ড° বাণীকান্ত কাকতি একেধাৰে অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক,ভাষাবিদ, গৱেষক, শিক্ষাবিদ আৰু সমালোচক। প্রাচ্য আৰু পাশ্চাত্য সাহিত্যৰ অধ্যয়নেৰে প্ৰচুৰ পাণ্ডিত্য লাভ কৰা কাকতিয়ে ইংৰাজী ভাষাত লিখা 'Assamese, Its Formation and Development' নামৰ গৱেষণা গ্ৰন্থৰ বাবে ডক্তৰেট ডিগ্ৰী লাভ কৰে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতেই সমালোচক হিচাপে শ্রেষ্ঠতাৰ দাবী কৰিব পৰা শিক্ষাবিদ, সাহিত্যক বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই গৈছে।আধুনিক যুগৰ সর্বশ্রেষ্ঠ সমালোচক হিচাপে পৰিচিত হোৱা ড° কাকতিয়ে কেইবাখনো পুথি ৰচনা কৰাৰ লগতে ভালেমান গ্ৰন্থৰ মূখবন্ধ লিখিছিল আৰু সেইবোৰত তেওঁৰ পাণ্ডিত্য, মননশীলতা আৰু বিষয়বস্তুৰ গভীৰ তললৈ সোমাব পৰা ক্ষমতা প্ৰকাশ পাইছে। তেওঁ ‘ভবানন্দ পাঠক' – এই ছদ্মনামেৰেও এলানি প্রবন্ধ লিখিছিল।

জন্ম

ড° বাণীকান্ত কাকতিৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১০ নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁওত । বাণীকান্ত কাকতিৰ পিতৃ ললিতৰাম কাকতি আৰু মাতৃ লাহোবালা কাকতি।বাণীকান্ত কাকতি ললিতৰাম কাকতিৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ ককায়েক পৰমানন্দ কাকতি আৰু বায়েক তিনি গৰাকী । বাণীকান্ত কাকতি মাতৃগর্ভত থাকোতে পিতৃ ললিতৰাম কাকতি স্বর্গী হয়। ককায়েক পৰমানন্দ কাকতিয়ে বাণীকান্তক মৰম-চেনেহ কৰি, মৰমৰ শাসনতে ডাঙৰ দীঘল কৰে ।

শিক্ষা

বাণীকান্তই বাটিকুৰিহা গাঁওৰে পাঠশালা স্কুলত শিক্ষাৰম্ভ কৰে। ককায়েক পৰমানন্দ কাকতি সেই স্কুলৰে শিক্ষক। বাণীকান্ত জন্মগত ভাবে বুদ্ধিমান। বাণীকান্ত কেবল লেখা-পঢ়াতে মন, খেল-ধেমালি বা অন্যান্য বিষয়ত নজৰ নাই । কিন্তু ককায়েক পৰমানন্দ কাকতিয়ে বাণীকান্তক বৰগীত গাবলৈ শিকায়, কীৰ্ত্তনঘোষা পঢ়িবলৈ শিকায়। বাণীকান্তই বৰগীতবোৰ সলসলীয়াকৈ গাই দিব পৰা হ'ল। ক'ব নোৱাৰাকৈয়ে বাণীকান্তৰ মন শ্ৰীমন্ত শঙ্কৰ-মাধৱৰ প্ৰতি ঢাল খাবলৈ ধৰিলে। এনে ধৰণৰ প্ৰভাৱৰ ফলতে পাছত ড' কাকতিয়ে শ্ৰীমন্ত শঙ্কৰ-মাধৱৰ ধৰ্ম আৰু সাহিত্যৰাজিৰ গভীৰ আলোচনাত গভীৰ দৃষ্টিপাত কৰিবলৈ সক্ষম হ'ল। বাণীকান্তই সুখ্যাতিৰে পাঠশালা পাছ কৰিলে।১৯১১ চনত এই স্কুলৰপৰা বাণীকান্ত কাকতিয়ে অসম উপত্যকাত প্রথম হৈ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত হোৱা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল ।

