সাহিত্যিক বুৰঞ্জীবিদ শ্ৰী শ্ৰীকুমাৰ দহোতীয়া :- জন্ম:- অসমৰ পূব: প্ৰান্তত অৱস্থিত তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা টঙনা গাঁৱত ০১/০৩/১৯৫২ চনত শ্ৰীকুমাৰ দহোতীয়াৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম শ্ৰী মূলেশ্বৰ দহোতীয়া আৰু মাতৃৰ নাম স্বৰ্গীয়া উপমা দহোতীয়া। শিক্ষা:- ১৯৬৮ চনত শ্ৰীকুমাৰ দহোতীয়াই টঙনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ১৯৭২ চনত ডুমডুমা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৫ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ইতিহাস বিভাগৰ পৰা দ্বিতীয় বিভাগত মাষ্টাৰ ডিগ্ৰী লাভ কৰে।

১৯৭৭ চনৰ ছেপ্তেম্বৰ মাহত শ্ৰী দহোতীয়াই ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুৰঞ্জীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰে। 
শিক্ষাৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবেই চাকৰিৰ অতি ব্যস্ততাৰ মাজতো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ তিনিচুকীয়া আইন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৯১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২য় বিভাগত এল. এল.বি পৰীক্ষা পাছ কৰে। ইয়াৰ পাছত ১৯৯৩-৯৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নাম ভৰ্ত্তি কৰে যদিও ডুমডুমাৰ পৰা গুৱাহাটীলৈ গৈ সদায় ক্লাছ কৰাটো সম্ভৱ হৈ নুঠিল। কিন্তু অধ্যৱসায়ৰ অন্যতম চানেকি শ্ৰীকুমাৰ দহোতীয়া থমকি নৰ'ল। তেওঁ ২০০৪ চনত উক্ত বিশ্ববিদ্যালয়ৰ পৰা ৰাজস্থানৰ আই এ এছ ডিম বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰে যদিও বহুতো ব্যক্তিগত অসুবিধাৰ বাবে তেওঁৰ গৱেষণা সম্পূৰ্ণ নহ'ল। 

সাহিত্য কৰ্ম:- শ্ৰী কুমাৰ দহোতীয়াই হাইস্কুলত পঢ়ি থকা অৱস্থাতেই লিখিবলৈ আৰম্ভ কৰে। ১৯৬৫-৬৮ৰ কালছোৱাত সেই সময়ৰ টঙনা হাইস্কুলৰ পৰা মাজে-সময়ে আলোচনী প্ৰকাশ পাইছিল আৰু তাত ছাত্ৰ শ্ৰীকুমাৰ দহোতীয়াই বিভিন্ন প্ৰবন্ধ-পাতি আৰু কবিতা লিখিছিল। 'মফিজুদ্দিন আহমদ হাজৰিকামফিজুদ্দিন আহমদ হাজৰিকা আৰু তেওঁৰ সাহিত্য প্ৰতিভা' আছিল তেওঁৰ প্ৰবন্ধ প্ৰকাশ। তাৰ পাছত 'নিমাতীঘাট' আৰু 'আশা' নামৰ কবিতা লিখি তেওঁ আলোচনীত প্ৰকাশ কৰিছিল। ১৯৬৮ৰ পৰা ১৯৭২ চনৰ কালছোৱাত তেওঁ ডুমডুমা কলেজৰ আলোচনীত নানা প্ৰবন্ধ,কবিতা আৰু সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল। তেওঁ অসমৰ প্ৰখ্যাত উপন্যাসিক প্ৰয়াত যোগেশ দাসৰ সৈতে এটি বহুমূলীয়া সাক্ষাৎকাৰ লৈ কলেজ আলোচনীত প্ৰকাশ কৰিছিল। তদুপৰি সেই সময়ত ডুমডুমাৰ পৰা প্ৰকাশিত মিনি আলোচনী,বন বিভাগৰ পৰা প্ৰকাশিত আলোচনীত তেওঁ প্ৰবন্ধ,কবিতা লিখি লাহে লাহে ডুমডুমাত জনাজাত হৈ পৰিছিল। ১৯৭২ চনত ডুমডুমা মহাবিদ্যালয়ৰ পৰা বি.