হামজা বেনডেল্লাজ (ইংৰাজী: Hamza Bendelladj), সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ, অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ। তেওঁ মাত্ৰ ২৭ বছৰ বয়সতে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিক আঁকোৱালি লোৱা বুলি চৌদিশে বিয়পি পৰা খবৰটো আছিল ছচিয়েল মিডিয়াৰ কল্যাণত বিশ্বৰ চুকে-কোণে ছিটিকি পৰা এই শতিকাৰ অন্যতম প্ৰচাৰিত উৰাবাতৰি। কম্পিউটাৰ বিজ্ঞানৰ জিনিয়াছ বেনডেল্লাজৰ নামটো আজি ইণ্টাৰনেটৰ লগত জড়িত সৰহসংখ্যক ব্যক্তিৰ বাবে চিনাকি আৰু অনেকৰ বাবে আনকি জীৱন্ত কিংবদন্তিস্বৰূপ।

হামজা বেনডেল্লাজ
জন্ম ১৯৮৮ (বয়স ৩৫–৩৬)
ৰাষ্ট্ৰীয়তা  আলজেৰিয়া
অন্য নাম স্মাইলিং হেকাৰ
পেচা হেকাৰ

অনলাইন ৰবীন হুড নামটিৰ উপৰিও তেওঁক ডেনিয়েল এইছ.বি. (Daniel HB) আৰু স্মাইলিঙ হেকাৰ নামেৰেও জনা যায়। হেকিঙৰ ক্ষেত্ৰখনত তেওঁ ব্যৱহাৰ কৰা জনপ্ৰিয় কোড নামটো আছিল বি.এক্স.ওৱান (Bx1)। [1]

১৯৮৮ চনৰ ৩ জুনত আলজেৰিয়াৰ টিজি ঔজো (Tizi Ouzou)-ত[2] জন্মগ্ৰহণ কৰা হামজা বেনডেল্লাজে উত্তৰ আলজেৰিয়াৰ ‘University of Bab Ezzoua’ আৰু নটিংহামৰ ‘University of Sutton’ ৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। স্পাইআই নামৰ কম্পিউটাৰ ভাইৰাছৰ সহ-উদ্ভাৱক হিচাপেহে সমগ্ৰ কম্পিউটাৰ বিশ্বত পৰিচিত হৈ পৰাৰ আগলৈকে হামজা বেনডল্লাজ আছিল এজন সাধাৰণ কম্পিউটাৰ প্ৰগ্ৰেমাৰ

স্পাইআই সম্পাদনা কৰক

স্পাইআই একধৰণৰ নেটৱৰ্ক ভাইৰাছ প্ৰগ্ৰেম, যিয়ে মাইক্ৰ'ছফট, এপ’ল আৰু এণ্ড্ৰইড ডিভাইচৰ পৰা চালিত গুগল ক্ৰ’ম, ফায়াৰফক্স, ছাফাৰী, ইণ্টাৰনেট এক্সপ্ললাৰ, অপেৰা ৱেৱ ব্ৰাউজাৰ আদি প্ৰায়বিলাক ব্ৰাউজাৰতেই সংক্ৰমিত হ’বলৈ সক্ষম।

স্পাইআইৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বুজিবলৈ আৰু দুটা ইণ্টাৰনেটৰ লগত জড়িত শব্দ ‘কীষ্ট্ৰোক লগিং’ (keystroke logging) আৰু ‘ৰ্ফম গ্ৰেবিঙ’ (form grabbing) ৰ সংজ্ঞা জনাটো দৰকাৰ।

