শিৱ প্ৰসাদ বৰুৱা (ইংৰাজী: Siva Prasad Barooah) (১৮৮০-১৯৩৮) অসমৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক, ৰাজনীতিবিদ তথা সমাজসেৱক ৷ অসমৰ সাংবাদিকতাৰ জগতত তেওঁক অন্যতম বাটকটীয়া বুলি গণ্য কৰা হয়৷ তেওঁৰ উদ্যোগতে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত 'বাতৰি' প্ৰকাশিত হৈছিল৷ তেওঁৰ স্মৰণত ১৯৯৯ চনৰ পৰা কমল কুমাৰী ফাউণ্ডেশ্যনে সাংবাদিকতাৰ জগতত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংগঠনক প্ৰতিবছৰে 'শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰি আহিছে৷[1]

শিৱ প্ৰসাদ বৰুৱা
জন্ম ১৮৮০
অসম
মৃত্যু ১৯৩৮
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
পেচা চাহ খেতিয়ক
অধিবক্তা
সাংবাদিক
জনা যায় Pioneer of Assamese Journalism,
Richest tea-planter of his time,
philanthropist,
humanist
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী কমল কুমাৰী বৰুৱা

ব্যক্তিগত জীৱন সম্পাদনা কৰক

শিৱ প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৮৮০ চনত৷ তেওঁ যোৰহাটৰ প্ৰখ্যাত খঙীয়া বৰুৱা পৰিয়ালৰ আছিল৷ ১৯১৭ চনত তেওঁ কমল কুমাৰী বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়৷

অৱদান সম্পাদনা কৰক

শিৱ প্ৰসাদ বৰুৱাই ১৯৩০ চনৰ অক্টোবৰ মাহত 'সাদিনীয়া বাতৰি' নামৰ এখন বাতৰি কাকত প্ৰকাশ কৰে৷ এই কাকতখনেই ১৯৩৫ চনৰ আগষ্ট মাহত 'দৈনিক বাতৰি' লৈ পৰিৱৰ্ত্তিত হয়৷[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক