সন্তোষী মা (হিন্দী: संतोषी माता) হিন্দু ধৰ্মৰ এগৰাকী তুলনামূলকভাৱে নতুন দেৱী। সন্তোষী মাক সন্তোষৰ অধিষ্ঠাত্ৰী দেৱী বুলি অভিহিত কৰা হৈছে।[1] বিশেষকৈ উত্তৰ ভাৰত আৰু নেপালৰ নাৰীসকলে সন্তোষী মাৰ পূজা কৰে। লেথাৰিকৈ ১৬টা শুকুৰবাৰে সন্তোষী মা ব্ৰত নামৰ এক ব্ৰত পালন কৰিলে দেৱী সন্তুষ্ট হয় বুলি তেওঁলোকে বিশ্বাস কৰে।

সন্তোষী মা
অধিকাৰ সন্তুষ্টিৰ দেৱী
দেৱনাগৰী संतोषी माता
গোত্ৰ দেৱী
অধিষ্ঠান গণেশলোক
মন্ত্ৰ ওঁ শ্ৰী সন্তোষী মহামায়ে গজানন্দম দায়িনী শুক্ৰবাৰ প্ৰিয়ে দেৱী নাৰায়ণী নমস্তুতে
অস্ত্ৰ তৰোৱাল, চাউলৰ সোণালী পাত্ৰ আৰু ত্ৰিশূল
বাহন বাঘ বা সিংহ বা পদুম ফুল

ষাঠীৰ দশকৰ আদিভাগত সন্তোষী মাৰ প্ৰথম প্ৰচাৰ হৈছিল। মৌখিক কথা, ব্ৰতৰ বিৱৰণী সম্বিলিত পুথি, প'ষ্টাৰ আদিৰে তেওঁৰ জনপ্ৰিয়তা বাঢ়ি আহে। ১৯৭৫ চনত বলিউডৰ বোলছবি 'জয় সন্তোষী মা'-ৰ মুক্তিৰ পাছৰ পৰাহে তেওঁৰ জনপ্ৰিয়তা তুংগত উঠে; অৱশ্যে যোধপুৰত পুৰণি কালৰ পৰাই সন্তোষী দেৱীৰ এটা মন্দিৰ আছে।[2] বোলছবিখনত তেওঁক গণেশ দেৱতাৰ জীয়ৰী তথা মূল প্ৰকৃতিৰ এক অংশাৱতাৰ হিচাপে দেখুৱা হৈছিল। দেৱীৰ জন্ম শুকুৰবাৰে পূৰ্ণিমা তিথিত হয়, সেয়েহে সন্তোষী মাৰ পূজাৰ বাবে শুক্ৰবাৰ দিনতো শ্ৰেষ্ঠ। তেওঁ চৰ্তুভূজা তথা ৰক্তবস্ত্ৰ পৰিহিতা, তেওঁ নিজৰ চাৰিখন হাতৰ দুখনত ত্ৰিশূল আৰু তৰোৱাল ধাৰণ কৰে আৰু বাকী দুখন হাতেৰে বৰাভয় আৰু সংহাৰ মুদ্ৰা ধাৰণ কৰে। ইয়াৰে ত্ৰিশূলপাত তিনিগুণৰ (সত্ত,ৰজ,তম) প্ৰতীক আৰু তৰোৱালখন জ্ঞানৰ প্ৰতীক। হিন্দু ধৰ্মগ্ৰন্থত সন্তোষী মাৰ কোনো আখ্যান উল্লেখ নাই যদিও দেৱী ভাগৱতত পাৰ্বতীৰ জন্ম শুকুৰবাৰে পূৰ্ণিমা তিথিত হৈছিল বুলি উল্লেখ আছে। ইয়াৰ লগতে পাৰ্বতী দেৱীৰ সেই স্বৰূপক চতুৰ্ভূজা হিচাপে গণ্য কৰা হৈছে যিয়ে হিমালয়ক দেৱী গীতা কৈ সন্তোষ প্ৰদান কৰিছিল। বৈষ্ণৱ আদৰ্শত ভগৱানৰ যোগমায়াকেই বিভিন্ন দেৱীৰ ৰূপত ভিন্ন ভিন্ন নামেৰে উপাসনা কৰা হয় বুলি বিশ্বাস কৰা হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক