সদস্য:বৰষা বড়া/উপন্যাস এক আলোচনা

"নৈখনে কথা কয়"এনে এটি বাক্যৰে আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ এখন কালজয়ী উপন্যাস হ'ল চৈয়দ আব্দুল মালিকৰ 'সূৰুযমুখীৰ স্বপ্ন'।১৯৬০চনত প্ৰকাশিত মালিকৰ উপন্যাসখন নিঃসন্দেহে মালিকৰ উপন্যাসসমূহৰ ভিতৰতো শ্ৰেষ্ঠ।অসমৰ গ্ৰাম্য সমাজৰ পটভূমিত ৰচিত উপন্যাসখনিৰ কাহিনীভাগ অতি নিটোল,ধাৰাবাহিক তথা ৰসোত্তীৰ্ণ।কাহিনী,পটভূমি,চৰিত্ৰ আদি সকলো দিশৰ পৰাই উপন্যাসখন সফল।

'সূৰুযমুখীৰ স্বপ্ন' উপন্যাসৰ কাহিনীটোৰ পটভূমি হৈছে ধনশিৰী নদী আৰু সেই নদীৰ পাৰত অৱস্থিত ডালিম নামৰ এখনি গাঁও।কাহিনীৰ আৰম্ভণিতে ধনশিৰী নদী আৰু ডালিম গাঁৱৰ যি বৰ্ণনা দাঙি ধৰিছে,সেইয়া অতি জীৱন্ত।ঔপন্যাসিকে ধনশিৰীৰ বৰ্ণনা দাঙি ধৰিছে এইদৰে "ধনশিৰীয়ে পৰ্বতৰ কথা জানে,ভৈয়ামৰ কথা জানে,ভৰপূৰ গাঁৱৰ কথা জানে ,এৰাবাৰীৰ কথা জানে ,বাৰিষাৰ কথাা জানে,খৰালিৰ কথা জানে।"ডালিম গাঁৱৰ অতীত,বৰ্তমান আৰু ভৱিষ্য সকলোৰে সাক্ষী এই ধনশিৰী ।এই পটভূমিতে নিৰ্মিত হৈছে উপন্যাসখনৰ কাহিনীভাগ।ডালিম গাঁৱৰ চফল ডেকা গুলচ উপন্যাসখনৰ কেন্দ্ৰীয় পুৰুষ চৰিত্ৰ আৰু কপাহী,তৰা,গুলচৰ মাক,চেনীমাই আদি নাৰী চৰিত্ৰই গুলচৰ চৌপাশে বিচৰণ কৰিছে।

গুলচে প্ৰথমাৱস্থাত চেনীমাইক ভালপাই যদিও তেওঁলোকৰ মিলন সম্ভৱ নহয়গৈ।তাৰপাছত গুলচৰ তৰাৰ লগত মনৰ মিলন ঘটে কিন্তু ঘটনাৰ দুৰ্বিপাকত তৰাৰ মাহীয়েক কপাহীৰ লগতহে গুলচৰ বিয়া হয়।কপাহীৰ বিয়া হৈছিল ভিনীহিয়েক, ডালিমৰে, নাহৰৰ লগত কিন্তু বছিৰত বেপাৰীৰ লগত কৰা হলিগলিৰ কাৰণে নাহৰৰ লগত কপাহীৰ সম্পৰ্ক চিৰদিনৰ কাৰণে শেষ হৈ গৈছিল।কপাহীৰ বায়েকৰ মৃত্যু হোৱাত কপাহীয়েও তৰাক লগত লৈ নাহৰৰ ঘৰৰ পৰা গাঁৱৰ এমূৰীয়া নিজৰ ঘৰলৈ গুচি আহিল।তৰাই অৱশ্যে কপাহীৰ লগত গুলচৰ বিয়াৰ পাছতো গুলচৰ পিচ নেৰিলে।তাই আগত যেনকৈ কপাহীৰ লগত থাকে,কপাহীৰ বিয়াৰ পাছতো কপাহীৰ লগতে থাকিবলৈ লয়।এইদৰে উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে।

সূৰুযমুখীৰ স্বপ্ন'ত আমি দেখিবলৈ পাওঁ অভাৱত জুৰুলা হোৱা গাৱঁলীয়া চহা জীৱনৰ সহজ সৰল নিভাজ অভিব্যক্তি। গুলচৰ প্ৰথম প্ৰেম চেনিমাইক সি নিজৰকৈ নাপালে অথচ ইয়াত কোনো হা- হুতাহ, নোপোৱাৰ বেদনা নাই।এনে দিশবোৰে কাহিনীত কিছু শিথিলতা আনিছে।

তৰাৰ লগত সংসাৰ কৰাৰ গুলচৰ সপোন ধূলিস্যাৎ কৰি কপাহী তাৰ জীৱনলৈ আহিল। মনত তৰাৰ কাৰণে অস্বস্তি থাকিলেও কিন্তু সি সুখী। সি এতিয়া ৰন্ধা ভাতমুঠি, মেলা দুৱাৰ খন পাইছে। সুখৰ-দুখৰ কথা এষাৰ পাতিবলৈ মনৰ মানুহ এগৰাকী পাইছে।আকৌ ঘটনাৰ পাকচক্ৰত পৰি কপাহীক জীৱনৰ পৰা বিদায় দি গুলচে পুনৰ তৰাক নিজৰ কৰি আঁকোৱালি লৈছে।গুলচ চৰিত্ৰৰ এনে কাৰ্যৰ পৰা দেখা গৈছে যে প্ৰেমৰ ক্ষেত্ৰত তাৰ মানসিক দৃঢ়তা তথা একনিষ্ঠতা নাই। পাঠকে এনে কাৰ্য ভাল পোৱা নাই।