একেই বছৰতে ইস্তফাও দিয়ে। ১৯৭২, ১৯৭৪, ১৯৭৫ আৰু ১৯৮৮ চনত তেওঁ মাহেকীয়া সমকাল নামৰ আলোচনীখনো সম্পাদনা কৰিছিল। পুৱাৰ বাতৰি প্ৰকাশনৰ পৰা পুৱাৰ বাতৰি নামৰ কাকতখন তেওঁ প্ৰকাশ কৰিছিল। তদুপৰি গীতাশ্ৰী গগৈৰ দ্বাৰা সম্পাদিত অসমীয়া নাৰীযুগ নামৰ মাহেকীয়া আলোচনীখনৰো প্ৰকাশক আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞি।[2]

সাহিত্যকৃতি আৰু সমাজসেৱা সম্পাদনা কৰক

যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে তেওঁৰ জীৱন কালত বিভিন্ন বিষয়ত ৪৫ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰি গৈছে।[2]সমাজ, সংস্কৃতি, অৰ্থনীতি আৰু ইতিহাস বিষয়ৰ ৬খন উল্লেখনীয় গ্ৰন্থ তেওঁ প্ৰনয়ণ কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত ৩খন উপন্যাসৰ লগতে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত পোন্ধৰখনৰো অধিক উপন্যাস, ২খন গল্প সংকলন, ৫খন কবিতা সংকলন, ২খন অনুবাদ সংকলন, ৩খন অনুবাদ গ্ৰন্থ আৰু ৩খন নাটকেৰে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াই গৈছে।[5] তদুপৰি তেওঁ ১৫০ তকৈও অধিক গল্প ৰচনা কৰিছিল। সংস্কৃত, ইংৰাজী, বঙালী, হিন্দী আৰু অসমীয়া ভাষাত সমানে ব্যুৎপত্তি থকা বৰগোহাঞিৰ দ্বাৰা ৰচিত সৃষ্টি আৰু কৰ্মৰাজি তলত উল্লেখ কৰা হৈছে:

সম্পাদনা কৰা কাকত আলোচনী সম্পাদনা কৰক

  • মাহেকীয়া সমকাল- ১৯৭২, ১৯৭৪, ১৯৭৫, ১৯৮৮
  • দৈনিক জনমভূমি- ১৯৯০ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰ
  • নতুন দৈনিক- ১৯৯৪-১৯৯৭, পুনৰ ২০০৪-২০০৬
  • সাপ্তাহিক আসাম বিলাসিনী- ১৯৯২-১৯৯৫
  • তদুপৰি সাপ্তাহিক স্বদেশ, সাপ্তাহিক পূৰ্বদেশ, ছন্দশিল্প, সাপ্তাহিক মুখামুখি, দৈনিক প্ৰভাত আদি বিভিন্ন কাকত আলোচনীৰ সম্পাদনা বিভিন্ন সময়ত।

প্ৰকাশিত গ্ৰন্থ সম্ভাৰ সম্পাদনা কৰক

ঐতিহাসিক, সাংস্কৃতিক সম্পাদনা কৰক

  • অসমৰ অৰ্থনৈতিক ইতিহাস
  • অসমৰ সাংস্কৃতিক ইতিহাস (প্ৰথম প্ৰকাশ নবীন পুস্তকালয়, দ্বিতীয় প্ৰকাশ সৰস্বতী প্ৰকাশন, ১৯৯১ চনত এই গ্ৰন্থৰ বাবে বিষ্ণু ৰাভা বঁটা)
  • অসমৰ উৎসৱ আৰু পূজা
  • অসমৰ সাংস্কৃতিক ইতিহাস- প্ৰথম খণ্ড (প্ৰকাশক- অসম সাহিত্য সভা)
  • অসমৰ সামাজিক ৰূপান্তৰ আৰু মধ্য শ্ৰেণীৰ বিকাশ
  • উত্তৰ আধুনিকতা আৰু মানৱোত্তৰ ভবিষ্যৎ
  • অসুৰ সভ্যতাৰ পৰা গোলকীয় দুষ্কৃতিলৈ

