ৰঙা চাহ

(লাল চাহৰ পৰা পুনঃনিৰ্দেশিত)

ৰঙা চাহ বা লাল চাহ (ইংৰাজী: Black Tea) হৈছে এক প্ৰকাৰৰ চাহ যি উলং, হালধীয়া, বগা আৰু সেউজীয়া চাহতকৈ অধিক অক্সিডাইজ যুক্ত। সাধাৰণতে আন চাহতকৈ লাল চাহৰ সোৱাদ অধিক শক্তিশালী। পাঁচোটা প্ৰকাৰৰ জোপোহা (বা সৰু গছ) কেমেলিয়া চাইনেন্সিছৰ পাতৰ পৰা তৈয়াৰ কৰা হয় যদিও কেমেলিয়া টেলিয়েনচিছৰ ব্যৱহাৰ তুলনামূলকভাৱে কমকৈ কৰা হয়।[2][3][4]

ৰঙা/লাল চাহ

এবাতি ৰঙা চাহ
প্ৰকাৰ পানীয়
উৎপত্তিৰ দেশ চীন[1]
ৰং গাঢ় ৰঙা
সোৱাদ সামান্য তিতা, বা মিঠা
ভিন্ন প্ৰকাৰ আদা, জালুক দিয়া ৰঙা চাহ
আনুষংগিক পণ্য চাহ

এই চাহৰ বাবে চাহ প্ৰজাতিটোৰ দুটা প্ৰধান প্ৰজাতি ব্যৱহাৰ কৰা হয় – সৰু পাতৰ চীনা জাতৰ উদ্ভিদ (C. sinensis var. sinensis) আৰু বৃহৎ পাতৰ অসম চাহৰ উদ্ভিদ (C. sinensis var. assamica)।

প্ৰথমে চীনত উৎপত্তি হোৱা এই পানীয়ৰ নাম হং চা (চীনা: 紅茶, "ৰঙা চাহ") কাৰণ উপযুক্তভাৱে উতলিবলৈ দিলে কৰিলে অক্সিডাইজড পাতৰ ৰং ৰঙা হয়।[1] বৰ্তমান ইণ্ডোনেছিয়া, জাপান, কোৰিয়া আৰু ছিংগাপুৰকে ধৰি সমগ্ৰ পূব আৰু দক্ষিণ-পূব এছিয়াত এই পানীয়ৰ ব্যৱহাৰ তথা চাহৰ উৎপাদনে ব্যাপকতা লাভ কৰিছে।[5] দক্ষিণ এছিয়াৰ দেশসমূহতো একেধৰণৰ ভিন্নতা উপলব্ধ।

সাধাৰণতে গ্ৰীণ টিয়ে এবছৰৰ ভিতৰতে সোৱাদ হেৰুৱাই পেলায় যদিও ৰঙা চাহে কেইবাবছৰ ধৰি নিজৰ সোৱাদ বজাই ৰাখে। এই কাৰণে ই দীৰ্ঘদিন ধৰি বাণিজ্যৰ পণ্য হৈ আহিছে আৰু আনকি ১৯ শতিকাৰ বহু আগলৈকে মংগোলিয়া, তিব্বত আৰু চাইবেৰিয়াত ৰঙা চাহৰ একোটা সংকোচিত টোপোলায়ে বাস্তৱিক মুদ্ৰাৰ এটা প্ৰকাৰ হিচাপেও কাম কৰিছিল।[6]

