মূল মেনু খোলক


হেন্ডবল এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হ'ল হেন্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২ জন খেলুৱৈ থাকে আৰু ৭ জন খেলুৱৈ খেলপথাৰত খেলে। যিবোৰ দেশত এই খেলল প্ৰচলন আছে সিহঁতৰ মাজত, পোলেণ্ড, চাইপ্ৰাছ, ৰোমানীয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান উল্লেখযোগ্য।

হেন্ডবল
Handball Bosnia Greece.jpeg
হেন্ডবল খেলৰ দৃশ্য
প্ৰথমবাৰ খেলা হয় ১৯০৬ চন
ক্লাব ইন্টাৰনেশ্বনেল হেন্ডবল ফেডাৰেচন (International Handball Federation)
বৈশিষ্ট্য
দলৰ সদস্য ৭ জন, অতিৰিক্ত মিলি মুঠ ১২ জন[1]
বৰ্গীকৰণ দলীয় ক্ৰীড়া
উপকৰণ হাত
খেলৰ স্থান ইনড'ৰ, আউটড'ৰ
দেশ বা অঞ্চল পোলেণ্ড, চাইপ্ৰাছ, ৰোমানীয়া, ৰাছিয়া, ইউক্ৰেন, মলদোভা, বেলাৰুছ, গ্ৰীচ, যুক্তৰাষ্ট্ৰ, তুৰস্ক, জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান আদি

সময়সীমাসম্পাদনা কৰক

খেলৰ সময়সীমা মাজত ১০ মিনিট বিৰতিসহ মুঠ ৭০ মিনিট।

খেল পথাৰৰ জোখসম্পাদনা কৰক

হেন্ডবল খেলৰ পূৰ্ণ পথাৰৰ দৈৰ্ঘ্য বা পাৰ্শ্বৰেখা ৪০ মিটাৰ আৰু প্ৰস্থ বা প্ৰান্তৰেখা ২০ মিটাৰ। পথাৰৰ উভয় প্ৰান্তত গোল লাইনৰ ঠিক মাজত গোল পোষ্টটোৰ অৱস্থান। প্ৰতিটো গোলপোষ্ট লম্বাত ৩ মিটাৰ আৰু উচ্চতাত ২ মিটাৰ হয়। পোষ্টৰ ৬মিটাৰ এলাকাৰ পৰা গোল লাইন যাৰ বাহিৰৰ পৰাই জালত বল পেলাব লগা হয় আৰু গোললাইনৰ ভিতৰৰ পৰা গোলৰক্ষকে গোল বচোৱাৰ চেষ্টা কৰে। গোল দিয়াৰ সময়ত খেলুৱৈ সকলে জাঁপ মাৰি বল দলিয়াই দিয়া দেখা যায়।

বলৰ জোখসম্পাদনা কৰক

নিয়ম অনুযায়ী হেন্ডবলৰ চাইজ পুৰুষ-মহিলা ভেদে ভিন্ন হৈ থাকে। পুৰুষৰ বাবে বলৰ পৰিধি ৫৮-৬০ চেন্টি মিটাৰ আৰু মহিলা সকলৰ বাবে ৫৪-৫৬ চেন্টি মিটাৰ।

খেলৰ নিয়মাবলীসম্পাদনা কৰক

তথ্য সূত্ৰসম্পাদনা কৰক

  1. "বিভিন্ন খেলৰ নিয়ম বিধি কৌশল আৰু খেলপথাৰৰ জোখমাখ" লিখক: দীনেশ গগৈ