সুস্মিতা সেন

ভাৰতীয় অভিনেত্ৰী আৰু মডেল

সুস্মিতা সেন (জন্ম ১৯ নৱেম্বৰ ১৯৭৫)[1][2] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু পিছলৈ ১৮ বছৰ বয়সত মিছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ দখল কৰিছিল। মিছ ইউনিভাৰ্ছ দখল কৰা সুস্মিতা সেন প্ৰথম গৰাকী বঙালী আৰু ভাৰতীয়[6] তেওঁ হিন্দী, তামিল আৰু বাংলা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ লগতে তেওঁ ফিল্মফেয়াৰকে আদি কৰি বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে। তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ পিছত বিভিন্ন চলচ্চিত্ৰত কাম কৰিবলৈ সুযোগ লাভ কৰিছিল। ১৯৯৬ চনৰ হিন্দী ছবি দস্তকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।

সুস্মিতা সেন

২০১৬ চনত সুস্মিতা সেন
জন্ম ১৯ নৱেম্বৰ, ১৯৭৫ (৪৮ বছৰ)[1][2]
হায়দৰাবাদ, তেলেংগানা, ভাৰত[3]
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[4]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা চেইণ্ট এনছ হাই স্কুল, ছেকেন্দ্ৰাবাদ[5]
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৪-বৰ্তমানলৈ
পদবী ফেমিনা মিছ ইণ্ডিয়া ১৯৯৪ (বিজয়ী)
মিছ ইউনিভাৰ্ছ ১৯৯৪ (বিজয়ী)
সন্তান

চলচ্চিত্ৰ আৰু মডেলিং জগতৰ বাহিৰে সমাজ সেৱাৰ লগতেও জড়িত হৈ আছে। ইয়াৰ বাবে তেওঁ ২০১৩ চনৰ মাদাৰ টেৰেছা বঁটা লাভ কৰিছিল।[7][8] তেওঁ ২০১৬ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিচাৰকৰ পদত অধিষ্ঠিত হৈছিল। তেওঁ দুগৰাকী ছোৱালীৰ একক মাতৃ।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৭৫ চনৰ ১৯ নৱেম্বৰ তাৰিখে হায়দৰাবাদ চহৰৰ এক বঙালী পৰিয়ালত সুস্মিতা সেনৰ জন্ম হৈছিল।[9][6] তেওঁৰ পিতৃ সুবীৰ সেন এগৰাকী ভাৰতীয় বায়ু সেনাৰ উইং কমাণ্ডাৰ আৰু মাতৃ শুভ্ৰ সেন এগৰাকী অলংকাৰ ডিজাইনাৰ। তেওঁৰ এগৰাকী ভণ্টি নীলম আৰু ভাইটি ৰাজীৱ আছে।[10]

তেওঁ নতুন দিল্লীৰ এয়াৰ ফৰ্চ গোল্ডেন যুবলি ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল।[11] তাৰপিছত তেওঁ ছেকেন্দ্ৰাবাদৰ চেইণ্ট এনছ হাই স্কুলত নামভৰ্তি কৰিছিল যদিও শিক্ষা সমাপ্ত নকৰিলে।[2][12][13]

সৌন্দৰ্য প্ৰতিযোগিতা সম্পাদনা কৰক

ফেমিনা মিছ ইণ্ডিয়া সম্পাদনা কৰক

১৯৯৪ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ খিতাপ দখল কৰে আৰু ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছিল।[14]

মিছ ইউনিভাৰ্ছ সম্পাদনা কৰক

১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ তৃতীয় স্থান লাভ কৰিছিল। অৱশেষত তেওঁ মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰে। মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয়।[15]

পিছলৈ তেওঁৰ প্ৰকল্প আই এম চি-মিছ ইণ্ডিয়া ইউনিভাৰ্ছয়ে টাইমছ গ্ৰুপৰ পৰা ২০১০ চনৰ পৰা ২০১২ চনলৈ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতৰ প্ৰতিযোগী নিৰ্বাচন কৰিবলৈ অধিকাৰ লাভ কৰিছিল। ২০১৩ চনত ফেমিনায়ে পুনৰাই এই অধিকাৰ ঘূৰাই পায়।[16]

মিছ ইউনিভাৰ্ছ ২০১৬ সম্পাদনা কৰক

মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাৰ ২৩ বছৰ পিছত ৬৫ তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।[17][18]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

 
ৰবীনা টেণ্ডনৰ জীয়েকৰ সৈতে সুস্মিতা সেন

সুস্মিতা সেন এগৰাকী একক মাতৃ। তেওঁ ২০০০ চনত এগৰাকী ছোৱালী তুলি লৈছিল। আকৌ ২০১০ চনত আন এগৰাকী ছোৱালী তুলি লয়।[3][19][20][21]

