সীতা দেৱী (ইংৰাজী: Sita Devi,১৯১৪–২০০৫) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী, তেওঁ বিশেষকৈ মধুবানী চিত্ৰশিল্পৰ সৈতে জড়িত। মধুবানী চিত্ৰশিল্পৰ তেওঁ এগৰাকী প্ৰখ্যাত শিল্পী আৰু এই চিত্ৰকৰ্মৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথম শিল্পীসকলৰ ভিতৰৰ এগৰাকী, ১৯৮১ চনত তেওঁ পদ্মশ্ৰী আৰু ১৯৮৪ চনত বিহাৰ ৰত্ন সন্মান লাভ কৰিছিল। তেওঁ বিহাৰ ৰাজ্যৰ জিতৱাৰপুৰ গাঁৱত স্থানীয় বিকাশৰ বাবে সজাগতা সৃষ্টিত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিছিল আৰু অৰ্থনৈতিক বিকাশৰ বাবে উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ অংশ ৰূপে তেওঁ স্থানীয় বাসিন্দা, বিশেষকৈ মহিলাসকলক মধুবানী কলা শিকাইছিল। সীতা দেৱীৰ চিত্ৰসমূহ ইয়াৰ নিজস্ব শৈলী আৰু ইয়াত ব্যৱহৃত ৰঙৰ বাবে প্ৰশংসিত হৈছে। ভাৰতৰ লগতে এই চিত্ৰসমূহ ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু জাপানৰ সংগ্ৰহালয়ত আৰ্কাইভ কৰা হৈছে।

সীতা দেৱী
জন্ম ১৯১৪
Saharsaৰ ওচৰত, বিহাৰ, ইংৰাজৰ ৰাজত্বকালত (এতিয়াৰ ভাৰতত)
মৃত্যু ২০০৫ (বয়স ৯০–৯১)
মধুবানী, বিহাৰ, ভাৰত
পেচা চিত্ৰশিল্পী, সমাজসেৱী
ৰাজনৈতিক আন্দোলন মধুবানী চিত্ৰশিল্প
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী (১৯৮১)

সংক্ষিপ্ত জীৱনী সম্পাদনা কৰক

১৯১৪ চনত, বিহাৰৰ চাহাৰচাৰ ওচৰৰ এখন গাঁৱত সীতা দেৱীৰ জন্ম হৈছিল, আৰু বিয়াৰ পিছত তেওঁলোক জিতৱাৰপুৰ গাঁৱলৈ গুচি গৈছিল।[1]তেওঁ এটি মহাপাত্ৰ ব্ৰাহ্মণ পৰিয়ালৰ সদস্য আছিল।[1] নিৰক্ষৰ আছিল যদিও সৰুতে তেওঁ স্থানীয় কুমাৰৰ পৰা বাকী থকা ৰং ব্যৱহাৰ কৰি ছবি আঁকিবলৈ শিকিছিল আৰু নিজৰ ঘৰৰ দেৱালসমূহত স্থানীয় পৰম্পৰাগত মধুবানী শৈলীত ছবি আঁকি ৰং কৰিছিল। ২০০৫ চনত মধুবানীত তেওঁৰ মৃত্যু হয়।[2]

কৰ্মপঞ্জী সম্পাদনা কৰক

সীতা দেৱী বিহাৰৰ সেই প্ৰথম শিল্পীসকলৰ ভিতৰত এগৰাকী আছিল, যি ‘দেৱালত ম্যুৰাল অংকন’ কৰাৰ সাংস্কৃতিক অনুশীলনক কাগজত কৰা কামলৈ পৰিৱৰ্তন কৰিছিল; যাৰ ফলত তেওঁ অঁকা মধুবানী চিত্ৰসমূহ বিক্ৰী কৰিবলৈ তেওঁ সক্ষম হৈছিল।[3] বিহাৰৰ স্থানীয় বাসিন্দাসকল যেতিয়া ৰাজ্যজুৰি হোৱা খৰাঙৰ বলি হয়, তেওঁলোকৰ বিত্তীয় অভাৱক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰ্দেশত চৰকাৰী বিষয়াসকলে তেওঁলোকক তেওঁলোকৰ চিত্ৰ বিক্ৰী কৰিবলৈ উৎসাহিত কৰিছিল।[4]এই উৎসাহৰ ফল স্বৰূপে সীতা দেৱীকে আদি কৰি কেইবাগৰাকী শিল্পীয়ে নিজৰ চিত্ৰকলা বিক্ৰী কৰিছিল। বিহাৰৰ এই পাৰম্পৰিক কলাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰি সৰ্বভাৰতীয় দৃষ্টি আকৰ্ষণ কৰা আগশাৰীৰ শিল্পী গৰাকী আছিল সীতা দেৱী। ১৯৬৯ চনত, বিহাৰ চৰকাৰে তেওঁৰ এই অৱদানৰ বাবে তেওঁক ৰাজ্যিক বঁটাৰে সন্মানিত কৰে, লগতে ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীকে ধৰি আন কেইবাটাও বঁটা তেওঁ লাভ কৰে।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "In village where Madhubani paints, art and Nitish Kumar smile at each other" (en ভাষাত). The Indian Express. 2015-10-23. https://indianexpress.com/article/india/india-news-india/in-village-where-madhubani-paints-art-and-nitish-smile-at-each-other/। আহৰণ কৰা হৈছে: 2022-03-01. 
  2. 2.0 2.1 2.2 2.3 Dutta, Ambarish (December 14, 2005). "Madhubani art legend dead". The Tribune, Chandigarh, India - Nation. https://www.tribuneindia.com/2005/20051215/nation.htm#4। আহৰণ কৰা হৈছে: 2022-03-01. 
  3. Tripathi, Shailaja (2013-11-22). "Madhubani beyond the living rooms" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/events/madhubani-beyond-the-living-rooms/article5380171.ece. 
  4. 4.0 4.1 'Nirala', Narendra Narayan Sinha (2010). "MADHUBANI: A CONTEMPORARY HISTORY (1971-2011)". Proceedings of the Indian History Congress খণ্ড 71: 1243–1250. ISSN 2249-1937. https://www.jstor.org/stable/44147593. 
  5. 5.0 5.1 "Sita Devi: A Legendary Mithila Artist" (en-US ভাষাত). State of the Art. 2013-02-11. https://blog.saffronart.com/2013/02/11/sita-devi-a-legendary-mithila-artist/। আহৰণ কৰা হৈছে: 2022-03-01. 
  6. "Padma Awards | Interactive Dashboard" (en ভাষাত). www.dashboard-padmaawards.gov.in. Archived from the original on 2018-10-15. https://web.archive.org/web/20181015000149/http://www.dashboard-padmaawards.gov.in/। আহৰণ কৰা হৈছে: 2022-03-01.