হাইঠা
হাইঠা (ইংৰাজী: Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়।
হাইঠা | |
---|---|
![]() | |
A pair in Wilpattu National Park, Sri Lanka | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Columbiformes |
পৰিয়াল: | Columbidae |
গণ: | Treron Vieillot, 1816 |
Species | |
see text |
বিৱৰণসম্পাদনা কৰক
অন্য ৰঙৰ লগতে থকা সেউজীয়া পাখি ইয়াৰ বিশেষ বিশেষত্ব। সেই বাবেই ইহঁতক গ্ৰীন পিজন (Green pigeon) বুলি কোৱা হয়। আকাৰ ২৭ চেণ্টিমিটাৰৰপৰা ৩৩ চেণ্টিমিটাৰ পৰ্যন্ত।
বিতৰণসম্পাদনা কৰক
হাইঠা সাধৰণতে বিষুৱীয় অঞ্চলত অৰ্থাৎ এছিয়াৰ হিমালয়ৰ পৰা সমগ্ৰ আফ্ৰিকা মহাদেশতে বিস্তৃত হৈ আছে। এছিয়াৰ হিমালয়ৰ নামনি অঞ্চলৰ পৰা পূব আৰু পশ্চিম পৰ্বতমালা (Western and Eastern Ghats) আৰু শ্ৰীলংকাৰ বনাঞ্চলসমূহলৈকে দেখা পোৱা যায়।[1] তদুপৰি ইহঁতক ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আদিতো দেখা যায়।[2]
আচৰণসম্পাদনা কৰক
হাইঠা সাধাৰণতে অকলশৰে অথবা সৰু গোটত চৰে। ই খুউব খৰকৈ উৰিব পাৰে।
খাদ্যসম্পাদনা কৰক
হাইঠাই সাধাৰণতে গছৰগুটি আৰু ফল-মূল তথা বিভিন্ন ধৰণৰ উদ্ভিদৰ অংশ খাই জীয়াই থাকে। ইহঁতক খুউব কমেইহে মাটিত দেখা যায়।
প্ৰজননসম্পাদনা কৰক
হাইঠাৰ প্ৰজনন কাল সাধাৰণতে ভাৰতত মাৰ্চৰ পৰা চেপ্টেম্বৰ মাহলৈকে হোৱা দেখা যায়। শ্ৰীলংকাত ইহঁতে ডিচেম্বৰৰ পৰা মে মাহ পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। ইয়াৰ বাহটো গছৰ ডাল-পাত আদিৰে সাজে। এবাৰত ই দুটাকৈ বগা বৰণৰ কণী পাৰে। মতা-মাইকী উভয়ে কণী উমনি দিয়ে। ১২-১৪ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালিৰ জন্ম হয়।[3]
প্ৰকাৰসম্পাদনা কৰক
পৃথিৱীত হাইঠাৰ কেইবা বিধ উপ-প্ৰজাতি দেখা গৈছে। তাৰে অসমত দেখা প্ৰজাতিকেইটা হ'ল-
- বৰহাইঠা, (Thick-billed Green Pigeon, Treron curvirostra)
- কমলা-বুকুৰ হাইঠা, (Orange-breasted Green Pigeon, Treron bicinctus)
- হালধীয়া ঠেঙৰ হাইঠা, (Yellow-footed Green Pigeon, Treron phoenicopterus)
- ইটাগুৰীয়া হাইঠা, (Pompadour Green Pigeon, complex:)
পৃথিৱীৰ অন্যান্য অঞ্চলত দেখা হাইঠাসমূহ হ'ল:[4]
- Cinnamon-headed Green Pigeon (Treron fulvicollis)
- Little Green Pigeon (Treron olax)
- Pink-necked Green Pigeon (Treron vernans)
- Sri Lanka Green Pigeon (Treron pompadora)
- Grey-fronted Green Pigeon (Treron affinis)
- Andaman Green Pigeon (Treron chloropterus)
- Ashy-headed Green Pigeon (Treron phayrei)
- Philippine Green Pigeon (Treron axillaris)
- Buru Green Pigeon (Treron aromaticus)
- Grey-cheeked Green Pigeon (Treron griseicauda)
- Sumba Green Pigeon (Treron teysmannii)
- Flores Green Pigeon (Treron floris)
- Timor Green Pigeon (Treron psittaceus)
- Large Green Pigeon (Treron capellei)
- Bruce's Green Pigeon (Treron waalia)
- Madagascar Green Pigeon (Treron australis)
- Comoros Green Pigeon (Treron (australis) comorensis)
- African Green Pigeon (Treron calvus)
- Pemba Green Pigeon (Treron pembaensis)
- São Tomé Green Pigeon (Treron sanctithomae)
- Pin-tailed Green Pigeon (Treron apicauda)
- Sumatran Green Pigeon (Treron oxyurus)
- Yellow-vented Green Pigeon (Treron seimundi)
- Wedge-tailed Green Pigeon (Treron sphenurus)
- White-bellied Green Pigeon (Treron sieboldii)
- Whistling Green Pigeon (Treron formosae)
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Ferguson,HS; Bourdillon,TF (1904). "The birds of Travancore with notes on their nidification. Part III.". J. Bombay Nat. Hist. Soc. খণ্ড 16 (1): 1–18. http://www.archive.org/stream/journalofbombayn16abomb#page/1/mode/1up/.
- ↑ Eates, KR (1938). "Occurrence of the Lesser Orange-breasted Green Pigeon (Dendrophasa bicincta bicincta) at Keamari, Sind". J. Bombay Nat. Hist. Soc. খণ্ড 40 (2): 330–331.
- ↑ Baker, EC Stuart (1913). Indian pigeons and doves. Witherby and Co.. পৃষ্ঠা. 49–55. http://www.archive.org/stream/indianpigeonsdov00bake#page/49/mode/1up.
- ↑ Gibbs, David; Barnes, Eustace; Cox, John (2001). Pigeons and Doves: A Guide to the Pigeons and Doves of the World. Yale University Press. পৃষ্ঠা. 425–456. ISBN 0-300-07886-2.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত হাইঠা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |