অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'স'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'স' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'স'ৰ লগত যোগ হ'লে
সা
সি
সী
সু
সূ
সৃ
সে
সৈ
সো
সৌ

যুক্তবৰ্ণ (স যোগ) সম্পাদনা কৰক

স্ + ক = স্ক = ভাস্কৰ
স্ + খ = স্খ = স্খলন
স্ + ত = স্ত = স্তৰ
স্ + থ = স্থ = স্থান
স্ + ন = স্ন = স্নান
স্ + প = স্প = স্পৰ্শ
স্ + ফ = স্ফ = স্ফটিক
স্ + ব = স্ব = স্বাগতম
স্ + ম = স্ম = স্মৰণ
স্ + ৰ = স্ৰ = স্ৰোত

'স'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • সবল
  • সঁচা
  • সঁজাত
  • সৰীসৃপ
  • সৈনিক
  • সান্দহ
  • সঁফুৰা
  • সঁজুলি আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