মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান (ইংৰাজী: Educational psychology)।[1] শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত সহায় কৰে মনোবিজ্ঞানেহে। শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰু কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়।[1] শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰই পৰামৰ্শ, শ্ৰেণীকোঠা, জীৱনৰ প্ৰতি খোজতে শিক্ষা পদ্ধতিৰ মূল্যায়নৰ লগত জড়িত শৈক্ষিক ক্ৰীড়া-কলাপৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানকৈ গুণগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। [2]

শিক্ষাত মনোবৈজ্ঞানিক চিন্তাসম্পাদনা কৰক

মনোবৈজ্ঞানিক চিন্তাধাৰাৰ ফলত শিক্ষাৰ বিভিন্ন দিশৰ বিকাশ সাধন সম্ভৱ হৈছে।

  1. শিশুকেন্দ্ৰিক শিক্ষাদান পদ্ধতিৰ সৃষ্টিৰ আঁৰত আছে মনোবিজ্ঞান।
  2. মনোবৈজ্ঞানিক চিন্তাৰ ফলতে বিকাশৰ প্ৰতিটো স্তৰতে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক দিশত পৰিলক্ষিত হোৱা পাৰ্থক্যৰ প্ৰতি দৃষ্টি ৰাখি উপযুক্ত শিক্ষাৰ পৰিকল্পনা আৰু শিক্ষাদান সম্ভৱ হৈছে।
  3. শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগে শিক্ষাৰ বিষয়বস্তুক পৰিৱৰ্তনশীল আৰু বৈচিত্ৰ্যময় কৰি তোলে।
  4. শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাই অসাধাৰণ আৰু শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে উপযুক্ত আৰু প্ৰয়োজন ভিত্তিক শিক্ষাৰ ব্যৱস্থা গ্ৰহণৰ উপায় নিৰ্দেশ কৰে।
  5. শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ উপযুক্ত প্ৰয়োগ আৰু বিভিন্ন গৱেষণাৰ জৰিয়তে শিশু তথা শিক্ষাৰ্থীয়ে মনোযোগ দিয়া,মনত ৰখা, পাহৰি যোৱা আদি বিভিন্ন মানসিক প্ৰক্ৰিয়া সম্বন্ধে প্ৰয়োজনীয় দিশ আৱিষ্কৃত হৈছে।
  6. শিক্ষাৰ্থীক শৈক্ষিক আৰু বৃত্তীয় নিৰ্দেশনা তথা পৰামৰ্শদানৰ ক্ষেত্ৰতো মনোবৈজ্ঞানিক চিন্তাৰ প্ৰভাৱ অপৰিসীম।[1]

শিক্ষা মনোবিজ্ঞানৰ অৰ্থসম্পাদনা কৰক

মনোবিদ পিটাৰ চেণ্ডিফোৰ্ডে দিয়া শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা হৈছে "স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্ৰ, তত্ত্ব আদি নীতিসমূহৰ প্ৰয়োগেই হ'ল শিক্ষা মনোবিজ্ঞান। " তেওঁৰ মতে, "ইয়াৰ বিষয়বস্তু হৈছে শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা। সাধাৰণভাৱে ক'বলৈ গ'লে বয়সস্থ লোকসকলতকৈ কম বয়সৰ লোকৰ লগত আৰু বাহিৰৰ বিস্তৃত পৰিৱেশতকৈ বিদ্যালয়ৰ শিকনীয় পৰিৱেশৰ লগতহে ইয়াৰ সম্বন্ধ অধিক। " শিক্ষক-শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক বুজাপৰা আৰু শিক্ষা সম্বন্ধে উদ্ভৱ হ'ব পৰা সমস্যাৰ অধ্যয়নেই শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য।[1]

শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞাসম্পাদনা কৰক

  1. স্কিনাৰৰ মতে,"শিক্ষা মনোবিজ্ঞান হ'ল সাধাৰণ মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ লগত জড়িত। "
  2. ষ্টিফেনৰ মতে, "শিশুৰ শিক্ষা সম্বন্ধীয় উন্নতি আৰু প্ৰগতিৰ প্ৰণালীবদ্ধ অধ্যয়নেই হৈছে শিক্ষা মনোবিজ্ঞান। "
  3. চি.এইচ.জাদৰ মতে, "শিক্ষা মনোবিজ্ঞান হ'ল এনে এক বিজ্ঞান যি জন্মৰ পৰা পূৰ্ণতা প্ৰাপ্ত হোৱালৈকে বিভিন্ন স্তৰৰ মাজেৰে হোৱা ব্যক্তিৰ বিকাশৰ বিষয়ে বৰ্ণনা আৰু ব্যাখ্যা দাঙি ধৰে। "
  4. কোলেচনিকৰ মতে, "শিক্ষা মনোবিজ্ঞান হৈছে এক প্ৰায়োগিক বিজ্ঞান যি মনোবিজ্ঞানৰ তত্ত্ব আৰু নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। "[1]

শিক্ষা মনোবিজ্ঞানৰ বিকাশসম্পাদনা কৰক

অতি প্ৰাচীন কালৰে পৰা শিক্ষা আৰু সামাজিক জীৱনৰ বিভিন্ন সমস্যাৱলী সমাধানৰ বাবে মনোবিজ্ঞানৰ প্ৰয়োগৰ প্ৰতি মানুহে দৃষ্টি দি আহিছে। শিক্ষাৰ পদ্ধতি মনোবিজ্ঞানৰ অনুমোদিত তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। অতীজৰে পৰা শিক্ষা ব্যৱস্থাক মনোবিজ্ঞানৰ লগত সম্বন্ধ ৰাখি গঠন কৰিবলৈ চেষ্টা কৰা বিভিন্ন সময়ৰ মনোবিদসকলৰ ভিতৰত এৰিষ্ট'টল, প্লেটো, ডিম'ক্ৰিটাছ, এম.এফ.কুইণ্টিলিনাচ, ছেইণ্ট থমাচ একুইনাচ আদি আছে। এৰিষ্ট'টলে সংগীতক পাঠ্যক্ৰমৰ এক প্ৰধান অংগ হিচাপে অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছিল এই ভাবি যে সংগীতে মনত আৱেগিক বোজা পাতল কৰে। মানসিক শান্তি লভা আৰু শিক্ষা আহৰণ প্ৰক্ৰিয়া সহজ হৈ উঠা এই পদ্ধতিক তেওঁ বিৰোচন নাম দিছিল। ইউৰোপীয় শিক্ষাবিদ কমেনিয়াচ, ফৰাচী দাৰ্শনিক ৰেনে ডেকাৰ্ট, ৰুচো এইসকলেও শিক্ষাক মনোবিজ্ঞানসন্মত কৰাত গুৰুত্ব দিছিল।[1]

শেহতীয়াভাৱে কুৰি শতিকাৰ পৰা বৃত্তি হিচাপে শিক্ষা মনোবিজ্ঞানৰ ক্ষীপ্ৰ বৃদ্ধি আৰু বিকাশ দেখা যায়।[3] আধুনিক শিক্ষা মনোবিজ্ঞানৰ ভেঁটি প্ৰতিষ্ঠা কৰা ব্যক্তিজন চুইজাৰলেণ্ডৰ স্কুলৰ শিক্ষক পেষ্টালজি। তেখেতক শিক্ষা মনোবিজ্ঞানৰ পিতৃ আখ্যা দিয়া হয়। শিক্ষাৰ্থীৰ প্ৰতি চকু ৰাখি শিক্ষাদান পদ্ধতিৰ সাল-সলনি কৰা পেষ্টালজিয়ে দলগত শিক্ষাদানৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে তেওঁ চিত্ৰাংকন, লিখন, সংগীত, বস্তু গোটোৱা, মানচিত্ৰ অংকন কৰা, আৰ্হি প্ৰস্তুত কৰা, শাৰীৰিক ব্যায়াম, শিক্ষামূলক ভ্ৰমণ আদি দলগত কাৰ্যসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।[1]

