সদস্য:জ্যোতিষ্ক বৰুৱা/পৰীক্ষাগাৰ
ভাগৱতৰ প্ৰথম স্কন্ধৰ পদাৱলীত শ্ৰীকৃষ্ণৰ দ্বাৰকা গমনৰ তাৎপৰ্য বিচাৰি………✍️
ভাগৱতৰ প্ৰথম স্কন্ধৰ এটি অধ্যায়ৰ " শ্ৰীকৃষ্ণৰ দ্বাৰকা গমন" সূচীৰ পদাৱলীত কুন্তিৰ পৰা আৰম্ভ কৰি সকলোৰে পৰা বিদায় মাগি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া যি দ্বাৰকালৈ ওভটিছে বুলি কৈছে ৷ প্ৰকৃততে দ্বাৰকা মানে কি বাৰু ??? ভগৱন্ত কৃষ্ণই ভকতৰ সংগত ভকতৰ কৰ্ম সিদ্ধিৰ বাবে ভকতৰ ওচৰলৈ বা সংগলৈ আহিছে৷ কিন্তু দ্বাৰকাৰ দুৱাৰ মানে কি ?? এই মুখখনেই হৈছে সেই দ্বাৰকা ৷ যি দ্বাৰকাত কৃষ্ণ নামৰ প্ৰথম নিৱাস ৷ কৃষ্ণৰ স্থায়ী নিৱাস ক'ত ??? এই দুৱাৰ ৰূপী মুখত ৷ কাৰণ প্ৰথম ভগৱন্ত কৃষ্ণ মুখত আছে কিন্তু প্ৰকাশিত হয় ক'ত হৃদয়ত ৷ দ্বাৰকা:- দ্বাৰ মানে মুখ বা দুৱাৰ ৷
ৰকা আদি মানে ৰমন মানে ৰাম নাম ৷ এজন ৰজাৰ স্থিতি কিহৰ ওপৰত নিৰ্ভৰ হয় তেওঁৰ প্ৰজাৰ ওপৰত ৷ কাৰণ ৰাজ্য বিহীন ৰজা এজন কেতিয়াও ৰজা হৱ নোৱাৰে ৷ কাৰণ তেওঁৰ ৰাজ্যৰ লগতে সামৰ্থ থাকিৱ লাগিৱ ৷ এই সামৰ্থ কৰপৰা প্ৰকাশ পায় তেওঁৰ শক্তিৰ পৰা ৷ এতিয়া কৃষ্ণৰ নিৱাস স্থান মন বা অন্তৰ বা হৃদয় কৃষ্ণৰ শক্তি কৃষ্ণৰূপী নামৰ শক্তিত কাৰ জৰিয়তে প্ৰকাশিত হয় এই মুখৰূপী দ্বাৰকাৰ জৰিয়তে ৷ এই মুখৰূপী দ্বাৰকাত কৃষ্ণৰ নাম উচ্চাৰিত নহয় তেতিয়ালৈকে ভগৱন্ত কৃষ্ণৰ দ্বাৰকালৈ প্ৰত্যাগমন নহয় ৷ সেইকাৰণে ভগৱন্ত সকলোৱেদি দ্বাৰকালৈ প্ৰত্যাগমন কৰিছে ৷ কাৰণ তাৰ জৰিয়তে তেওঁ পূৰ্ণ শক্তি আৰু স্থিতি সম্ভৱ হয় ৷ ভাগৱতত ভগৱন্তৰ ১৬ হাজাৰ ভাৰ্যা বুলি কয় ৷ এই ভাগৱতে দ্বাৰকাত ১৬ হাজাৰ গৃহত প্ৰৱেশ কৰিছে বুলি কৈছে কিন্তু এজনহে কৃষ্ণ ৷ এই সিদ্ধান্ত ভাগৱতে দিছে এইটো কেনেদৰে সম্ভৱ তাৰ এটা তাত্ত্বিক দিশো আছে ৷ যে ১৬ হাজাৰ গোপীৰ সতে ক্ৰীয়া কৰিছিল তাৰ তাৎপৰ্য্য কি ??? ৰাস লীলা কৰিছিল ৰাসৰ মূল তাৎপৰ্য্য কি ? ৰস ৰসোবস্য আৰু ৰসৰ মূল আধাৰ হৈছে কি প্ৰেম ৷ প্ৰেম মানে এইটো পুৰুষে স্ত্ৰীক আৰু স্ত্ৰীয়ে পুৰুষক ভালপোৱা প্ৰেম নহয় ৷ প্ৰেম মানে এইটো শক্তি ব্ৰহ্মাণ্ডখনৰ অনু-পৰমাণুকো একেলগে আৱদ্ধ কৰি ৰাখিছে ৷ সমস্ত জগত খনৰ জড়,চৈতন্য সমস্ত পদাৰ্থকে আবদ্ধ কৰি সংযোগবদ্ধ কৰি ৰাখিছে ৷ জড় প্ৰকৃতিৰ চৈতন্যক শৰীৰৰ সৈতে যি জড়িত কৰি ৰাখিছে তাৰ যি আন্তৰিক শক্তি সেইটো প্ৰেম ৷ প্ৰেম মানে কি কিবা এটা বস্তু ধৰি ৰখা বা ৰাখি থোৱা শক্তি ৷ যাৰ আঁৰত কোনো ধৰণৰ স্বাৰ্থ নাথাকে যেনে অনু এটা যেনেদৰে পৰমাণু এটাক ধৰি ৰখাত কোনো স্বাৰ্থ নাথাকে ৷ সিহঁত জড়হে সেই জড়টো চৈতন্য ৰূপত প্ৰকাশিত কৰিছে কোনে এই প্ৰেমৰূপী শক্তিয়ে ৷ প্ৰেম এটা শক্তি আৰু সেই প্ৰেমক সহস্ৰ মানে হাজাৰ ৷ প্ৰত্যেক জীৱৰে উৰ্দ্ধত এতিয়া আমাৰ শৰীৰত সেইখিনি তৃতীয় স্কন্ধত বহল ৰূপত নিশ্চয় পাম ৷ মনুষ্য শৰীৰত মূলত: ছটা চক্ৰ থাকে ৷ শৰীৰৰ ছটা চক্র ষট্চক্র নামে অভিহিত। মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহত, বিশুদ্ধ আৰু আজ্ঞা। সেই ছটা চক্ৰৰ উৰ্দ্ধত ছটা শৰীৰটোৰ স্থূল শৰীৰৰটোৰ ভিতৰত আছে ছটা সূক্ষ্ম শৰীৰটো ভিতৰত আছে ছটা চক্ৰ ৷ আৰু ছটা চক্ৰৰ ভিতৰত আছে শক্তিৰ মিলনৰ স্থল ৷ আৰু এটা চক্ৰ আছে যিটো শৰীৰৰটো অৰ্ধ এক অংশ ভৌতিক শৰীৰৰ ভিতৰত থাকে আৰু এক অংশ শৰীৰৰ বাহিৰত থাকে ৷ সেইটোক সহস্ৰ দল পদ্ম বুলি কোৱা হয় যাক সহস্ৰ পদুমৰ পাহিৰ প্ৰতীক বা সেই পদুমৰ স্থানটো ৷ এতিয়া সেই সহস্ৰ দল পদ্মত কেইটা পাহ আছে কেইটা তাৰ অংশ আছে হাজাৰটা ৷ ভগৱন্ত কৃষ্ণ কেই কলাৰ ??? সম্পূৰ্ণ ১৬ কলাৰ ৷ ভগৱান ৰামচন্দ্ৰ কেই কলাৰ আছিল ১৪ কলাৰ ৷ ৰাম হৈছে পূৰ্ণ অৱতাৰ কিন্তু কৃষ্ণ হৈছে সম্পূৰ্ণ কলাৰ ৷ সম্পূৰ্ণ পূৰ্ণ কলা মানে ১৬ কলাৰ সৈতে কৃষ্ণ বস্তু পূৰ্ণ আনন্দই বিৰাজ কৰে সেইটো যদি আমি পুৰন কৰো তেতিয়া কিমান হৱ ১৬ হাজাৰ ৷ গতিকে