প্ৰবন্ধ সংকলন সম্পাদনা কৰক

  • সন্ত্ৰাস-বিদ্ৰোহ-বিপ্লৱ
  • মুংডুন চুন খাম এটি সপোনৰ নাম

গল্প সংকলন সম্পাদনা কৰক

  • ইকেৰাচৰ ডেউকা
  • অলিখিত ইতিহাস

উপন্যাস সম্পাদনা কৰক

  • কলংনিঃস্ব সুদূৰ
  • পৃথিৱীৰ মৰম
  • তৃষাগ্নি

কাব্য সংকলন সম্পাদনা কৰক

মৌলিক কাব্য সংকলন সম্পাদনা কৰক
  • একুৰিয়ামত বন্দী মাছ
  • কলংনিঃস্ব সুদূৰ আৰু অন্যান্য কবিতা
  • মই এই উপত্যকাৰ সৰ্বোচ্চ শিখৰত বাস কৰোঁ
অনূদিত কাব্য সংকলন সম্পাদনা কৰক
  • কৃষ্ণাংগ কবিৰ কবিতা (যুটীয়াভাৱে অৱণী চক্ৰৱৰ্তীৰ সৈতে)
  • নেৰুদাৰ কবিতা

অনূদিত সম্পাদনা কৰক

  • লোকায়ত দৰ্শন
  • India's struggle for Independence
  • Court, Legislature and privileges

নাটক সম্পাদনা কৰক

  • হিৰন্ময় মানুহ
  • চাইৰেণ দ্বীপ

স্মাৰক বক্তৃতা সম্পাদনা কৰক

  • হৰেন্দ্ৰ নাথ বৰুৱা স্মাৰক বক্তৃতা, ১৯৯৫- Role of Media in present day Assam
  • হৰকান্ত মহন্ত স্মাৰক বক্তৃতা, ১৯৯৫ চনত দেৰগাওঁ সাহিত্য সভাৰ দ্বাৰা আয়োজিত- Role of middle class of Assam in nation building
  • গোলকীকৰণৰ পটভূমিত গোলকীয় ৰাজনীতি, অৰ্থনীতি আৰু গোলকীয় কৃষ্টি (চিৰন্তন সাহিত্যৰ দিন, ২০০১ চন)
  • তুলসী নাৰায়ণ শৰ্মা স্মাৰক বক্তৃতা, ২০০১ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত- Social change in Assam

কেইবাখনো কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা যতীন্দ্ৰ কুমাৰ বৰগোহাঞি অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকীয় পেনেলত থকাৰ উপৰিও আন কেইবাখনো কাকতৰ নিয়মীয় স্তম্ভলেখক আৰু সাম্প্ৰতিক ঘটনাপ্ৰৱাহৰ বিশ্লেষক আছিল।[5] প্ৰগতিশীল চিন্তা-চৰ্চাত বিশ্বাসী বৰগোহাঞিয়ে অৰ্থনীতি বিষয়ৰ বহু প্ৰবন্ধ ৰচনা কৰিছিল। বিভিন্ন কাকত-আলোচনী ইত্যাদিত প্ৰকাশিত তেওঁৰ স্তম্ভ প্ৰবন্ধৰ সংখ্যা প্ৰায় দুই সহস্ৰাধিক।[2] শেহতীয়াকৈ তেওঁ Voice of Assam নামৰ এখন অনলাইন কাকতৰ মুখ্য সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০১৩ চনৰ ৩০ ডিচেম্বৰ তাৰিখে কাকতখনৰ প্ৰথম সংখ্যা উন্মোচন হৈ যায়।

