মূল মেনু খোলক

সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম।[1][2][3]যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে।[4] সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ প্ৰমাণৰ অন্যতম প্ৰত্যক্ষ, অনুমান আৰু শব্দ।[5][6][7] এই দৰ্শন কেতিয়াবা যুক্তিবাদী দৰ্শনো আখ্যা দিয়া হয় যিহেতু যুক্তি-তৰ্ক এই দাৰ্শনিক ধাৰাত অতিকৈ গুৰুত্বপূৰ্ণ।[8][9]

পুৰুষ আৰু প্ৰকৃতিসম্পাদনা কৰক

সাংখ্য দৰ্শন দ্বৈতবাদী[10][11][12] এই দৰ্শনত ব্ৰহ্মাণ্ড দুই পৃথক বাস্তৱতাৰে গঠিত, পুৰুষ (চেতনা) আৰু প্ৰকৃতিজীৱ সেই অৱস্থা য'ত পুৰুষ কোনো ৰূপত প্ৰকৃতিৰে বান্ধ খাই থাকে।[13] এই মিশ্ৰণেই বুদ্ধি আৰু অহংকাৰক জন্ম দিয়ে। ব্ৰহ্মাণ্ড পুৰুষ আৰু প্ৰকৃতিৰ ভিন ভিন ধৰণৰ সংলগ্নকৰণৰ গোট।[13] ভাৰসাম্য নথকা অৱস্থাত কোনো এক তত্ত্ব আনতকৈ অধিক প্ৰভাৱশালী হয়, যিয়ে বান্ধোনৰ সৃষ্টি কৰে,বিশেষকৈ মনৰ। এই বান্ধোনৰ অন্তই কৈৱল্য[14]

ঈশ্বৰৰ অস্তিত্বসম্পাদনা কৰক

ঈশ্বৰৰ অস্তিত্বক সাংখ্য দৰ্শনত প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত দাবী কৰা নহয়, সাংখ্য দাৰ্শনিকসকলে তেনে কৰাৰ প্ৰয়োজনীয়তা বোধ নকৰে। সাংখ্য দৰ্শনত ঈশ্বৰৰ অন্তিম কাৰণক মান্যতা প্ৰদান কৰা নহয়।[15] যদিও সাংখ্য দৰ্শনত বেদক প্ৰমাণৰ বাবে গ্ৰহণ কৰা হয়, পল ডিউচেনৰ মতে এই দৰ্শনত ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰা নহয়।[16][17] গৱেষকসকলৰ মতে, সাংখ্য আৰু যোগ দৰ্শনৰ এক মূল পাৰ্থক্য ই যে,[17][18] যোগত এক "ব্যক্তিগত, পিচে নিষ্ক্ৰিয়, আৰাধ্য" বা "ব্যক্তিগত ঈশ্বৰ"ক মান্যতা প্ৰদান কৰা হয়।[19] পিচে, ৰাধানাথ ফুকনে নিজৰ 'চাংখ্যা কাৰিকা অৱ ঈশ্বৰকৃষ্ণা'ৰ অনুবাদত তৰ্ক আগবঢ়াইছে যে যিয়ে অপ্ৰকটক অচেতন গণ্য কৰে, তেখেতসকলে সাংখ্য দৰ্শনক ঈশ্বৰত অবিশ্বাসী বুলি ভুলকৈ ভাবে। সাংখ্য দৰ্শন, ফুকনৰ মতে যোগৰ দৰেই ঈশ্বৰত বিশ্বাসী।[20]