প্ৰতিটো পাহিত সহস্ৰ দল পদ্মৰ বা সহস্ৰ দল চক্ৰৰ প্ৰতিটো পাহিত পূৰ্ণ কৃষ্ণই নিজ ১৬ কলাৰ সতে কৰা ক্ৰীয়াই হৈছে ১৬শ গোপীৰ সতে কৰা ৰাস লীলা ৷ গতিকে কৃষ্ণই দ্বাৰকালৈ প্ৰত্যাগমন কৰি নিজ স্থানলৈ গৈ সেই প্ৰকৃত পৰমাত্মাৰ স্থান কি সেই সহস্ৰ দল পদ্ম ৷ তাৰ স্থান ব্ৰহ্মৰন্ধৰ পৰা আৰম্ভ হৈছে ৷ যাৰ নিৰ্মালি ৰূপে মানুহে কপালৰ পৰা শিৰত ধাৰণ কৰে ৷ সেইবাবে হিন্দু সমাজত বিবাহিত মহিলা বা আইসকলে শিৰত সেন্দুৰ ৰূপে ধাৰণ কৰে বা নিয়ম বুলি মানে ৷ সেই কাৰণে কৃষ্ণই দ্বাৰকালৈ গৈ ১৬ হাজাৰ গোপীক প্ৰতিজনৰ গৃহলৈ গৈ একেলগে প্ৰৱেশ কৰাৰ কথাটো ভাগৱতে সিদ্ধান্ত দিছে ৷ এইটো কেৱল লীলালৈ চালে নহ'ৱ অকনমান তাত্ত্বিক দিশটো সাধ্যনুসৰি দৃষ্টি দিৱ লাগিৱ ৷ তেতিয়াহে প্ৰত্যয় বস্তুটো ধাৰণালৈ আনিৱ পাৰিম ৷
যেতিয়া কৃষ্ণই দ্বাৰকালৈ প্ৰত্যাগমন কৰাৰ পিছতেই মানে তাৰ কিছু কাল যোৱাৰ পিছতেই উত্তৰাৰ গৰ্ভত ৰজা পৰীক্ষিতৰ জন্ম হৈছিল ৷ অভিমন্যুৰ পুত্ৰ উত্তৰাৰ গৰ্ভত ৰজা পৰীক্ষিতৰ জন্ম হৈছিল তেতিয়া তেওঁৰ নামকৰণ কৰিছিল মহামুনি বেদব্যাসে ৷ সেই বেদব্যাসেই পঞ্চপাণ্ডৱক আশ্বাস দিছিল যে এই ৰাজনেই সমস্ত জম্বুদ্বীপক জয়ী কৰি পৰম বৈষ্ণৱ ৰূপত স্থিত হৱ ৷ আৰু কলিক তেওঁ নিগ্ৰহ কৰি কলিৰ প্ৰভাৱতেই তেওঁ অভিশাপ গ্ৰস্থ হৈ তক্ষকৰ দংশনত মৃত্যু হৱ ৷ আৰু অভিশাপৰ পৰা মুক্ত হৱলৈ তেওঁ পৰম বৈষ্ণৱ শুকদেৱৰ আশ্ৰয় লৱ ৷ আৰু সেই শুকদেৱৰ জৰিয়তে সমস্ত মানৱ জাতিৰ কাৰণে মহাভাগৱত শাস্ত্ৰ সমস্ত জগতৰ অৰ্থে মুকলি কৰিৱ বা শুভ-উদ্ধোধ কৰিৱ ৷ ব্যাসে এনে ধাৰণা দিয়াৰ পিছত ৰজা পৰীক্ষিত কিছু দিনৰ পিছত ডাঙৰ দীঘল হল ৷ আৰু অনুক্ৰান্তত কি শিকিছে পঞ্চপাণ্ডৱৰ পুত্ৰ অভিমন্যু ৷ অভিমন্যুৰ পুত্ৰ কোন পৰীক্ষিত ৷ এজন সন্তান জন্ম দিয়াৰ আগত পঞ্চপাণ্ডৱ অৰ্থাৎ পঞ্চ জ্ঞানেন্দ্ৰিয় সক্ৰিয় হৈ সন্তান জন্মৰ দিশেৰে আগবাঢ়িৱ লাগে ৷ যদি জ্ঞানহীন