কীষ্ট্ৰোক লগিঙক ‘কীবোৰ্ড কেপচাৰিং’ অথবা চমুকৈ ‘কী-লগিং’ নামেৰেও জনা যায়। ই এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এজন ব্যক্তিয়ে কম্পিউটাৰ কীবোৰ্ডত লিখি যোৱা আখৰবোৰ গোপনে ৰেকৰ্ডিঙ কৰি থকা হয়, যিবোৰ আকৌ হেজাৰ মাইল দূৰত বহি থাকিও অইন এজনে পৰ্যবেক্ষণ কৰি থাকিব পাৰে। ছফটৱেৰ অথবা হাৰ্ডৱেৰ উভয় পদ্ধতিৰেই এই কাৰ্য কৰিব পৰা যায়।[3] কী-লগিঙৰ উপকাৰিতা অথবা ব্যৱহাৰিক তথা ব্যৱসায়িক প্ৰয়োগ নথকা নহয় যদিও যেতিয়া এই প্ৰক্ৰিয়াটো অনৈতিক অভিপ্ৰায়েৰে ব্যৱহাৰ কৰা হয় তেতিয়াই ই ভয়ংকৰ হৈ উঠে। এনেধৰণৰ অসুবিধাৰ পৰা বাচিবলৈ এতিয়াও বেংক অথবা অইন বিত্তীয় প্ৰতিষ্ঠানৰ অনলাইন ধন আদায়ৰ সময়ছোৱাত একোখন অন-স্ক্ৰীণ কীবোৰ্ড দেখা যায় আৰু তেনে সময়ত কম্পিউটাৰ অথবা লেপটপৰ কীবৰ্ড ব্যৱহাৰ নকৰি অন-স্ক্ৰীণ কীবোৰ্ডৰ ব্যৱহাৰ কৰাহে বুদ্ধিমানৰ লক্ষণ।

আনহাতে ৰ্ফম গ্ৰেবিঙ হৈছে একপ্ৰকাৰৰ মালৱেৰ(Malware) যাৰ দ্বাৰা ব্যক্তিবিশেষৰ ব্যক্তিগত লগইন তথ্য ইণ্টাৰনেটৰ পৰা কোনো সুৰক্ষিত ছাৰ্ভাৰলৈ স্থানান্তৰ হৈ থকা সময়ত অসংগঠিত অৱস্থাতে ৱেৱ ডাটা ফাইল হিচাপে চুৰ কৰি লোৱা হয়। এই পদ্ধতিৰ যোগেদি বেংক একাউণ্টধাৰীৰ নাম, ই-মেইল, পাছৱৰ্ড আদিৰ দৰে গোপনীয় তথ্যও সৰকাব পৰা যায়।[4] উল্লেখযোগ্য যে এই ৰ্ফম গ্ৰেবিঙ কীষ্ট্ৰোক লগিঙতকৈ বেছি সাংঘাতিক অথবা ভয়ংকৰ, কিয়নো অন-স্ক্ৰীণ কীবৰ্ড, অটোমেটিক ফিল-আপ বা কপি-পেষ্টৰ যোগেদি কীষ্ট্ৰোকজনিত অসুবিধাৰ পৰা হাত সাৰিব পাৰিলেও ৰ্ফম গ্ৰেবিঙৰ আতংকৰ পৰা এনেবিলাক উপায়েৰে হাত সৰা অসম্ভৱ।

আকৌ স্পাইআইৰ কথালৈ অহা যাওক। স্পাইআয়েও আৰম্ভণিৰ পৰা মুখ্যতঃ এই দুই প্ৰকাৰেৰেই বেংকৰ গ্ৰাহকৰ তথ্য চুৰ কৰি আহিছিল। স্পাইআই ভাইৰাছটো ইমেইল, ইউটিউব, গেম অৰ্থাৎ খেলৰ ৱেৱছাইট, পৰ্ণ ৱেৱছাইট আদিক মাধ্যম হিচাপে লৈ খুব কম সময়ৰ ভিতৰতেই চৌদিশে বিয়পি পৰিছিল আৰু ই সমগ্ৰ বিশ্বৰ বেংকবোৰলৈ বুলি অন্যতম ভাবুকি হৈ পৰিছিল। এই ভাইৰাছটিৰ জৰিয়তে হেকাৰ সকলে অইনৰ বেংক একাউণ্টৰ পৰা টকা চুৰ কৰাৰ উপৰিও অইনৰ একাউণ্টৰ পৰা অতি সহজে অনলাইন লেনদেনো কৰিব পাৰিছিল।