পানীয় প্ৰস্তুতকৰণ সম্পাদনা কৰক

 
চিংফৌ সকলৰ পৰম্পৰাগত ফালাপ (চাহ) পানীয় প্ৰস্তুতকৰণ

সাধাৰণতে প্ৰতি ২৩৭ মিলিলিটাৰ পানীত ২.২৬ গ্ৰাম চাহ ব্যৱহাৰ কৰা হয়।[7] অধিক উষ্ণতাত উতলালে তিতা হৈ পৰা সেউজীয়া চাহৰ দৰে নহৈ, ৰঙা চাহ ২১২ ডিগ্ৰী ফাৰেনহাইট (১০০ ডিগ্ৰী চেলছিয়াছ) পৰ্যন্ত পানীত ৩-৫ মিনিট সময় ৰাখিব লাগে।[8] গোটা পাতৰ ক'লা চাহ, আৰু গাখীৰ বা নেমুৰ সৈতে পৰিবেশন কৰিবলগীয়া ক'লা চাহ চাৰিৰ পৰা পাঁচ মিনিট তিয়াই ৰাখিব লাগে।[9] দাৰ্জিলিঙৰ দৰে অধিক সৰু আকাৰৰ ক’লা চাহপাতবোৰ তিনি-চাৰি মিনিট তিয়াই থ’ব লাগে। ভঙা চাহপাতৰ ক্ষেত্ৰতো একেই কথা। দীঘলীয়া সময়ৰ বাবে পানীত উতলিবলৈ দিয়া চাহ তিতা হৈ পৰে। যেতিয়া চাহ খোৱাজনৰ ৰুচি অনুসৰি চাহপাত দি যথেষ্ট সময় উতলোৱা হয়, তেতিয়া পৰিবেশন কৰাৰ আগতে চাহখিনি চেকি ল’ব লাগে।

আই এছ অ' ষ্টেণ্ডাৰ্ড ৩১০৩ ত সোৱাদৰ বাবে চাহ কেনেকৈ বনাব লাগে তাৰ সংজ্ঞা দিয়া হৈছে।[10] "এই মানদণ্ড সাধাৰণ ব্যৱহাৰৰ বাবে চাহ বনোৱাৰ সঠিক পদ্ধতি সংজ্ঞায়িত কৰাৰ উদ্দেশ্যে দিয়া হোৱা নাই, বৰঞ্চ ইয়াত কেৱল চাহ বনোৱা পদ্ধতিহে নথিভুক্ত কৰা হৈছে য'ত অৰ্থপূৰ্ণভাৱে সংবেদনশীলতাৰ তুলনা কৰিব পৰা যায়।" এইদৰে এই মিশ্ৰণটো সাধাৰণ ব্যৱহাৰৰ তুলনাত প্ৰায় দুগুণ সময় অধিক ঘনীভূত হ'বলৈ দিয়া হয়।

আই এছ অ’ ৩১০৩ ৰঙা চাহ বনোৱা পদ্ধতি:

  • উতলোৱাৰ উষ্ণতা ৯০–৯৫ ডিগ্ৰী চেলছিয়াছ
  • ১০০ মিলিলিটাৰ পানী
  • ২ গ্ৰাম চাহ
  • উতলোৱাৰ সময় ৬ মিনিট

গৱেষণা সম্পাদনা কৰক

 
বিস্কুটৰ সৈতে একাপ ৰঙা চাহ।

মিঠা বা সংযোজকবিহীন সাধাৰণ ৰঙা চাহত কেফেইন থাকে, অৱশ্যে নগণ্য পৰিমাণৰ কেলৰি বা পুষ্টিকৰ উপাদানো থাকে।[11] কেমেলিয়া চাইনেন্সিছৰ ৰঙা চাহত পলিফেনল, যেনে ফ্লেভন'ইড থাকে আৰু এইবোৰ হৃদযন্ত্ৰৰ ৰোগৰ বাবে বিপদজনক কাৰক হিচাপে ৰক্তচাপ আৰু তেজৰ লিপিডক প্ৰভাৱিত কৰাৰ সম্ভাৱনাৰ বাবে প্ৰাথমিক গৱেষণাৰ অধীনত আছে।[11][12]

দীৰ্ঘদিন ধৰি ৰঙা চাহ সেৱন কৰিলে চিষ্টোলিক আৰু ডায়েষ্টোলিক ৰক্তচাপ (প্ৰায় ১–২ মিলিমিটাৰ হাৰ্টজেট) অলপহে হ্ৰাস পায়।[12][13] ৰঙা চাহ সেৱনৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সম্ভাৱনা থাকিব পাৰে, কিন্তু এই সম্ভাৱনাৰ মূল্যায়নৰ বাবে বৰ্তমালৈ সীমিত গৱেষণাহে কৰা হৈছে।[14][15]

পৰ্যবেক্ষণমূলক অধ্যয়নৰ মেটা-বিশ্লেষণে এই সিদ্ধান্তত উপনীত হৈছে যে ৰঙা চাহ সেৱনে এছিয়ান বা ককেচীয়ান জনসংখ্যাৰ মুখৰ কৰ্কট ৰোগ, এছিয়ান জনসংখ্যাৰ খাদ্যনলীৰ কৰ্কট ৰোগ বা প্ৰষ্টেট কৰ্কট ৰোগ বা হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিকাশত কোনো প্ৰভাৱ পেলোৱা নাই।[11][16][17][18]

