সমান্তৰাল চলচ্চিত্ৰ (ইংৰাজী: Parallel cinema) হৈছে ভাৰতীয় চলচ্চিত্ৰত আৰম্ভ হোৱা একপ্ৰকাৰৰ চলচ্চিত্ৰ বিপ্লৱ। ১৯৫০ চনত পশ্চিমবংগত আৰম্ভ হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰাটোক মূলঃসূঁ‌তিৰ ব্যৱসায়িক ভাৰতীয় চলচ্চিত্ৰৰ এক বিকল্প বুলিও ক'ব পাৰি। ফৰাচী নৱ ঢৌ আৰু জাপানীজ নৱ ঢৌৰ ঠিক আগে আগে সৃষ্টি হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰণাটো মূলতঃ ইটালিয়ান নিঅ'ৰিয়েলিজ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। সমান্তৰাল চলচ্চিত্ৰক ১৯৬০ চনত আৰম্ভ হোৱা ভাৰতীয় নৱ ঢৌৰ এক অগ্ৰদূত বুলিও কোৱা হয়। প্ৰথমে বঙালী চলচ্চিত্ৰৰে আৰম্ভ হোৱা এই ধাৰা পাছলৈ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ বিয়পি পৰিছিল। সত্যজিৎ ৰায়, মৃণাল সেন,ঋত্বিক ঘটক, তপন সিংহা আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰনিৰ্মাতাই এই সমান্তৰাল চলচ্চিত্ৰসমূহৰ গুৰি ধৰিছিল।

অতি গুৰুতৰ বিষয়বস্তু, বাস্তৱবাদ তথা স্বাভাৱিকতা আৰু কোনো এটা সময়ৰ আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱৰ্তনৰ ওপৰত চকু দি প্ৰতীকি উপাদানেৰে এই চলচ্চিত্ৰসমূহ নিৰ্মাণ কৰা হয়। মূলঃসূঁ‌তিৰ ভাৰতীয় চলচ্চিত্ৰত প্ৰচলিত নৃত্য-গীতৰ ধাৰণাটোও এই সমান্তৰাল চলচ্চিত্ৰসমূহত উলাই কৰা হয়।

ইতিহাসসম্পাদনা কৰক

মূলসম্পাদনা কৰক

ভাৰতীয় চলচ্চিত্ৰত বাস্তৱবাদৰ ধাৰণাটোৰ আৰম্ভণি হৈছিল মূলতঃ ১৯২০ আৰু ১৯৩০ ৰ দশকত। বাবুৰাও পেইণ্টাৰৰ ১৯২৫ চনৰ নিৰ্বাক ছবি Savkari Pash (Indian Shylock), এই ধাৰণাৰ এক উদাহৰণ। ছবিখনত এজন দৰিদ্ৰ কৃষকে এজন লুভীয়া জমিদাৰৰ হাতত নিজৰ মাটি হেৰুৱাই চহৰলৈ কাম বিচাৰি যোৱাৰ ঘটনা দেখুওৱা হয়।[1] বাস্তৱবাদী ধাৰণাৰ সাফল্য হিচাপে চিহ্নিত হোৱা, এটা জুপুৰিৰ কাষত এটা বলীয়া কুকুৰৰ শ্বটটোক ভাৰতীয় চলচ্চিত্ৰৰ মাইলৰ খুঁ‌টি হিচাপে ধৰা হয়। ১৯৩৭ চনৰ Shantaram ৰ দুনীয়া না মানে Duniya Na Mane (The Unaccepted) নামৰ চলচ্চিত্ৰখনতো ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি হোৱা ব্যৱহাৰৰ সমালোচনা কৰিছিল।[2]

আৰম্ভণিৰ সময়সম্পাদনা কৰক

চল্লিছ দশকৰ শেষ ভাগৰ পৰা ১৯৬৫ চনলৈকে সমান্তৰাল চলচ্চিত্ৰ বিপ্লৱটোৱে এক আকাৰ পাইছিল। সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, তপন সিংহা, খাৱাজা আহমেড আৱাজ, বুদ্ধদেৱ দাসগুপ্ত, চেতন আনন্দ, গুৰু দত্ত, ভি. চন্তৰামৰ নিচিনা চলচ্চিত্ৰনিৰ্মাতাসকলে ইয়াত আগভাগ লৈছিল। এই সময়চোৱাক ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী সময়" বুলি কোৱা হয়। এই চলচ্চিত্ৰসমূহৰ বিষয়বস্তু মূলতঃ সেই সময়ৰ ভাৰতীয় সাহিত্যৰ পৰা তুলি অনা হৈছিল। সেয়ে এই চলচ্চিত্ৰসমূহত সেই সময়ৰ ভাৰতীয় সমাজব্যৱস্থাৰ প্ৰভাৱ পৰিলক্ষিত হয়। গৱেষক আৰু ইতিহাসবিদসকলে ভাৰতীয় জনসংখ্যাৰ আৰ্থসামাজিক আৰু ৰাজনৈতিক পট পৰিৱৰ্তন তথা পৰিৱৰ্তিত ভাৰতীয় জনগণৰ চিত্ৰ অধ্যয়ন কৰিবলৈ এই চলচ্চিত্ৰসমূহ ব্যৱহাৰ কৰা দেখা যায়। জন্মলগ্নৰে পৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ কিছু কিছু লোকে এই মাধ্যমটোক মনোৰঞ্জনৰ উপৰিও আন কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল। ভাৰতীয় সমাজব্যৱস্থাত প্ৰচলিত ধ্যান-ধাৰণা কিছুমানক নতুনকৈ দেখুৱাই দিয়াৰ উপৰিও জনসাধাৰণৰ মাজলৈ নতুন কিছুমান ধাৰণা প্ৰেৰণ কৰিবলৈও এই চলচ্চিত্ৰনিৰ্মাতাসকল সক্ষম হৈছিল।