২০০৯ চনত ৰাচিয়াত সৃষ্ট এই ভাইৰাচটো দিনকদিনে আৰু অধিক উন্নত তথা ভয়ংকৰ কৰি তুলিবলৈ উদ্ভাৱকদ্বয়ে চেষ্টাৰ ত্ৰুটি কৰা নাছিল আৰু দিন যোৱাৰ লগে লগে কী-লগিঙ তথা ৰ্ফম গ্ৰেবিঙৰ লগতে ক্ৰেডিট কাৰ্ডৰ তথ্য চুৰি অথবা ভুৱা ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰেৰে কাৰ্ড মেচিনক বিভ্ৰান্তকৰণ, গোপনীয় আৰু ডিলিট কৰি দিয়া ই-মেইলৰ পুনৰুদ্ধাৰ, http প্ৰৱেশপথ(http gateway) অধিগ্ৰহণ, Pop3 grabbers আৰু FTP grabbers আদিৰ দৰে ব্যৱস্থাসমূহো ভাইৰাছটিত সংযোজিত কৰি দিয়া হৈছিল। ফলত হেকিঙৰ ক’লা বজাৰত এই আল্লাউদ্দিনৰ চাকি স্বৰূপ ভাইৰাচটিৰো চাহিদা দিনক-দিনে বাঢ়ি আহিছিল।

স্পাইআই কম্পিউটাৰ ভাইৰাছৰ ব্যৱসায়টো বৰ ৰমৰমীয়া ব্যৱসায় আছিল। আদালতত দাখিল কৰা শপতনামাত কোৱা হৈছে যে স্পাইআই ভাইৰাছ যদি কোনো ব্যক্তিবিশেষে কিনিব খোজে তাৰ বাবদ তেওঁ আদায় দিব লাগিছিল প্ৰায় ১০০০০ আমেৰিকান ডলাৰ (টকাৰ হিচাপত ৬,৮০,০০০ ভাৰতীয় টকা)। লগতে আৰু কোৱা হৈছিল যে এই ভাইৰাছ ছফটৱেৰ টোৰ উদ্ভাৱক তথা স্বতাধিকাৰীদ্বয় আলেকজেণ্ডাৰ এন্দ্ৰিভিছ পেনিন(Aleksandr Andreevich Panin) আৰু হামজা বেনডল্লাছে গোটেই বিশ্বৰে কমেও ১৫০জন হেকাৰক এই ছফটৱেৰটো বিক্ৰী কৰিছিল আৰু তেওঁলোকৰেই এজন ‘গ্ৰাহকে’ এই ভাইৰাছ ছফটৱেৰ অথবা মালৱেৰটিৰ দ্বাৰা মাত্ৰ ছয় মাহৰ ভিতৰতে বেংকৰ পৰা ৩.২ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ২১,৭৫,৫২,০০০ ভাৰতীয় টকা) চুৰি কৰিবলৈ সক্ষম হৈছিল। দিনক দিনে বাঢ়ি অহা অত্যধিক লোভে সম্ভৱত তেওঁৰ লগতে তেওঁৰ সহয়োগীক প্ৰয়োজনতকৈ অধিক বেপৰোৱা কৰি তুলিছিল আৰু ইয়ে শেষত তেওঁলোকৰ বাবে কাল হৈছিল। পূৰ্ণগতিত চলি থকা ভাইৰাছ ছফটৱেৰৰ ব্যৱসায়ৰ সময়তে গ্ৰাহকৰ বেশত অহা ছদ্মবেশী পুলিছ অফিচাৰৰ হাতত তেওঁ ধৰা পৰে আৰু তেওঁক হামজা বেনডেল্লাজ বুলি চিনাক্ত কৰা হয়।

গ্ৰেপ্তাৰ সম্পাদনা কৰক

এনেদৰে বেনডল্লাজৰ বিৰুদ্ধে সাক্ষী আৰু প্ৰমাণ হাতত পৰাৰ পাছত ৰৈ থকাৰ কোনো কাৰণ নাছিল। কিছুদিনৰ পাছতেই মালেছিয়াত পত্নী আৰু একমাত্ৰ জীয়েকৰ সতে বন্ধৰ দিন উদযাপন কৰি গৃহদেশ এলজিৰিয়া অভিমুখে ওভতনি যাত্ৰা কৰি থকা অৱস্থাত ২০১৩ চনৰ ৫ জানুৱাৰীত হামডল্লাজক বেংককসুৱৰ্ণাভূমি বিমানবন্দৰৰ পৰা থাইলেণ্ড আৰক্ষীয়ে আটক কৰে[5] আৰু সেই চনৰেই ২ মে তাৰিখে তেওঁক আমেৰিকান আৰক্ষীৰ হাতত গটাই দিয়া হয়। আনহাতে স্পাইআই ভাইৰাছৰ আনগৰাকী উদ্ভাৱক আলেকজেণ্ডাৰ এন্দ্ৰিভিছ পেনিন আছিল জন্মগত ৰাচিয়ান নাগৰিক। তেওঁক আটলাণ্টা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২০১৩ চনৰ ১ জুলাই তাৰিখে আমেৰিকান আৰক্ষীয়ে আটক কৰে।

উভয়কে আটক কৰা হৈছিল যদিও তেওঁলোকৰ মুখৰ পৰা কথা উলিওৱাটো আৰক্ষীৰ বাবে আকৌ মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছিল। প্ৰায় ছমাহৰ অবিৰত সোধা-পোছাৰ অন্ততঃ আলেকজেণ্ডাৰ পেনিনে ২০১৪ চনৰ ২৮ জানুৱাৰীৰ দিনা নিজৰ ভুল স্বীকাৰ কৰি লয় যদিও বেনডল্লাজৰ অনমনীয় স্থিতিয়ে আৰক্ষী তথা আদালতকো বিপাঙত পেলাইছিল। অৱশেষত প্ৰায় ১৩টা মাহ সোধা-পোছাৰ বিভিন্ন উপায় অৱলম্বন কৰাৰ পাছতহে ২০১৫ চনৰ ২৬ জুনত বেনডল্লাজে নিজৰ ২৩টা অপৰাধৰ কথা স্বীকাৰ কৰে।

দুই বছৰতকৈও অধিক কাল আৰক্ষীয়ে বেনডল্লাছক বিচাৰি চলাথ কৰিছিল যদিও তেওঁ নিৰ্বিঘ্নে আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাত আৰক্ষীৰ পৰা বাচিবলৈ তেওঁ বিভিন্ন উপায় লৈছিল। মবাইল ট্ৰেকিঙৰ জৰিয়তে যাতে আৰক্ষীয়ে তেওঁৰ কাষ চাপিব নোৱাৰে তাৰ বাবে তেওঁ তেওঁৰ ব্যক্তিগত আইফোনটোৰ আই.এম.ই.আই. (I.M.E.I) নম্বৰ প্ৰায় প্ৰতিদিনেই কৌশলেৰে সলনি কৰি লৈছিল।

বিচাৰত অন্ততঃ আদালতে ২০১৬ চনৰ এপ্ৰিল মাহত আলেকজেণ্ডাৰ পেনিনক ৯ বছৰ ৬ মাহৰ বাবে কাৰাবাস[6] আৰু ডেনিয়েল হামজা বেনডল্লাজক ১৫ বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰে।[7]

ছান-ফান্সিস্কোৰ এখন আলোচনীৰ ফালৰ পৰা কৰা অনুসন্ধানত প্ৰকাশ যে ২০০৯ চনৰ পৰা ২০১১ চনৰ ভিতৰত স্পাইআই ভাইৰাছটিৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে অইন কেইখনমান দেশৰো প্ৰায় ডেৰ নিযুত কম্পিউটাৰ ক্ষতিগ্ৰস্থ হৈছিল। অনেকৰ মতে বেনডল্লাজে এই ভাইৰাছ অথবা বেংকিং ট্ৰজান হৰ্ছৰ দ্বাৰা ২১৭টা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কেবা নিযুত ডলাৰ লুট কৰি সেয়া পেলেষ্টাইনৰ দাতব্য সংস্থা সমূহলৈ বুলি প্ৰেৰণ কৰিছিল আৰু এই কাৰ্যৰ পাছতেই তেওঁ ‘অনলাইন ৰবিন হুড’ নামেৰে সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিছিল।