এ পাছ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনীত নানা লেখা প্ৰকাশ কৰাৰ উপৰিও বিশেষ সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল। তাৰ ভিতৰত ইংলেণ্ডৰ ভিজিটিং প্ৰফেছৰ DAVID CARVER ৰ সৈতে ইংলেণ্ড আৰু ভাৰতৰ ইংৰাজী সাহিত্যৰ এটি তুলনামুলক সাক্ষাৎকাৰ লৈছিল। সাক্ষাৎকাৰতি EAST AND WEST'An Interview with David Carver Visiting Professor from U.K.' নামেৰে বিশ্ববিদ্যালয়ৰ আলোচনীত প্ৰকাশ কৰিছিল। তাৰ পাছত বাগদাদ বিশ্ববিদ্যালয়ৰ ভিজিটিং অধ্যাপকৰ সৈতেও তেওঁ সাক্ষাৎকাৰ লৈছিল। কিন্তু ১৯৭৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম.এ পাছ কৰি ১৯৭৭ চনৰ ছেপ্তেম্বৰ মাহত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুৰঞ্জীৰ বিষয় শিক্ষক হিচাপে যোগদান কৰাৰ পিছতহে আচল লেখক হিচাপে আত্মপ্ৰকাশ কৰে। ১৯৮১ চনত তেওঁৰ প্ৰথম পুথি 'মৰাণ মটক মায়ামৰা' প্ৰকাশিত হয় আৰু এই গ্ৰন্থখন গৱেষণামূলক গ্ৰন্থ হিচাপে সমাদৃত হয়। তাৰ পিছত ক্ৰমে মৰাণ জাতিৰ ৰূপৰেখা,প্ৰাচীন মটক ৰাজ্যৰ বুৰঞ্জী,মায়ামৰা বুৰঞ্জী,শ্ৰী শ্ৰী শঙ্কৰদেৱ,শ্ৰী শ্ৰী মাধৱদেৱ,শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ,পৰশুৰাম কুণ্ডৰ কাহিনী,ইতিহাসৰ পটভূমিত মৰাণ জাতি,ৰাধা-ৰুক্মিণী,মৰাণ সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ চমু পৰিচয়,অসম মৰাণ সভা আৰু ইয়াৰ কায্যক্ৰম,অজান্তিমূলক শদিয়াৰ বুৰঞ্জী,A Brief Introduction of the Morans of Assam,A Dosier on the Morans of Assam আদি বহুতো গ্ৰন্থ প্ৰকাশেৰে অসমীয়া সাহিত্য জগতলৈ প্ৰভুত বৰঙণি আগবঢ়ায়। তদুপৰি অসমীয়া প্ৰতিদিন,দৈনিক জনমভূমি,দৈনিক অসম আদি কাকততো নানা প্ৰবন্ধ প্ৰকাশ কৰে। তদুপৰি তেওঁ এটা সময়ত সংবাদ-সেৱাৰ সৈতেও জড়িত হৈ পৰিছিল। 'জনপ্ৰতিনিধি' নামৰ এখন পষেকীয়া কাকত তেখেতৰ সম্পাদনা আৰু পৰিচালনাত প্ৰকাশিত হৈছিল। শ্ৰীকুমাৰ দহোতীয়াৰ এনে সাহিত্য কৰ্মৰ বাবেই ১৯৮৬-৮৭ চনত অসম চৰকাৰে সাহিত্য বঁটা (১০,০০০( দহ হাজাৰ টকাৰ) প্ৰদান কৰিছিল। তাৰ পিছত ২০০১ চনত অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰি সন্মানিত কৰিছিল। সমাজ কৰ্ম:- শ্ৰীকুমাৰ দহোতীয়াই সাহিত্য কৰ্মৰ উপৰিও নানা সামাজিক কৰ্মত নিজকে নিয়োজিত কৰিছিল। ১৯৭৯-৮১ চনত শ্ৰীকুমাৰ দহোতীয়াই অসম মৰাণ সভাৰ সম্পাদক নিৰ্বাচিত হৈছিল আৰু সেই সময়ছোৱাত তেওঁ মৰাণ জাতিক অনুসূচিত জনজাতি হিচাপে ময্যদা প্ৰদানৰ বাবে তেতিয়াৰ প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাই, ইন্দিৰা গান্ধী-ৰাজীৱ গান্ধী,ভাৰতৰ গৃহ মন্ত্ৰী জাইল সিং আৰু ৰাষ্ট্ৰপতিকে ধৰি বহুতো সৰ্বভাৰতীয় নেতাক সাক্ষাৎকাৰ কৰিছিল। আনকি মোৰাৰজী দেশাই শাসনকালত গঠিত সুৰজভান আয়োগৰ ওচৰতো তেওঁ ডিব্ৰুগড় চাৰ্কিট হাউছত স্মাৰক পত্ৰ প্ৰদান সহ সাক্ষ্যদান কৰিছিল। তদুপৰি অসমৰ তদানীন্তন অসমৰ ৰাজ্যপাল প্ৰকাশ মেহৰোট্ৰা,মুখ্যমন্ত্ৰী গোলাপ বৰবৰা, গোলাপ হাজৰিকা, কেশৱ গগৈ আদিকো সাক্ষাৎ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছিল। তেওঁ জাতীয় কাৰ্যত নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় অ,বি,চি সন্মিলনতো অসমৰ জনগোষ্ঠীয় সমস্যা সম্পৰ্কে ভাষণ দিছিল। ইয়াৰ উপৰি শ্ৰীকুমাৰ দহোতীয়াই অসমৰ অন্যান্য জনগোষ্ঠীয় ছাত্ৰ সন্থা,নানা জনগোষ্ঠীয় জাতীয় অভিৱৰ্তন,সভাৰ আলোচনা চক্ৰ সমূহত অংশগ্ৰহণ কৰি তথ্যমূলক ভাষণ আৰু চিন্তমূলক বক্তব্যৰে সকলোকে আপ্লুত কৰিছিল। বঁটা:- এনেবোৰ সমাজ সেৱা আৰু সাহিত্য সেৱাৰ চিন স্বৰূপে শ্ৰীকুমাৰ দহোতীয়াক ২০০৪ চনত নতুন দিল্লীত ড° আম্বেদকাৰ বঁটা,লোকসভাৰ অধ্যক্ষা (২০০৯-২০১৪) শ্ৰীযুতা মীৰা কুমাৰৰ উপস্থিতিত প্ৰদান কৰি সন্মানিত কৰিছিল। পুনৰ অসম চৰকাৰে ২০০৪ চনৰ ২০০৪ চনৰ ৫ ছেপ্টেম্বৰৰ দিনা অসম ৰাজ্যিক কৃতি শিক্ষক বঁটা, ২০০৬-০৭ চনত Air India আৰু প্ৰতিদিনৰ Bolt Award, ২০০৭ চনৰ ১৫ আগষ্টত তিনিচুকীয়া জিলাৰ মুখ্যমন্ত্ৰী শ্ৰেষ্ঠ সামূহিক উন্নয়ন বঁটা আৰু অসংখ্য বঁটা বাহনেৰে শ্ৰীকুমাৰ দহোতীয়াক অসম চৰকাৰকে ধৰি অন্যান্য সাহিত্য আৰু সাংস্কৃতিক,সামাজিক,সাংবাদিক আদি সংগঠন সমূহে বিপূলভাৱে সম্বৰ্ধনা জনাইছে। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,এন.এছ.ইউ.আই,সদৌ অসম মৰাণ ছাত্ৰ সন্থা আদি জাতীয় সন্থা সমূহে বিশেষভাৱে সন্মানিত কৰি আহিছে। ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্ঘেৰিটা লিডুত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা বিশেষ অধিবেশনতো শ্ৰীকুমাৰ দহোতীয়াক সভাপতি ৰংবং তেৰাং আৰু সম্পাদক পৰমান্দ ৰাজবংশী দেৱে অসম সাহিত্য সভাৰ হৈ বিপুল ভাৱে সম্বৰ্ধনা জনায়।

অসমৰ তদানীন্তন ৰাজ্যপাল লেঃ জেনেৰেল অজয় সিং দেৱে শ্ৰী দহোতীয়াক তেওঁৰ সাহিত্য আৰু সামাজিক কৰ্মৰ স্বীকৃতিৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৫ বছৰীয়া(১৯৯৯-২০০৪) কায্যকালৰ বাবে সন্মানীয় কোৰ্ট সদস্য হিচাপে মনোনীত কৰিছিল। 
২০০১ চনত অসম মৰাণ সভাৰ সভাপতি,২০১১ চনত অসম মৰাণ সভাৰ উপদেষ্টা ৰূপেও জাতীয় সেৱাত তেওঁ অফুৰন্ত অৱদান আগবঢ়াই আহিছে। 
২০১২ চনৰ ফেব্ৰুৱাৰী মাহত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুৰঞ্জী শিক্ষকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু মাৰ্ঘেৰিটাৰ বাৰ এচোচিয়েচনত এজন অধিবক্তা হিচাপে যোগদান কৰি নিঃস্ব আৰু নিৰীহসকলক বিনামূলীয়া আইনী উপদেশ আৰু সহায় কৰি আহিছে। 
বিবাহ:- শ্ৰীকুমাৰ দহোতীয়াই ১৯৮১ চনৰ ২১ মে বৃহস্পতি‌বাৰৰ দিনা তিনিচুকীয়াৰ লাইপুলি গাঁৱৰ ইৰাৱতী গোহাঁইৰ সৈতে বিবাহ সম্পন্ন কৰে। তেওঁলোকৰ তিনিটি সন্তান ক্ৰমে শ্ৰী জয়দীপ কুমাৰ দহোতীয়া, কৃষ্ণদীপ দহোতীয়া আৰু একমাত্ৰ জীয়াৰী ৰশ্মিৰেখা দহোতীয়া 

তথ্যদাতা: শ্ৰী শ্ৰীকুমাৰ দহোতীয়া।