সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷[1]

সৌকা বেত Calamus latifolius
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Tracheophyta
শ্ৰেণী: Liliopsida
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Calamus
প্ৰজাতি: Calamus latifolius
বৈজ্ঞানিক নাম
Calamus latifolius
Roxb.
সমাৰ্থক

Palmijuncus macracanthus (T.Anderson) Kuntze
Palmijuncus latifolius (Roxb.) Kuntze
Palmijuncus humilis (Roxb.) Kuntze
Calamus macracanthus T.Anderson
Calamus latifolius marmoratus
Calamus humilis Roxb.

বিৱৰণ সম্পাদনা কৰক

এই বেতৰ মুঢ়াৰ পৰা ওলোৱা পুলিবোৰ ক্ৰমে ডাঙৰ হৈ ওচৰত থকা গছ-গছনিবোৰলৈ বগুৱা বাই যোৱা দেখা যায়৷ ওচৰত গছ নাথাকিলে মাটিৰ ওপৰেদিও বগাই যায়৷ গছ গছনিৰ ওপৰলৈ বগাই যোৱাত কাঁইটযুক্ত আঁকুহিবিলাকে লতাডালক সহায় কৰে৷[1]

ব্যৱহাৰ সম্পাদনা কৰক

সৌকা বেত লাখুটি, লাঠি আদি তৈয়াৰ কৰা কামত ব্যৱহাৰ হয়৷[1]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