জাৰ্মানীৰ হাৰ্বাৰ্টে মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰথম প্ৰণালীবদ্ধ শিক্ষাদানৰ পদ্ধতি,পঞ্চখাপ পদ্ধতি গঢ়ি তুলিছিল। ইয়াৰ পিছতে ফ্ৰেডৰিক ফ্ৰৱেলে কিণ্ডাৰ গাৰ্টেন পদ্ধতি আৰু মাৰীয়া মণ্টেচৰীয়ে মণ্টেচৰী পদ্ধতি উদ্ভাৱন কৰে।[1]

বুৰঞ্জীসম্পাদনা কৰক

প্ৰাৰম্ভিক বছৰসমূহসম্পাদনা কৰক

প্লেটো আৰু এৰিষ্ট'টলসম্পাদনা কৰক

জন ল'কিসম্পাদনা কৰক

১৮৯০ৰ পূৰ্বেসম্পাদনা কৰক

জুৱান ভিভেচ, জোহান পেষ্টলজি, ফ্ৰেডেৰিখ ফৰ্বেল, আৰু জোহান হাৰ্বাৰ্টৰ দৰে শিক্ষাৰ দাৰ্শনিকসকলে ১৮০০ৰ শেষৰফালে মনোবিজ্ঞানৰ আৰম্ভণিৰ বহু শতিকাৰ আগতেই শিক্ষাৰ পদ্ধতিবোৰ পৰীক্ষা, শ্ৰেণীবদ্ধ আৰু বিচাৰ কৰিছিল।

জ'ন ভাইভছসম্পাদনা কৰক

জোহান পেষ্টালজিসম্পাদনা কৰক

জোহান হাৰ্বাৰ্টসম্পাদনা কৰক

১৮৯০-১৯২০সম্পাদনা কৰক

উইলিয়াম জেমছ (১৮৪২–১৯১০)সম্পাদনা কৰক

আলফ্ৰেড বাইনেটসম্পাদনা কৰক

এডৱাৰ্ড থৰ্নডাইকসম্পাদনা কৰক

জন ডিউইসম্পাদনা কৰক

জ্যা পিয়াজেসম্পাদনা কৰক

১৯২০-বৰ্তমানসম্পাদনা কৰক

জেৰম বাৰ্নাৰসম্পাদনা কৰক

বেঞ্জামিন ব্লোমসম্পাদনা কৰক

Nathaniel Gageসম্পাদনা কৰক

শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ প্ৰধান দিশসম্পাদনা কৰক

শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰধান দিশকেইটা হৈছে-

  1. শিকন প্ৰক্ৰিয়া
  2. পাঠ্যক্ৰম নিৰ্ধাৰণ
  3. শিক্ষাৰ্থীৰ প্ৰকৃতি

শিক্ষা মনোবিজ্ঞানৰ বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে এই তিনিটা দিশৰ ওপৰত মনোবিজ্ঞানীসকলে মনোনিবেশ কৰে।[1]

শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্যসম্পাদনা কৰক

  1. শিক্ষকৰ শিক্ষা সম্বন্ধীয় মনোবৈজ্ঞানিক সমস্যাবোৰ অৱগত হোৱাত সহায় কৰা।
  2. শিক্ষাৰ্থীক সাৰ্থক শিক্ষাদান কৰিবৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি কৰা, শিক্ষাদান কাৰ্য সুস্থভাৱে পৰিচালনা কৰা।
  3. শিক্ষাৰ্থীৰ আচৰণ সম্বন্ধীয় মনস্তাত্ত্বিক দিশবোৰ বুজি উঠি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল আৰু আন্তৰিকতাৰ মনোভাৱ গঢ়ি তোলাত শিক্ষকসকলক সহায় কৰা।
  4. শিকন প্ৰক্ৰিয়া সম্বন্ধে বাস্তৱ, বিজ্ঞান ভিত্তিক আৰু কাৰ্যকৰীবিধৰ পদ্ধতিৰ বিষয়ে জানি শিক্ষকে নিজ নিজ শিকন পদ্ধতি গঢ়ি তোলাত শিক্ষকক সহায় কৰা।
  5. শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্যৰ স্বৰূপ বুজি সেইমতে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰি ব্যক্তি সত্তাৰ পূৰ্ণ বিকাশ সাধন কৰাত শিক্ষকক সহায় কৰা।
  6. বিভিন্ন বয়সৰ ল'ৰা-ছোৱালীৰ মানসিক চাহিদা, বুদ্ধি, আগ্ৰহ, ৰুচি-অভীৰুচি আদিৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুত কৰাত শিক্ষকক সহায় কৰা।[1]

শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিসম্পাদনা কৰক

শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতিসমূহ[1]-

  1. প্ৰায়োগিক বিজ্ঞান
  2. প্ৰত্যক্ষ বিজ্ঞান
  3. শিক্ষা বিজ্ঞান
  4. সমাজ বিজ্ঞান
  5. ব্যৱহাৰিক বিজ্ঞান
  6. নিৰ্দিষ্ট বিজ্ঞান
  7. বৃদ্ধি আৰু বিকাশৰ বিজ্ঞান
  8. শৈক্ষিক বিষয়

শিক্ষা মনোবিজ্ঞানৰ পৰিসৰসম্পাদনা কৰক

শিক্ষা মনোবিজ্ঞানৰ পৰিসৰত শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি সামাজিক সমস্যাৰ অধ্যয়নলৈকে সকলোখিনি অন্তৰ্ভুক্ত। শিক্ষা প্ৰক্ৰিয়াৰ নীতি,শিকন পদ্ধতি, ব্যক্তিত্বৰ বিকাশ, শিক্ষাৰ্থীৰ নানান সমস্যা[1] আদি সকলো শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে।

শিক্ষা মনোবিজ্ঞানৰ কামসম্পাদনা কৰক

  1. শিকন প্ৰক্ৰিয়াৰ প্ৰকৃতি সম্পৰ্কে অধ্যয়ন কৰা।
  2. শিশু তথা ব্যক্তিৰ বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰা।
  3. শাৰীৰিক আৰু মানসিক যোগ্যতাৰ পৰিপক্কতাৰ প্ৰকৃতি সম্পৰ্কে অধ্যয়ন কৰা।
  4. শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত থকা ব্যক্তিগত পাৰ্থক্যৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে অধ্যয়ন কৰা।
  5. শিক্ষাদান কৌশল আৰু শিকনৰ ফলাফলৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।
  6. শিকনীয় পৰিৱেশত শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰকাৰৰ আচৰণৰ কাৰণ আৰু উৎস সম্পৰ্কে আলোচনা কৰা।
  7. শিশু তথা ব্যক্তিৰ বুদ্ধিৰ প্ৰকৃতি আৰু স্বৰূপ সম্পৰ্কে অধ্যয়ন কৰা।[1]

শিক্ষা মনোবিজ্ঞানৰ পদ্ধতিসম্পাদনা কৰক

শিক্ষাৰ্থী তথা ব্যক্তিৰ প্ৰতিক্ৰিয়া, আচৰণ আদিৰ কাৰণ, উৎস জানিবলৈ চলোৱা অধ্যয়ন আৰু গৱেষণাৰ পদ্ধতিবোৰেই শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি।[1] এই পদ্ধতিসমূহ হৈছে-

  1. অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণ
  2. পৰ্যবেক্ষণ পদ্ধতি
  3. পৰীক্ষণ পদ্ধতি
  4. নৈদানিক পদ্ধতি
  5. পৰিসংখ্যামূলক পদ্ধতি
  6. পুৰুষনামা বা ঘটনা বিৱৰণ পদ্ধতি

তথ্যউৎসসম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 ভগীৰথ সন্দিকৈ, তৰুণ শইকীয়া, ৰুণু বৰা শইকীয়া (ছেপ্টেম্বৰ,২০১৫). শিকাৰু আৰু বিকাশ. প্ৰকাশক যোৰহাট: বিদ্যা ভৱন. পৃষ্ঠা. ২৪ ৰ পৰা ৬২. ISBN 978-93-85439-03-2. 
  2. Snowman, Jack (1997). Educational Psychology: What Do We Teach, What Should We Teach?. "Educational Psychology", 9, 151-169
  3. Farrell, P. (2010). School psychology: Learning lessons from history and moving forward. School Psychology International, 31(6), 581-598.