গুণসম্পাদনা কৰক

সাংখ্য দৰ্শন নিজৰ 'গুণ'ৰ ধাৰণাৰ বাবে জনাজাত।[21] এই দৰ্শনত গুণ তিনি প্ৰকাৰৰ, সত্ত্ব- ভাল, প্ৰেম, ঊজ্বলতা আৰু ধনাত্মক্ ৰজস- কাৰ্য, বিশৃংখলতা, ৰাগ আৰু আৱেগ; তমস- আন্ধাৰ, অজ্ঞানতা, ধ্বংস, আলস্য আৰু ঋণাত্মক। এই তিনি গুণেই কোনো বস্তুৰ চৰিত্ৰ আৰু জীৱনত অগ্ৰগতি নিৰ্ণয় কৰে।[22][23] এই ধাৰণাক ভাৰতীয় দৰ্শনৰ বিভিন্ন ধাৰাত আলোচনা কৰা হৈছে, বিকশিত কৰা হৈছে আৰু সলোৱা হৈছে। সাংখ্য দাৰ্শনিক লেখসমূহে হিন্দু নীতিশাস্ত্ৰৰ কেইবাটাও সূত্ৰৰ বিকাশত প্ৰভাৱ বিস্তাৰ কৰিছে।[4]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Knut Jacobsen, Theory and Practice of Yoga, Motilal Banarsidass,
  2. "Samkhya", American Heritage Dictionary of the English Language, Fifth Edition (2011), Quote: "Samkhya is a system of Hindu philosophy based on a dualism involving the ultimate principles of soul and matter."
  3. "Samkhya", Webster’s College Dictionary (2010), Random House, আই.এচ.বি.এন. 978-0375407413, Quote: "Samkhya is a system of Hindu philosophy stressing the reality and duality of spirit and matter."
  4. 4.0 4.1 Roy Perrett, Indian Ethics: Classical traditions and contemporary challenges, Volume 1 (Editor: P Bilimoria et al), Ashgate, আই.এচ.বি.এন. 978-0754633013, pages 149-158
  5. Larson 1998, পৃষ্ঠা 9
  6. 6.0 6.1
  7. John A. Grimes, A Concise Dictionary of Indian Philosophy: Sanskrit Terms Defined in English, State University of New York Press, আই.এচ.বি.এন. 978-0791430675, page 238
  8. Mike Burley (2012), Classical Samkhya and Yoga - An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0415648875, pages 43-46
  9. David Kalupahana (1995), Ethics in Early Buddhism, University of Hawaii Press, আই.এচ.বি.এন. 978-0824817022, page 8, Quote: The rational argument is identified with the method of Samkhya, a rationalist school, upholding the view that "nothing comes out of nothing" or that "being cannot be non-being".
  10. Michaels 2004, পৃষ্ঠা 264
  11. Sen Gupta 1986, পৃষ্ঠা 6
  12. Radhakrishnan & Moore 1957, পৃষ্ঠা 89
  13. 13.0 13.1 Samkhya - Hinduism Encyclopædia Britannica (2014)
  14. Gerald James Larson (2011), Classical Sāṃkhya: An Interpretation of Its History and Meaning, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120805033, pages 36-47
  15. Dasgupta 1922.
  16. Mike Burley (2012), Classical Samkhya and Yoga - An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0415648875, page 39
  17. 17.0 17.1 Lloyd Pflueger, Person Purity and Power in Yogasutra, in Theory and Practice of Yoga (Editor: Knut Jacobsen), Motilal Banarsidass, আই.এচ.বি.এন. 978-8120832329, pages 38-39
  18. Mike Burley (2012), Classical Samkhya and Yoga - An Indian Metaphysics of Experience, Routledge, আই.এচ.বি.এন. 978-0415648875, page 39, 41
  19. Kovoor T. Behanan (2002), Yoga: Its Scientific Basis, Dover, আই.এচ.বি.এন. 978-0486417929, pages 56-58
  20. Radhanath Phukan, Samkhya Karika of Isvarakrsna (Calcutta: Firma K. L. Mukhopadhyay, 1960), pp.36-40
  21. Gerald James Larson (2011), Classical Sāṃkhya: An Interpretation of Its History and Meaning, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120805033, pages 154-206
  22. James G. Lochtefeld, Guna, in The Illustrated Encyclopedia of Hinduism: A-M, Vol. 1, Rosen Publishing, আই.এচ.বি.এন. 9780823931798, page 265
  23. T Bernard (1999), Hindu Philosophy, Motilal Banarsidass, আই.এচ.বি.এন. 978-81-208-1373-1, pages 74–76