শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰত সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত। প্ৰধান শিক্ষক শ্ৰী দিলীপ কুমাৰ লহকৰেৰে সৈতে প্ৰায় অৰ্ধশতাধিক শিক্ষক আৰু সহস্ৰাধিক ছাত্ৰছাত্ৰী আছে। বিদ্যালয়খনত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কম্পিউটাৰ শিক্ষা, সংগীত, শাৰীৰিক শিক্ষা, নীতিশিক্ষা, ইংৰাজী কথন শিক্ষা আদি পাঠ্যক্ৰমৰো সুবিধা আছে।

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া
Shankardev Shishu Niketan,Rangia.
অৱস্থান
ৰঙিয়া, অসম  ভাৰত, ৭৮১৩৫৪,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ব্যক্তিগত
প্ৰতিষ্ঠাকাল ১৯৮৭ন
বিদ্যালয়ৰ বিভাগ কামৰূপ জিলা
দিলীপ কুমাৰ লহকৰ
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ নগৰাঞ্চল
অন্তৰ্ভূক্তিসমূহ SEBA