ৰঙা চাহৰ ওপৰত প্ৰায়ে গঠিত দৃশ্যমান ফিল্ম অক্সিডাইজড পলিফেনল আৰু কেলচিয়াম কাৰ্বনেটৰে গঠিত, আৰু সেয়েহে কঠিন পানীৰে প্ৰস্তুত কৰা চাহৰ বাবে ই অধিক গুৰুত্ব লাভ কৰিছে।[19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Heiss, Mary Lou; Heiss, Robert (2011). The Story of Tea: A Cultural History and Drinking Guide. Potter. ISBN 978-1607741725. https://books.google.com/books?id=gxCBfNmnvFEC&pg=PT31. 
  2. "Laoshu Dianhong (Old Tree Yunnan)". https://sevencups.com/shop/lao-shu-dian-hong-old-tree-yunnan. 
  3. "Yunnan da Bai Silver Needles – Tea Trekker". https://teatrekker.com/product/yunnan-da-bai-silver-needles/. 
  4. Liu et al. (2012)
  5. Nanien, Yuniar; Aria, Cindyara; Sri, Haryati (14 November 2019). "Important to learn about Indonesian tea diversity: Expert". Antara Newsen.antaranews.com. https://en.antaranews.com/news/136588/important-to-learn-about-indonesian-tea-diversity-expert। আহৰণ কৰা হৈছে: 15 October 2021. 
  6. Bressett, Ken. "Tea Money of China". International Primitive Money Society Newsletter (44, August 2001). 
  7. "Black Tea". https://www.lipton.com/us/en/our-teas/black-tea.html. 
  8. "Lipton, Black Tea - SmartLabel™". https://smartlabel.unileverusa.com/041000002854-0002-en-US/index.html#other. 
  9. Upton Tea Imports, "A Brief Guide to Tea". http://www.uptontea.com/shopcart/information/INFObriefGuide.pdf। আহৰণ কৰা হৈছে: 2006-10-21. 
  10. ISO3103, "ISO 3103". http://www.iso.org/iso/iso_catalogue/catalogue_tc/catalogue_detail.htm?csnumber=8250. 
  11. 11.0 11.1 11.2 "Black tea: How effective is it?". MedlinePlus, US National Library of Medicine. 2015. https://medlineplus.gov/druginfo/natural/997.html#Effectiveness। আহৰণ কৰা হৈছে: 15 March 2015. 
  12. 12.0 12.1 "Green and black tea for the primary prevention of cardiovascular disease". Cochrane Database Syst Rev খণ্ড 2013 (6): CD009934. June 2013. doi:10.1002/14651858.CD009934.pub2. PMID 23780706. 
  13. "Effects of tea intake on blood pressure: a meta-analysis of randomised controlled trials". Br J Nutr খণ্ড 112 (7): 1043–54. October 2014. doi:10.1017/S0007114514001731. PMID 25137341. 
  14. "Tea consumption and risk of stroke: a dose-response meta-analysis of prospective studies". J Zhejiang Univ Sci B খণ্ড 13 (8): 652–62. August 2012. doi:10.1631/jzus.B1201001. PMID 22843186. 
  15. Larsson SC (January 2014). "Coffee, tea, and cocoa and risk of stroke". Stroke খণ্ড 45 (1): 309–14. doi:10.1161/STROKEAHA.113.003131. PMID 24326448. 
  16. "Association of tea consumption and the risk of oral cancer: a meta-analysis". Oral Oncol খণ্ড 50 (4): 276–81. April 2014. doi:10.1016/j.oraloncology.2013.12.014. PMID 24389399. 
  17. "Green tea and black tea consumption and prostate cancer risk: an exploratory meta-analysis of observational studies". Nutr Cancer খণ্ড 63 (5): 663–72. June 2011. doi:10.1080/01635581.2011.570895. PMID 21667398. 
  18. "Tea consumption and prostate cancer: an updated meta-analysis". World J Surg Oncol খণ্ড 12: 38. February 2014. doi:10.1186/1477-7819-12-38. PMID 24528523. 
  19. Giacomin, Caroline E.; Fischer, Peter (September 2021). "Black tea interfacial rheology and calcium carbonate". Physics of Fluids খণ্ড 33 (9): 092105. doi:10.1063/5.0059760. https://aip.scitation.org/doi/full/10.1063/5.0059760.