বঁটা আৰু মনোনয়ন সম্পাদনা কৰক

চন বঁটা শ্ৰেণী চলচ্চিত্ৰ ফলাফল
২০০০ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী চিৰ্ফ তুম মনোনীত
ষ্টাৰ স্ক্ৰীন বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী চিৰ্ফ তুম মনোনীত
ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিৱি নম্বৰ ১ বিজয়ী
জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিজয়ী
২০০৩ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী ফিলহাল মনোনীত
ষ্টাৰ স্ক্ৰীন এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
ইণ্ডিয়ান ইণ্টাৰনেছনেল ফিল্ম একাডেমী বঁটা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মনোনীত
জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বিজয়ী
২০০৪ ষ্টাৰ স্ক্ৰীন এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী সময়: হুৱেন টাইম ষ্ট্ৰিইকছ মনোনীত
২০০৫ ষ্টাৰডাষ্ট এৱাৰ্ড ষ্টাৰ অফ দা ইয়াৰ- ফিমেল মে হু না মনোনীত
২০০৫ জি চিনে এৱাৰ্ড শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী মে হু না মনোনীত
২০০৬ ৰাজীৱ গান্ধী বঁটা বলিউডত কৃতিত্ব প্ৰযোজ্য নহয় বিজয়ী
২০১৩ মাদাৰ টেৰেছা বঁটা সামাজিক ন্যায় প্ৰযোজ্য নহয় বিজয়ী[22]
২০১৬ ইণ্ডিয়ান এফেয়াৰছ ইণ্ডিয়া লিডাৰশ্বিপ কনক্লেভ ইটাৰনেল বিউটি এণ্ড এক্টৰেছ অফ দা ডিকেড প্ৰযোজ্য নহয় বিজয়ী[23]
২০১৬ জিওস্পা এছিয়াস্পা ইণ্ডিয়া এৱাৰ্ড ৱমেন অফ চাবটেন্স এৱাৰ্ড প্ৰযোজ্য নহয় বিজয়ী
২০১৭ লাক্স গোল্ডেন ৰজ এৱাৰ্ড টাইমলেছ বিউটি বঁটা প্ৰযোজ্য নহয় মনোনীত[24]
২০১৮ আই এম ৱমেন এৱাৰ্ড ৱমেন অফ চাবটেন্স এৱাৰ্ড প্ৰযোজ্য নহয় বিজয়ী[25]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Bollywood beauty Sushmita Sen turns 40". The Indian Express. http://indianexpress.com/photos/entertainment-gallery/bollywood-beauty-sushmita-sen-turns-39/। আহৰণ কৰা হৈছে: 18 April 2016. 
  2. 2.0 2.1 2.2 "Sushmita Sen turns a year older: Lesser known facts". India Today. 19 November 2015. Archived from the original on 8 September 2017. https://web.archive.org/web/20170908125115/http://indiatoday.intoday.in/education/story/sushmita-sen-turns-a-year-older/1/526622.html। আহৰণ কৰা হৈছে: 18 April 2016. 
  3. 3.0 3.1 IANS (21 May 2010). "News : Sushmita Sen now wants a biological child". The Hindu (Chennai, India). http://www.thehindu.com/news/article434968.ece। আহৰণ কৰা হৈছে: 24 October 2011. 
  4. Gupta, Pratim D. (20 April 2007). "Calcutta : Frontpage". The Telegraph (Kolkota, India). http://www.telegraphindia.com/1070420/asp/frontpage/story_7672425.asp। আহৰণ কৰা হৈছে: 14 February 2011. 
  5. "From Sushmita Sen to Diana Hayden, see how educated your favourite Indian beauty pageant winners are". India Times. 25 July 2017. https://www.indiatoday.in/education-today/featurephilia/story/beauty-pageant-1026148-2017-07-25. 
  6. 6.0 6.1 "Fans wish Zeenat, Sushmita on birthday". Sify.com. 23 November 2011. http://www.sify.com/news/fans-wish-zeenat-sushmita-on-birthday-news-entertainment-llxx6cfabei.html। আহৰণ কৰা হৈছে: 23 February 2012. 
  7. "Harmony Foundation to host Mother Teresa awards on Nov 9". DNA India. 8 November 2014. http://www.dnaindia.com/mumbai/report-harmony-foundation-to-host-mother-teresa-awards-on-nov-9-2033089. 
  8. "aInspiring Youth Icon Sushmita Sen Bags The Prestigious “Eternal Beauty & Actress Of The Decade” At India Leadership Conclave. 2016". Indianaffairs tv. 12 July 2016. http://indianaffairs.tv/inspiring-youth-icon-sushmita-sen-bags-the-prestigious-eternal-beauty-actress-of-the-decade-at-india-leadership-conclave-2016/. 
  9. "Interview of Jisshu Sengupta". Anandabazar Patrika. 15 March 2018. https://www.anandabazar.com/supplementary/anandaplus/exclusive-interview-of-jisshu-sengupta-1.771050. 
  10. "Sushmita Sen with Father". Photogallery.indiatimes.com. http://photogallery.indiatimes.com/celebs/celeb-themes/Sushmita-Sen-with-dad-Shubeer-Sen/articleshow/6035907.cms। আহৰণ কৰা হৈছে: 25 August 2012. 
  11. Sen, Sushmita. "Biography for Sushmita Sen". IMDB. https://www.imdb.com/name/nm0784047/bio. 
  12. Ganesh S Lakshman (12 February 2006). "MCH bulldozers may force St. Ann's to relocate". Times of India. TNN. Archived from the original on 29 October 2013. https://web.archive.org/web/20131029205210/http://articles.timesofindia.indiatimes.com/2006-02-12/hyderabad/27814807_1_mch-hyderabad-public-school-compound-wall। আহৰণ কৰা হৈছে: 25 August 2012. 
  13. Sharma, Garima (6 March 2010). "No college degree for Sushmita Sen". Times Of India. TNN. Archived from the original on 17 August 2013. https://web.archive.org/web/20130817111446/http://articles.timesofindia.indiatimes.com/2010-03-06/news-interviews/28145558_1_sushmita-sen-renee-and-alisah-maitreyi-college। আহৰণ কৰা হৈছে: 25 August 2012. 
  14. "The Hindu Business Line : Coke-Sushmita Sen deal cancelled". Thehindubusinessline.in. 16 July 2003. http://www.thehindubusinessline.in/2003/07/16/stories/2003071601940900.htm। আহৰণ কৰা হৈছে: 24 October 2011. 
  15. "Miss Universe 1994 - Full results". Critical Beauty. 3 July 2012. http://www.criticalbeauty.com/2012/03/miss-universe-1994.html?m=1। আহৰণ কৰা হৈছে: 5 May 2018. 
  16. "I'm a born entrepreneur: Sushmita Sen". Hindustan Times. 13 July 2011. Archived from the original on 18 November 2011. https://web.archive.org/web/20111118093810/http://www.hindustantimes.com/News-Feed/celebwatch/I-m-a-born-entrepreneur-Sushmita-Sen/Article1-719756.aspx। আহৰণ কৰা হৈছে: 24 October 2011. 
  17. "23 years after Sushmita Sen won, she was back at Miss Universe pageant. See pics". 31 January 2017. http://indianexpress.com/photos/entertainment-gallery/23-years-after-sushmita-sen-won-she-was-back-at-miss-universe-pageant-see-pics-4500091/4/. 
  18. "Sen as a judge of 65th Miss Universe". Heavy.com. January 29, 2017. http://heavy.com/entertainment/2017/01/miss-universe-2016-2017-judges-who-are-the-judging-scores-pageant-competition/। আহৰণ কৰা হৈছে: February 3, 2017. 
  19. "Sush consoles Renee". Deccan Chronicle. 5 February 2011. Archived from the original on 25 January 2012. https://web.archive.org/web/20120125062105/http://www.deccanchronicle.com/channels/showbiz/bollywood/sush-consoles-renee-953. 
  20. "Meet Rohman Shawl - Sushmita Sen's 11th boyfriend, his age, pictures and background". International Business Times. October 26, 2018. https://www.ibtimes.co.in/meet-rohman-shawl-sushmita-sens-11th-boyfriend-his-age-pictures-background-784039. 
  21. "Everything You Need To Know About Rohman Shawl, The New Hottie Sushmita Sen Is Dating". msn.com. January 25, 2019. https://www.msn.com/en-in/entertainment/bollywood/everything-you-need-to-know-about-rohman-shawl-the-new-hottie-sushmita-sen-is-dating/ar-BBP3cn7. 
  22. "Harmony Foundation to host Mother Teresa awards on Nov 9". Daily News and Analysis. 8 November 2014. http://www.dnaindia.com/mumbai/report-harmony-foundation-to-host-mother-teresa-awards-on-nov-9-2033089. 
  23. "Inspiring Youth icon Sushmita Sen bags the prestigious “Eternal Beauty & Actress of the Decade” at India Leadership Conclave 2016". Indian Affairs. 20 July 2016. http://indianaffairs.tv/inspiring-youth-icon-sushmita-sen-bags-the-prestigious-eternal-beauty-actress-of-the-decade-at-india-leadership-conclave-2016/। আহৰণ কৰা হৈছে: 2016-07-21. 
  24. https://www.easterneye.eu/winners-lux-golden-rose-awards-2017/
  25. "Being born as woman a huge award for Former Miss Universe Sushmita Sen". http://www.newindianexpress.com/entertainment/hindi/2018/apr/29/being-born-as-woman-a-huge-award-for-former-miss-universe-sushmita-sen-1807970.html/. 

বাহ্যিক সংযোগ সম্পাদনা কৰক