      স্কুলীয়া শিক্ষা সুখ্যাতিৰে সাং কৰি বাণীকান্ত কাকতিয়ে ১৯১১ চনত অসমৰ বিখ্যাত কটন কলেজত নাম লগায়। নিজৰ মেধা আৰু তীক্ষ্ণ বুদ্ধিৰ ফলত তেওঁ অতি সহজতে অধ্যাপকসকলৰ দৃষ্টি আকর্ষণ কৰে।১৯১৩ চনত বাণীকান্ত কাকতিয়ে কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ত প্রথম স্থান লাভ কৰিছিল।
     ১৯১৩ চনত বাণীকান্ত কাকতিয়ে কলিকতাৰ বিখ্যাত প্ৰেছিডেন্সি কলেজত পঢ়িবলৈ লয়। তেওঁ ইংৰাজী বিষয়ত অনাৰ্চ লয়।বাণীকান্ত কাকতিয়ে ১৯১৫ চনত ইংৰাজী অনাৰ্চত দ্বিতীয় শ্রেণীৰ চতুৰ্থ স্থান লাভ কৰি পাছ কৰে। তেওঁ প্রেডিডেন্সি কলেজত প্রথম স্থান লাভ কৰে আৰু ইয়াৰ কাৰণে তেওঁ 'টাওনী স্মৃতি বঁটা' লাভ কৰে ।
    বি.এ. পাছ কৰাৰ পাছত ইংৰাজী ১৯১৫ চনত বাণীকান্তই কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত ইংৰাজী বিভাগত নাম লগায়। তেতিয়াৰ অসমৰ শিক্ষা বিষয়া কানিংহাম চাহাবলৈ তেওঁ ইংৰাজীত এখন চিঠি লিখিছিল। চিঠিৰ ভাষা এনে মর্মস্পর্শী আছিল আৰু তাৰ প্ৰকাশৰ আকর্ষণীয় ভংগী দেখি কানিংহাম চাহাবে নিজৰ জেপৰ পৰাই মাহিলী এক নিৰ্ধাৰিত নিৰিখৰ টকা দিবলৈ গাত লৈছিল। অৱশ্যে, অসুস্থতাৰ কাৰণে তেওঁ ইংৰাজী ১৯১৭ চনত এম.এ. পৰীক্ষাত বহিব নোৱাৰিলে। ১৯১৮ চনত ইংৰাজী ক শাখাত পৰীক্ষা দি দ্বিতীয় শ্রেণী লাভ কৰে।সুখ্যাতিৰে এম. এ. পাছ কৰি ১৯১৮ চনতেই কাকতিয়ে কটন কলেজত অধ্যাপক নিযুক্ত হয়। ইয়াৰ মাজতেই তেওঁ আকৌ ইংৰাজী খ শাখাত এম. এ. পৰীক্ষা দিবলৈ মন মেলে। ১৯২৩ চনত খ শাখাত পৰীক্ষা দি প্ৰথম শ্ৰেণীৰ প্রথম স্থান লাভ কৰে ।
      কটন কলেজত কাম কৰি থাকোতে তেওঁ ভাষাবিজ্ঞানী সুনীতিকুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কত গৱেষণা কৰিবলৈ আৰম্ভ কৰে। তেখেতৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল- 'Assamese : Its Formation And Development ১৯৫ চনত এই গৱেষণাৰ বাবে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে। উল্লেখ্য যে ভাৰতীয় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বাণীকান্ত কাকতি।

কৰ্মজীৱন

১৯১৮ চনৰ ১৬ নবেম্বৰত কাকতিদেৱে ইংৰাজীৰ অধ্যাপক হিচাপে কটন কলেজত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে।কটন কলেজত অধ্যাপকৰ পদ পোৱা প্ৰথম অসমীয়া আছিল ড°সূৰ্য্যকুমাৰ ভূঞা আৰু দ্বিতীয় আছিল বাণীকান্ত কাকতি। ইয়াৰ মাজতে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইণ্ডিয়ান হিষ্টৰিকেল ৰেকৰ্ডছ কমিছনৰ পেছোৱাত অনুষ্ঠিত দ্বাবিংশতিতম অধিৱেশনত যোগদান কৰে আৰু এবছৰ কালৰ বাবে এই কমিছনৰ সদস্য মনোনীত হয়। ১৯৪৭ চনত তেখেতে কটন কলেজৰ অধ্যক্ষ ৰূপে পদোন্নতি লাভ কৰে। ১৯৪৯ চনৰ জানুৱাৰী মাহলৈকে বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।সেই বছৰতে তেখেতে নতুনকৈ স্থাপিত হোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰাধ্যাপক হিচাপে পুনৰ কামত যোগদান কৰে মৃত্যুৰ সময়লৈকে তেওঁ সেই পদতে থাকি সেৱা আগবঢ়াইছিল।কাকতি আছিল অসমীয়া বিভাগৰ প্ৰথমজন কলাগুক (Dean, Faculty Of Arts) ৰূপে নিৰ্বাচিত হৈছিল৷ তেওঁ বিশ্ববিদ্যালয়ৰ ক'ৰ্ট সভাৰো সদস্য আছিল।

সাহিত্যকৰ্ম

বাণীকান্ত কাকতিয়ে একেধাৰে ভাষাতাত্ত্বিক, সাহিত্য সমালোচক, সংস্কৃতি গৱেষক, নৃতত্ত্ববিদ,শিশু-সাহিত্যিক, অনুবাদক আদি একাধিক ৰূপেৰে স্ব-পাণ্ডিত্যক জ্ঞাপন কৰিছিল। তেখেতৰ জীৱদ্দশাত আৰু মৰণোত্তৰভাৱে মুঠ বাৰখন গ্ৰন্থ প্ৰকাশ পাইছে। তদুপৰি ভালেমান প্রবন্ধ আৰু গৱেষণাপত্রও লিখি থৈ গৈছে। অৱশ্যে কাকতিৰ সকলো প্ৰবন্ধই গ্ৰন্থিত আকাৰ লাভ কৰা নাই। প্রকাশিত গ্ৰন্থবোৰক তলত দিয়া ধৰণে শ্রেণীবিভাগ কৰিব পাৰি। অৱশ্যে এই বিভাজন পানী নসৰকা নহয়, মাত্ৰ প্ৰণালীবদ্ধ কৰণৰহে প্ৰয়াস——

(১) ভাষাতত্ত্বমূলক গ্রন্থ : Assamese, Its Formation and Development.

