শীতল যুদ্ধ
শীতল যুদ্ধ (ইংৰাজী: Cold War; ৰুছ: холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ'ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু ছ'ভিয়েট সংঘ আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল যুক্তৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। ছ'ভিয়েট সংঘৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত ছ'ভিয়েট সংঘৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।
ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে আমেৰিকান সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে।[1] এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে।[2]
শীতল যুদ্ধৰ মূল ভেঁটি[3]সম্পাদনা কৰক
- পুঁজিবাদী আৰু সমাজবাদী মতাদৰ্শৰ মাজত থকা পাৰ্থক্য,
- পাৰস্পৰিক সন্দেহ-ঘৃণা-ঈৰ্ষা ইত্যাদি,
- পাৰস্পৰিক বুজা-পৰাৰ অভাৱ অথবা ভুল বুজা-বুজি,
- ৰাছিয়াৰ সামৰিক শক্তিৰ উত্থান৷
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Orwell, "You and the Atomic Bomb", Tribune 19 October 1945
- ↑ Safire, William (1 October 2006). "Islamofascism Anyone?". The New York Times. http://www.nytimes.com/2006/10/01/opinion/01iht-edsafire.2988871.html.
- ↑ Kakati, Swapna. World since 1945. Assam Book Depot. পৃষ্ঠা. 4. ISBN 978-93-82384-76-2.
বহিঃসংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত শীতল যুদ্ধ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সংগ্ৰহশালা
- Open Society Archives, Budapest (Hungary), one of the biggest history of communism and cold war archives in the world
- An archive of UK civil defence material
- Post-Cold War World Economy from the Dean Peter Krogh Foreign Affairs Digital Archives
- CONELRAD Cold War Pop Culture Site
- CBC Digital Archives – Cold War Culture: The Nuclear Fear of the 1950s and 1960s
- The Cold War International History Project (CWIHP)
- The Cold War Files
- CNN Cold War Knowledge Bank[সংযোগবিহীন উৎস] comparison of articles on Cold War topics in the Western and the Soviet press between 1945 and 1991
- The CAESAR, POLO, and ESAU Papers–This collection of declassified analytic monographs and reference aids, designated within the Central Intelligence Agency (CIA) Directorate of Intelligence (DI) as the CAESAR, ESAU, and POLO series, highlights the CIA's efforts from the 1950s through the mid-1970s to pursue in-depth research on Soviet and Chinese internal politics and Sino-Soviet relations. The documents reflect the views of seasoned analysts who had followed closely their special areas of research and whose views were shaped in often heated debate.
- গ্ৰন্থপঞ্জী
- সংবাদ
- শিক্ষামূলক সংগ্ৰহশালা