ইয়াৰে আৰম্ভণিকালৰ উদাহৰণ আছিল বিমল ৰয়ৰ হিন্দী বোলছবি "দ' বিঘা জমিন। " ছবিখনে সমালোচকৰ প্ৰশংসাৰ লগতে ব্যৱসায়িক সফলতা লাভ কৰে আৰু ১৯৫৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰে। ছবিখনৰ সফলতাই আন আন বোলছবি নিৰ্মাতাকো এই ধাৰাৰ প্ৰতি আকৰ্ষিত কৰে। চেতন আনন্দৰ ১৯৪৭ চনৰ ছবি নীচা নগৰো ইয়াৰ এক অন্যতম উদাহৰণ। এই ছবিখনে প্ৰথম কেন্‌ছ চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড প্ৰাইজ বঁ‌টা পাবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰে পৰা ভাৰতীয় ছবিয়ে নিয়মীয়াকৈ ১৯৫০ৰ দশক আৰু ১৯৬০ৰ দশকৰ আগভাগলৈ প্ৰায় প্ৰতি বছৰে কেনচ চলচ্চিত্ৰ মহোৎসৱত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ইয়াৰ বহু সংখ্যকে মহোৎসৱত গুৰুত্বপূৰ্ণ বঁটা পাবলৈ সক্ষম হৈছিল।

১৯৫০ ৰ পৰা ১৯৬০ দশকৰ সময়ছোৱাত বহুতো বৌদ্ধিক-অধ্যয়নপুষ্ট চলচ্চিত্ৰনিৰ্মাতাই সাংগীতিক চলচ্চিত্ৰসমূহৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰে আৰু তেওঁলোকে ইয়াক প্ৰতিৰোধ কৰিবলৈ একপ্ৰকাৰৰ নতুন ধাৰাৰ সৃষ্টি কৰে। এই ধাৰাত কলাত্মক দিশেৰে বাস্তৱক দেখুওৱা হৈছিল আৰু এই চলচ্চিত্ৰসমূহৰ বহু সংখ্যকেই ৰাজ্যিক চৰকাৰৰ অনুদানত নিৰ্মাণ কৰা হৈছিল। এইক্ষেত্ৰত সত্যজিৎ ৰায়ে অগ্ৰণী ভূমিকা পালন কৰে। সত্যজিৎ ৰায়ে তেখেতৰ তিনিখনীয়া অপু শৃংখলাৰ (১৯৫৫-১৯৫৯) প্ৰথমখন ছবি পথেৰ পাঁচালী (১৯৫৫) ৰ যোগে ভাৰতীয় চলচ্চিত্ৰ জগতত নিজৰ উপস্থিতি ঘোষণা কৰে। এই অপু শৃংখলাই সকলো আন্তৰ্জাতিক ফিল্ম মহোৎসৱতে পুৰস্কাৰ অৰ্জন কৰে আৰু তাৰ লগে লগেই ভাৰতীয় চলচ্চিত্ৰত সমান্তৰাল ধাৰাটো সুপ্ৰতিষ্ঠিত হৈ পৰে।

কিছুমান কলাত্মক চলচ্চিত্ৰই ব্যৱসায়িকভাৱেও সফলতা লাভ কৰিছিল। যিটো চলচ্চিত্ৰ উদ্যোগত অতিবাস্তৱবাদ বা কাল্পনিকতাৰ পয়োভৰ বেছি আছিল, তেনে উদ্যোগত কলাত্মক চলচ্চিত্ৰসমূহৰ সফলতা মন কৰিবলগীয়া। বিমল ৰয়ৰ "দো বিঘা জমিন" ইয়াৰ অন্যতম উদাহৰণ। ভাৰতৰ আন এজন সফল চলচ্চিত্ৰনিৰ্মাতা হৃষিকেশ মুখাৰ্জীক মধ্য-চলচ্চিত্ৰৰ অগ্ৰদূত বুলি কোৱা হয়। তেওঁৰ চলচ্চিত্ৰসমূহত ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ ধ্যান-ধাৰণাসমূহৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যায়। ভাৰতৰ আন এজন কলাত্মক ছবিনিৰ্মাতা গুৰু দত্তৰ চলচ্চিত্ৰসমূহো বাণিজ্যিকভাৱে সফল হোৱা দেখা যায়। ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত গুৰু দত্তৰ ছবি প্যাছা টাইম মেগাজিনৰ 100 all time best মোৱিএস ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