২) সাহিত্য আলোচনা : পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, নতুন অসমীয়া সাহিত্য।

৩) সমাজতত্ত্ব বিষয়ক গ্রন্থ: The Mother Godess Kamakhyā, Visnuite Myths and Legends, পুৰণি কামৰূপৰ ধৰ্ম্মৰ ধাৰা, কলিতা জাতিৰ ইতিবৃত্ত।

(৪) জীৱনী সাহিত্য : Life and Teachings of Sankar Deva.

৫) শিশু সাহিত্য : পখিলা

(৬) সম্পাদিত সাহিত্য : চোৰধৰা আৰু পিম্পৰা গুছোৱা

৭) সংকলিত সাহিত্য :Aspects of Early Assamese Literature

(৮) অনুবাদ সাহিত্য : Songs of the Cell.


সন্মান লাভ

কলিকতা বিশ্ববিদ্যালয়ে বাণীকান্ত কাকতিক তেওঁৰ গৱেষণামূলক গ্রন্থ "অসমীয়া ভাষা:ইয়াৰ গঠন আৰু ক্ৰমবিকাশ"ৰ বাবে তেওঁক পি.এইচ.ডি. ডিগ্ৰী প্ৰদান কৰে।১৯৪৯ চনত ড° কাকতিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা-বিভাগৰ কলাগুৰু হিচাবে নিয়োজিত কৰে। ‘কলাগুৰু' পদ শুৱনী কৰি তেওঁৰ ব্যক্তিত্ব আৰু জ্ঞানৰ সন্মান উজ্জ্বলহৈ ৰয়।

মৃত্যু

১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে শনিবাৰৰ দিনা গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা বাসভৱনত প্রাত:ভ্ৰমণৰপৰা ঘূৰি অহাৰ পিছতেই ডক্টৰ বাণীকান্ত কাকতিয়ে অসুস্থতা অনুভৱ কৰি বিছনাত শুই পৰে আৰু ক্ষন্তেক পিছতেই শেষ নিশ্বাস ত্যাগ কৰে।৫৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

১)বাণীকান্ত ৰচনাৱলী, ভূমিকা, সম্পা: মহেশ্বৰ নেওগ, অসম প্ৰকাশন পৰিষদ, ২০০৬, পৃঃ নং;১৯

২)সাহিত্যৰত্ন:এশ একুৰি সাহিত্যিকৰ জীৱনী, উমেশ চেতিয়া, পূনং ১৬৭, কিৰণ প্ৰকাশন,ধেমাজি ২০১৬

৩)ড° বাণীকান্ত কাকতি : জীৱন আৰু প্ৰতিভা,শ্ৰী চিত্তৰঞ্জন চৌধুৰী,বীণা লাইব্ৰেৰী কলেজ হোষ্টেল ৰোড, গুৱাহাটী

৪)ডক্টৰ কাকতিৰ সাহিত্য,ডঃ বিনোদ শর্মা,অধ্যাপক, অসমীয়া আৰু কলা বিভাগ ৰিজনেল ইনষ্টিটিউট অব ল্যাঙ্গুয়েজ, ভুবনেশ্বৰ, উৰিষ্যা,নিউ বুক স্টল গুৱাহাটী-১, অসম

৫)বাণীকান্ত কাকতিৰ গদ্যশৈলী, ড° মঞ্জু লস্কৰ, মনপুৰ মৌচন্দা, অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ, পুঃনং ৪৮৫ ২৬। ৬)Assamese its formation and Development.

৭)পুৰণি অসমীয়া সাহিত্য

৮)কলিতা জাতিৰ ইতিবৃত্ত

১o) বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পুনঃ, ২১১, চন্দ্র প্রকাশ, ২০১৪ ৩৩। বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পূনং ২১০, চন্দ্র প্রকাশ, ২০১৪

১১) বৰেণ্য অসমীয়া, পৰেশ বৈশ্য, পূনং ২১১, চন্দ্র প্রকাশ, ২০১৪ ৩৬। ড° বাণীকান্ত কাকতি, অতুলচন্দ্র বৰুৱা, জীৱনী সংগ্রহ, পদ্মনাথ গোহাঞিবৰুৱা, পু:নং, ২১০, অসম প্ৰকাশন পৰিষদ, ২০০৩

১২) বাণীকান্ত কাকতিৰ জীৱন আৰু কৃতি, ড০ অনুৰাধা শৰ্মা,ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্ ৭ লাচিত লেন, ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৭,প্রথম প্রকাশ : ২০০৯।