লুই ঙাই নি (ইংৰাজী: Lui Ngai Ni) হৈছে ভাৰতৰ মণিপুৰনগা জনগোষ্ঠীসমূহৰ দ্বাৰা উদযাপন কৰা বীজ-বোৱাৰ উৎসৱ।[1] এই উৎসৱৰ দ্বাৰা বীজ বোৱাৰ ঋতুৰ আৰম্ভণি হয় আৰু নগাসকলৰ বাবে বছৰটো আৰম্ভ হয়। এই উৎসৱটো ১৯৮৮ চনৰ পৰা মণিপুৰত ৰাজ্যিক ছুটিৰ দিন ৰূপে ঘোষণা কৰা হয়।[2]

লুই ঙাই নি
প্ৰকাৰ নগা সাংস্কৃতিক উৎসৱ
মহত্ব মণিপুৰৰ নগা জনগোষ্ঠীসকলৰ বীজ বোৱা উৎসৱ
উদযাপন সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী আৰু কাৰ্যকলাপ
আচাৰ ১৪-১৫ ফেব্ৰুৱাৰী
সম্পৰ্কিত বাৰ্ষিক কাৰ্যকলাপৰ আৰম্ভণি সূচায়

"লুই ঙাই নি" শব্দটো তিনিটা পৃথক নগা ভাষাৰ পৰা লোৱা হৈছে। "লুই" আহিছে টাংখুল নগা ভাষাৰ "লুইৰাফানিট"ৰ পৰা, যাৰ অৰ্থ বীজ বোৱা উৎসৱ; "ঙাই" মানে ৰংমেই নগা ভাষাত উৎসৱ; আৰু "নি" হৈছে বীজ বোৱা উৎসৱৰ বাবে এটা মাও নগা ভাষাৰ শব্দ।[3]

বসন্ত ঋতুৰ আৰম্ভণিতে প্ৰতি বছৰে ১৪-১৫ ফেব্ৰুৱাৰীত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ হৈছে শস্যৰ দেৱতাসকলক সন্মান আৰু আনন্দিত কৰাৰ আৰু মানুহৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰাৰ এক বিশেষ অনুষ্ঠান। উৎসৱৰ সময়ত মণিপুৰৰ বিভিন্ন নগা জনগোষ্ঠীৰ লোকসকল কোনো এক নিৰ্ধাৰিত স্থানত একত্ৰিত হয় আৰু তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰে। পাৰম্পৰিক লোকনৃত্য, গান, পাৰম্পৰিক সাজ-পোছাকৰ প্ৰদৰ্শন, ঢোল বাদন আদিকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ প্ৰদৰ্শন কৰা হয়। লুই ঙাই নি মণিপুৰৰ সকলো নগা বসতীপূৰ্ণ অঞ্চলত উদযাপন কৰা হয় যদিও মুল উদযাপন উখৰুল, তামেংলং, সেনাপতি আৰু চান্দেল জিলাৰ সদৰত পাল পাতি আয়োজন কৰা হয়।[4] মণিপুৰৰ নগা জনগোষ্ঠীসকলৰ উপৰিও নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশৰ অন্যান্য নগা জনগোষ্ঠীসমূহক বিশেষ অতিথি ৰূপে আমন্ত্ৰণ কৰাও হয়।[5] ই হৈছে হৰ্ণবিল উৎসৱৰ পিছতে দ্বিতীয় বৃহৎ আন্তঃ নগা জনগোষ্ঠীৰ মহোৎসৱ।

তথ্য সংগ্ৰহ সম্পাদনা কৰক