ছাত্ৰাৱস্থাৰ পৰাই ছাত্ৰ, যুৱক, কৃষক, শ্ৰমিক আন্দোলনত জড়িত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে কিছুদিনৰ বাবে গুৱাহাটীৰ নেপছ্ নামৰ মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[5]

বঁটা-সন্মান সম্পাদনা কৰক

১৯৮৯ চনত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিক তেওঁৰ অসমৰ সাংস্কৃতিক ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে দধি মহন্ত সোৱঁৰণি ন্যাসে বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিছিল।[2] তদুপৰি 'অসমৰ উৎসৱ আৰু পূজা' নামৰ গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাৰ ভৰত চন্দ্ৰ বৰুৱা বঁটা লাভ কৰিছিল বৰগোহাঞিয়ে। তেওঁক তিনিচুকীয়াৰ এডুকেশ্যন ন্যাসৰ সংবাদৰত্ন বঁটাও প্ৰদান কৰা হৈছিল।[5] অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু বৰগোহাঞিৰ দ্বাৰা বঙালী ভাষাৰ পৰা অনূদিত দেৱীপ্ৰসাদ চট্ট্যোপাধ্যায়ৰ 'লোকায়ত দৰ্শন' নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ২০০৯ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে (২০১০ চনত ঘোষিত হৈছিল)।[6] 'একুৰিয়ামত বন্দী মাছ' শীৰ্ষক কবিতা সংকলনৰ বাবে যোৰহাট কবি সন্মিলনে তেওঁক গাণ্ডীৱ সন্মান প্ৰদান কৰিছিল। এই কবিতা সংকলনখন ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষালৈ অনূদিত হৈছে।

মৃত্যু সম্পাদনা কৰক

২০১৩ চনৰ ১৬ ডিচেম্বৰৰ পুৱা নিদ্ৰাৰত অৱস্থাতে মগজুৰ ষ্ট্ৰ'ক হৈ ৰক্তক্ষৰণ হোৱা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিক সংকটজনক অৱস্থাত গুৱাহাটীৰ হায়াত হস্পিটেলত চিকিৎসাধীন কৰা হৈছিল। চিকিৎসাধীন অৱস্থাতেই ১৮ ডিচেম্বৰৰ বিয়লি প্ৰায় ২.৫০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[5][1] মৃত্যুৰ সময়ত তেওঁ পত্নী সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আৰু চাৰিগৰাকী সন্তান ক্ৰমে ড॰ মাধুৰ্য মধুৰ বৰগোহাঞি, ডা° মৃণাল মধুৰ বৰগোহাঞি, ডা° মৰমী মাধুৰী বৰগোহাঞি আৰু ডা° জিকমিক ৰূপালী জোনাকক এৰি গৈছে।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "আমাৰ অসম". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304124819/http://amarasom.glpublications.in/Details.aspx?id=16048&boxid=125740906। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "দৈনিক অসম". http://www.assamtribune.com/scripts/displaypage.asp?id=dec1913,1,78,357,1344,1806। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. [সংযোগবিহীন উৎস]
  3. "দ্য আসাম ট্ৰিবিউন". http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1913/at09। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. [সংযোগবিহীন উৎস]
  4. 4.0 4.1 "অসমীয়া প্ৰতিদিন". http://anax1b.pressmart.net/asomiya/PUBLICATIONS/AS/AS/2013/12/19/ArticleHtmls/19122013001010.shtml?Mode=1। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 5.8 "দৈনিক জনমভূমি ই পেপাৰ". http://www.dainikjanambhumi.co.in/। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. 
  6. 6.0 6.1 6.2 6.3 "আজিৰ দৈনিক বাতৰি ই পেপাৰ". Archived from the original on 2008-10-12. https://web.archive.org/web/20081012063307/http://ajirdainikbatori.com/। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013. 
  7. "আসাম টাইমছ". http://www.assamtimes.org/node/9161। আহৰণ কৰা হৈছে: ডিচেম্বৰ 19, 2013.