হৈ স্ত্ৰী-পুৰুষৰ মাজত কেৱল কামাসক্ত হৈ বা আসক্ত ক্ৰীয়া সন্তান জন্ম দিলে সন্তান ভাল হৱ বা জগতৰ সৎ কৰ্মত লিপ্ত হোৱাটো সম্ভৱ নহবও পাৰে ৷ কেৱল সোম আহুতি দিয়াটো যজ্ঞ নহয় তাত মন্ত্ৰ শুদ্ধ হৱ লাগিৱ,ব্ৰত শুদ্ধ হৱ লাগিৱ,চিত্ত শুদ্ধ হৱ লাগিৱ,পাত-পত্ৰকে ধৰি সকলো শুদ্ধ হৱ লাগিৱ তাত অকনো ছিদ্ৰ থাকিৱ নালাগিৱ ৷ গতিকে সন্তান জন্ম দিয়াটোও এক যজ্ঞ কৰ্ম ৷ গতিকে সন্তান জন্ম দিৱলৈ হলে সেই যজ্ঞৰ পৱিত্ৰতা ৰাখি পঞ্চ-জ্ঞানেন্দ্ৰিয়ক নিজ জ্ঞান বিবেকেৰে নিয়ম সংযমতাৰে সেই কৰ্ম ভাগি কৰিলেহে পৰীক্ষিতৰ দৰে সন্তান জন্ম হৱ ৷ কোনো পৰীক্ষিতৰ দৰে হৱ নোৱাৰে সঁচা কথা কিন্তু সংযমতাৰে সেই আদৰ্শক পালন কৰিলে আপোনাৰ মোৰ জীৱনটো সু-শৃংখলিত আৰু সু-সংগঠিত,সংস্কাৰযুক্ত কৰি তুলিৱ পাৰো ৷যদি পঞ্চ-জ্ঞানেন্দ্ৰিয়ত সুচি সংযমিত ৰূপত সন্তান জন্ম দিছে তেতিয়া পৰীক্ষিত ৰূপত অৰ্থাৎ যি পৰীক্ষাৰ্থীয়ো আৰু পৰিক্ষকো ধৰ্মা-ধৰ্ম,গম্যা-গমন যি বিচাৰ কৰিৱ পাৰিৱ অৰ্থাৎ জন্ম,মৃত্যু,ব্যাধি নামৰ চক্ৰটোৰ পৰীক্ষাত পৰীক্ষা দিৱ সেইজনেই পৰীক্ষিত হৱ ৷কেৱল সেইজনকেই কেৱল পৰীক্ষিত বুলি কোৱা নাই সমস্ত মানৱক ভাগৱতে এই জ্ঞান দিছে বা সম্বোধিত কৰিছে য'ত পৰীক্ষিত জন্ম হৈছে ৷ এনেদৰে কিছুকাল যোৱাৰ পিছত একাদশ স্কন্ধত সৱিশেষ বৰ্ণন কৰিছে যে বা পামগৈ ধৰাধামত নিজ কাৰ্য সমাধান কৰি যেতিয়া বৈকুন্ঠ গমন কৰিছে সেই বাৰ্তা যেতিয়া পঞ্চপাণ্ডৱে পাইছে প্ৰভু ভগৱন্তৰ অৱিহনে বিৰক্তিত তেতিয়া দুখ মনেৰে আধ্যাত্মিক তাপত তাপিত হৈ শৰীৰ এৰিছে সেইয়া সাধাৰণ মানুহৰ মৃত্যু বা পশু-পক্ষী বা আন জীৱৰ দৰে মৃত্যু নহয় তাৰ ফলত মুক্তিৰ বাবে মৃত্যু ৷ কাৰণ তেওঁৰ ৰূপ চিন্তন কৰি তেওঁৰ কাৰণে অৰ্থাৎ ভগৱন্ত ধৰাধাম এৰি গ'ল তাৰ বিৰহত শৰীৰ ত্যাগ কৰিছে ৷
✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ/অসম।
মোবাইল নং:-৯৩৬৫০০৮৩৪৩