অগস্ত্য যাত্ৰা

ওভতি অহাৰ নিশ্চয়তা নথকা যাত্ৰাকেই অগস্ত্য যাত্ৰা বুলি কোৱা হয় ৷ ঋষি অগস্ত্যৰ সৈতে সম্পৰ্কিত এই নামৰ আঁৰত এটা মনোৰম কাহিনী আছে ৷
     কাহিনীটো এনে ধৰণৰ -- বিন্ধ্য পৰ্বতে এবাৰ অহংকাৰী হৈ উঠি ঘোষণা কৰিলে যে সূৰ্যই বিন্ধ্যকো প্ৰদক্ষিণ কৰিব লাগিব ৷ বিন্ধ্যৰ এই প্ৰস্তাৱ মানিবলৈ সূৰ্য অমান্তি হ'ল ৷ খঙতে অগ্নিশৰ্মা হৈ বিন্ধ্যই নিজৰ উচ্চতা বঢ়াবলৈ ধৰিলে যাতে সূৰ্যৰ গতি ৰোধ কৰিব পাৰে ৷ দেৱতাসকলে বিন্ধ্যৰ এই ভীষণ ৰূপ দেখি  ভয় খালে ৷ ইয়াৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে অগস্ত্য ঋষিৰ কাষ চাপিল ৷ কাৰণ ঋষি অগস্ত্য আছিল বিন্ধ্য পৰ্বতৰ গুৰু ৷ গুৰুৰ কথা শিষ্যই নিশ্চয় নেপেলায় ৷
           দেৱতাসকলৰ অনুৰোধত ঋষি অগস্ত্য বিন্ধ্য পৰ্বতৰ ওচৰলৈ গ'ল ৷ গুৰুক দেখি বিন্ধ্যই মূৰ দোঁৱাই সেৱা জনালে ৷ তেতিয়া বিন্ধ্যক অগস্ত্যই ক'লে -- 'মই  উভতি নাহা পৰ্যন্ত তুমি এইদৰেই মূৰ দোঁৱাই থাকা ৷' গুৰুৰ আজ্ঞা মানি বিন্ধ্য পৰ্বতে মূৰ দোঁৱাই থাকিল আৰু ঋষি অগস্ত্যই বিন্ধ্য পৰ্বত পাৰ হৈ দক্ষিণলৈ গ'ল ৷ সেই যে গ'ল, ঋষিগৰাকী আৰু কোনোদিনে উভতি নাহিল ৷ ফলত বিন্ধ্যৰ মনোবাঞ্ছাও অপূৰ্ণ হৈ থাকিল ৷

এয়ে অগস্ত্য যাত্ৰা ৷

মুণিবৰ অগস্ত্যই যাত্ৰা কৰাৰ দিনটো আছিল ভাদ মাহৰ এক তাৰিখ ৷ সেয়ে ভাদ মাহৰ এক তাৰিখটো শুভযাত্ৰাৰ বাবে নিষিদ্ধ বুলি এক লোক-বিশ্বাস আছে ৷