বিকাশসম্পাদনা কৰক

১৯৭০ ৰ পৰা ১৯৮০ দশকৰ সময়ছোৱাত সমান্তৰাল চলচ্চিত্ৰই হিন্দী চলচ্চিত্ৰজগতখনত বহলভাৱে বিয়পি পৰিছিল। গুলজাৰ, শ্যাম বেনেগাল, মনি কৌল, ৰাজিন্দৰ সিং বেদী, কন্তিলাল ৰাথোড় আৰু চৈয়দ আখটাৰ মিৰ্জাৰ নিচিনা পৰিচালকসকলে এই ক্ষেত্ৰত বিশেষ নেতৃত্ব লৈছিল। মনি কৌলৰ চিনেমা Uski Roti (১৯৭১), Ashadh Ka Ek Din (১৯৭২), Duvidha (১৯৭৪) সেইসময়ত ব্যপকভাৱে প্ৰশংসিত হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো নাম বুটলিবলৈ সক্ষম হৈছিল। ঋত্বিক ঘটকৰ এজন ছাত্ৰ কুমাৰ ছাহানীৰ "মায়া দৰ্পন" (১৯৭২) নামৰ চলচ্চিত্ৰখন ভাৰতীয় কলা ছবিৰ এক উল্লেখযোগ্য নাম। এই সময়ৰ এই সমান্তৰাল চলচ্চিত্ৰসমূহে শাবানা আজমী, স্মিতা পাটিল, আমুল পালেকাৰ, ঔম পুৰী, নাছিৰুদ্দিন শ্বাহ, কুলভূষণ খাৰবান্দা, পংকজ কাপুৰ, দীপ্তি নাৱাল, ফাৰুক শ্বেইখৰ নিচিনা অভিনেতা সকলৰ উত্থানত সহায় কৰিছিল। হেমা মালিনী, ৰাখী, ৰেখাৰ নিচিনা বাণিজ্যিক ছবিৰ অভিনেতা-অভিনেত্ৰীসকলো এই কলা ছবিসমূহত অভিনয় কৰিবলৈ আকৰ্ষিত হৈছিল।

আদুৰ গোপালকৃষ্ণই ভাৰতীয় চিনেমাৰ এই নতুন ধাৰাটো ১৯৭২ চনত মুক্তিপ্ৰাপ্ত Swayamvaram নামৰ চলচ্চিত্ৰৰ জৰিয়তে মালয়ালম চিনেমালৈও বিয়পাই দিছিল। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগ"ৰ বহুদিনৰ মূৰত মালয়ালম চিনেমাই ১৯৮০ আৰু ১৯৯০ ৰ দশকত "সোণালী যুগ"ৰ অভিজ্ঞতা অনুভৱ কৰিছিল। সেইসময়ৰ প্ৰায়খিনি ভাৰতীয় চিত্ৰনিৰ্মাতাই আছিল মালয়ালম চিনেমা উদ্যোগৰ পৰা অহা। সেইসকলৰ ভিতৰত আদুৰ গোপালকৃষ্ণন, কে. পি. কুমাৰন, জি অৰবিন্দন, জন আব্ৰাহাম, পদ্মৰাজন, ভাৰথান, টি. বি. চন্দ্ৰন আৰু ছাজি এন. কৰণ উল্লেখযোগ্য। এইসকলৰ প্ৰত্যেকেই সত্যজিৎ ৰায়ৰ অনুগামী আছিল।

ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমা উদ্যোগত এই চিনেমাৰ ধাৰাটো আগবঢ়াই লৈ গৈছিল। আনহাতে আৰিবাম শ্যাম শৰ্মাই মণিপুৰত সমান্তৰাল চিনেমা নিৰ্মাণত অগ্ৰণী ভূমিকা লৈছিল।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "Savkari Pash (The Indian Shylock), 1925, 80 mins". Film Heritage Foundation. http://filmheritagefoundation.co.in/savkari-pash-the-indian-shylock-1925-80-mins/। আহৰণ কৰা হৈছে: 2015-06-07. 
  2. Lalit Mohan Joshi (17 July 2007). "India's Art House Cinema". British Film Institute. Archived from the original on 22 November 2009. https://web.archive.org/web/20091122162218/http://www.bfi.org.uk/features/imagineasia/guide/contemporary/india-arthouse.html। আহৰণ কৰা হৈছে: 2 June 2009.