এগৰাকী নিৰাপত্তা বিষয়া ব্ৰায়ান ক্ৰেবে বেনজল্লাজৰ বিষয়ে নিজৰ ব্লগত লিখিছিল, “বেনডল্লাজ মানুহজন নিজৰ কৰ্মক লৈ মুঠেও অনুতপ্ত নহয়, বৰঞ্চ গৌৰৱান্বিতহে, লগতে তেওঁ তেওঁৰ সফলতাবোৰৰ বিষয়ে অইনৰ আগত বৰ্ণনা কৰি বেছ আনন্দ পায়।”

হামজা বেনডল্লাজৰ ভুৱা মৃত্যুৰ খবৰৰ আঁৰত সম্পাদনা কৰক

হামজা বেনডল্লাজৰ গ্ৰেপ্তাৰৰ পাছত আগষ্ট মাহত জনৈক ‘হাচান জে.বি.আৰ’ (@Hassan_JBr) নামধাৰী ব্যক্তিয়ে টুইটাৰত টুইট কৰে যে ২১৭টা বেংক হেক কৰি ২৮,০০,০০,০০০ আমেৰিকান ডলাৰ পেলেষ্টাইনত ভগাই দিয়া হেকাৰ হিৰো হামজা বেনডল্লাজক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। খুব কমসময়ৰ ভিতৰতে এই উৰাবাতৰিটো বনজুইৰ দৰে ছ’চিয়েল মিডিয়াত বিয়পি পৰিল। এটা সময়ত অৱস্থা গৈ এনে এটা পৰ্যায় পালেগৈ যে আলজেৰিয়াত থকা আমেৰিকান ৰাষ্ট্ৰদূত জোৱান পোলানস্কিয়ে স্পষ্টীকৰণ দিবলৈ বাধ্য হয়। এটা টুইটযোগে তেওঁ ঘোষণা কৰে যে কম্পিউটাৰ অথবা ইণ্টাৰনেটজনিত অপৰাধক চৰম অপৰাধ হিচাপে গণ্য কৰা নহয় আৰু ইয়াৰ বাবে যুক্তৰাষ্ট্ৰত অপৰাধীক কেতিয়াও মৃত্যুদণ্ড দিয়া নহয়। একেটা বিবৃত্তিতে ৰাষ্ট্ৰদূত গৰাকীয়ে স্পষ্ট কৰে যে হামজা বেনডল্লাজক মৃত্যুদণ্ড নহয়, ১৫ বছৰ কাৰাবাসৰ দণ্ডৰেহে দণ্ডিত কৰা হৈছে।

যি কি নহওক, ব্যক্তি হিচাপে হামজা বেনডল্লাজ খুবেই জনপ্ৰিয় আছিল। তেওঁক গ্ৰেপ্তাৰৰ পাছতেই তেওঁৰ মুক্তিৰ দাবীত তেওঁৰ কিছুসংখ্যক অনুৰাগীয়ে ভাৰ্জিনিয়া বিশ্ববিদ্যালয় আৰু ফ্ৰান্সৰ বিমানসেৱা সংস্থা এয়াৰ ফ্ৰান্সৰ ৱেৱছাইট দুটা হেক কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ উপৰিও বেনডল্লাজৰ মুক্তিৰ বাবে ছচিয়েল মিডিয়াতো বিপুল দাবীৰ সৃষ্টি হৈছিল। এজন হেকাৰৰ ক্ষেত্ৰত এনে জনসমৰ্থন বিৰল বুলিয়েই ক’ব লাগিব। বৰ্তমান যুক্তৰাষ্ট্ৰৰ কাৰাগাৰত মুক্তিৰ ক্ষণ গণি বন্দীত্বৰ জীৱন কটাইছে এসময়ৰ হেকিঙ পৃথিৱীৰ মুকুটবিহীন সম্ৰাট মাত্ৰ ৩০ বছৰীয়া হামজা বেনডল্লাজে। তেওঁৰ গৃহভূমি আলজেৰিয়াৰ লগতে সমগ্ৰ বিশ্বৰে অলেখ অনুৰাগীয়ে আজিও অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ প্ৰিয় নায়কজনৰ মুকুতি আৰু প্ৰত্যাৱৰ্তনলৈ!

তথ্যসূত্ৰ সম্পাদনা কৰক