সবাহ

অসমৰ লোক সকলে জনবিশ্বাস অনুসৰি পালন কৰা এক অনুষ্ঠান

সবাহ হৈছে অসমৰ লোক সকলে জনবিশ্বাস অনুসৰি পালন কৰা এক অনুষ্ঠান। সাধাৰণতে সবাহৰ সৈতে কিছুমান ধৰ্মীয় লোক বিশ্বাস জড়িত হৈ আছে।

সবাহ

শীতলা সবাহ উপলক্ষে এজন পাঠকে পুথি পঢ়ি থকা মুহূৰ্ত।
তাৰিখ বছৰৰ যিকোনো সময়
ঠাই অসম
সবাহৰ বাবে নৈবেদ্যৰে সজোৱা এখন শৰাই।

লোকবিশ্বাস সম্পাদনা কৰক

অসমীয়া সমাজত পালন কৰা এই সবাহ আদি উৎসৱ-পাৰ্বনেৰে থলুৱা লোক তথা জনগোষ্ঠীসমূহৰ বিবিধ ৰীতি-নীতি, ধৰ্মীয় আচাৰ-ব্যৱহাৰ আদি জড়িত আছে। খেতি-বাতিৰ মংগল কামনা, ৰোগ-ব্যাধি, অপায়-অমংগল আদিৰ পৰা পৰিত্ৰাণৰ বাবে এই বিষয় সমূহৰে জড়িত বিভিন্ন দেৱ-দেৱীৰ অৰ্চনা কৰা হয়, বসন্ত ৰোগে দেখাদিলে আই সবাহ পতা, গো-ধনৰ মংগল কামনাৰে গৰখীয়া সবাহ, খেতি পথাৰলৈ লখিমীক আহ্বান জনাই লখিমী সবাহ, খেতিৰ পূৰ্বে বৰষুণ আদি নহ'লে দেৱতাৰ দায় লগা বুলি পানীটোলা সবাহ, ল'ৰা-ছোৱালীৰ অসুখ হ'লে, বহুদিনলৈ ছোৱালী মানুহ ঋতুমতী নহ'লে বা বিবাহিত দম্পতী সন্তান সম্ভৱা নহ'লে অপেশ্বৰী সবাহ, গৰু পোৱালিৰ গাত খেতৰ লাগিলে সবাহ আদি পতা হয়। এই সমূহৰ সৈতে অসমীয়া লোক-সাহিত্যৰ সম্পৰ্ক আছে। এই সবাহ আদিত আৰাধ্যক পুঁজিবলৈ বিভিন্ন থলুৱা গীত-মাত গোৱা হয়।

প্ৰকাৰ সম্পাদনা কৰক

অসমীয়া লোক সমাজত বিভিন্ন কাৰণত বিভিন্ন সবাহ পতাৰ নিয়ম আছে।

অপেশ্বৰী সবাহ: হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে বা কোনো বেমাৰ আজাৰ হ'লে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গ'লে অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত। ইয়াৰোপৰি কোনো দম্পতী সন্তান সম্ভৱা নহ'লে আৰু গৰ্ভৱতী মহিলাৰ সুৰক্ষাৰ বাবেও গাঁৱৰ মহিলা সকলৰ দ্বাৰা গৃহস্থৰ চোঁতালত আছুতীয়াকৈ এই সবাহ পালন কৰা হয়।

আই সবাহ: অসমীয়া লোকসকলে পালন কৰা এক উৎসৱ। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগৰ বা আই ওলোৱাৰ সৈতে জড়িত। এই সবাহত অৰ্চনা কৰা দেৱী গৰাকী হ'ল শীতলা[1] লোক বিশ্বাস অনুসৰি শীতলা দেৱী অসন্তুষ্ট হ'লে ঘৰত বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিয়ে, সেয়ে এই সবাহ অনুষ্ঠানৰে ঘৰলৈ দেৱীক আমন্ত্ৰণ জনাই নৈবেদ্য ইত্যাদিৰে সন্তুষ্ট কৰা হয়।[2] এই আহ্বান প্ৰক্ৰিয়াৰে অসমীয়া লোক-সাহিত্যৰ বিভিন্ন গীত-মাত জড়িত হৈ আছে।

গৰখীয়া সবাহ: প্ৰধানকৈ উজনি অসমত প্ৰচলিত এটা অনুষ্ঠান। এই সবাহত গৰখীয়া সকলক নানাবিধ ব্যঞ্জনৰে আপ্যায়িত কৰা হয় আৰু চাউল, নিমখ, টকা, কাপোৰ ইত্যাদি দান কৰা হয়। এই সবাহৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয়।[3]

লখিমী সবাহ: বাৰিষাৰ আগে আগে বৰষুণ অহাৰ সময়ত এই সবাহ পতা হয়। লোকবিশ্বাস অনুসৰি লক্ষ্মী দেৱী পথাৰৰ ধান দাই খেতিয়কে ঘৰলৈ নিয়াৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু কোনোৱা থিয় পৰ্বতত গৈ স্থিতি লয়গৈ। প্ৰজাৰ প্ৰতি অসন্তুষ্ট নহলে বৰ্ষাঋতুৰ লগে লগে লক্ষ্মী দেৱী বৰষুণ হৈ আকৌ পথাৰলৈ নামি আহে। খেতিৰ ভৰপক দিয়াৰ আগতেই জেঠ-আহাৰ মাহত লখিমীক আদৰিবলৈ গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে নাম গাই পানী তুলিবলৈ যায়।

পানীতোলা সবাহ: খেতিয়কৰ খেতি পথাৰত যেতিয়া খৰাং হৈ খেতি পথাৰত চিৰাল ফাট দিয়ে তেতিয়া কোনো কোনো সম্প্ৰদায়ৰ মাজত(বিশেষকৈ চুতীয়া সম্প্ৰদায়ৰ মাজত) খেতিৰ বাবে বৰষুণ কামনা কৰি বৰুণ দেৱতাক আহ্বান জনাই জেঠমাহত তিনিদিন ধৰি এই সবাহ পতা হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Folk Religion: Change and Continuity Author Harvinder Singh Bhatti Publisher Rawat Publications, 2000 Original from Indiana University Digitized 18 Jun 2009 আই.এচ.বি.এন. 8170336082, 9788170336082
  2. গ্ৰন্থ : অসমৰ লোক-সংস্কৃতি | লেখক : ড॰ নিৰ্মল প্ৰভা বৰদলৈ | পৃষ্ঠা নং : ৭৩
  3. "এনাজৰী ডট কম". Archived from the original on 2015-11-21. https://web.archive.org/web/20151121160329/http://enajori.com/folk-culture/traditions/। আহৰণ কৰা হৈছে: 2020-12-05.