হেপাটাইটিছ চি এক সংক্ৰামক ৰোগ। হেপাটাইটিছ চি ভাইৰাছ (HCV)ৰ ফলত হোৱা এই ৰোগে ঘাইকৈ যকৃতত প্ৰভাৱ পেলায়।[2] সংক্ৰমণৰ আৰম্ভণিতে সামান্য লক্ষণ থাকে বা নাথাকেই।[1] কেতিয়াবা জ্বৰ, ডাঠ ৰঙৰ প্ৰস্ৰাৱ, পেটৰ বিষ আৰু জণ্ডিছ হ'ব পাৰে।[1] সংক্ৰমণ হোৱা ৭৫%ৰ পৰা ৮৫% লোকৰ যকৃতত ভাইৰাছবিধ থাকি যায়][1] দীৰ্ঘম্যাদী ৰোগৰো আৰম্ভণিতে কোনো লক্ষণ নাথাকে।[1] বহুবছৰৰ পাছত প্ৰায়েই যকৃতৰ ৰোগ বিশেষকৈ চিৰ'চিছে দেখা দিয়ে।[1] কোনো কোনো ক্ষেত্ৰত চিৰ'চিছ থকা একাংশ ৰোগীৰ যকৃত অকামিলা হয়, যকৃতৰ কৰ্কট ৰোগ হয় বা খাদ্যনলী আৰু পাকস্থলীৰ ৰক্তক্ষৰণ হোৱা varices ৰোগ জটিলতা হয়।[2]

হেপাটাইটিছ চি (Hepatitis C)
কোষ উৎপাদনত ইলেক্‌ট্ৰন মাইক্ৰ'গ্ৰাফেৰে হেপাটাইটিছ চি ভাইৰাছ (স্কে'ল = ৫০ নেন'মিটাৰ)
বিভাগ সংক্ৰামক ৰোগ
লক্ষণ প্ৰায়েই নাথাকে[1]
জটিলতা যকৃত অকামিলা, যকৃতৰ কৰ্কট, খাদ্যনলী আৰু পাকস্থলীৰ ৰক্তক্ষৰণ[2]
স্থায়িত্ব দীৰ্ঘদিনীয়া (৮০%)[1]
কাৰণ হেপাটাইটিছ চি ভাইৰাছ সাধাৰণতে তেজৰ পৰা তেজলৈ বিয়পে[1][3]
ৰোগ নিৰূপণ প্ৰতিদেহৰ বাবে তেজৰ পৰীক্ষা বা ভাইৰেল আৰ এন এ[1]
প্ৰতিৰোধ বীজাণুমুক্ত বেজী, দান কৰা তেজৰ পৰীক্ষা[4]
চিকিৎসা ঔষধ, যকৃত প্ৰতিষ্ঠাপন[5]
ঔষধ Sofosbuvir, simeprevir[1][4]
পুনৰাবৃত্তি ১৪.৩ কোটি / ২% (২০১৫)[6]
মৃত্যু ৪,৯৬,০০০ (২০১৫)[7]

HCV ঘাইকৈ তেঅৰ পৰা তেজলৈ বিয়পে। বেজীৰে ড্ৰাগ্‌‌ছ লোৱা, বীজাণুমুক্ত নোহোৱা চিকিৎসাৰ যন্ত্ৰ-পাতি, চিকিৎসা প্ৰদানত বেজীৰ খোঁচ খোৱা আৰু ৰক্ত সঞ্চাৰণ ইয়াৰ প্ৰধান কাৰণ।[1][3] ৰক্ত সঞ্চাৰণৰ আগতে তেজ পৰীক্ষা কৰিলে ৰোগৰ আশংকা প্ৰতি ২০ লাখত একতকৈও কম।[1] প্ৰসৱৰ সময়ত এই ৰোগ মাকৰ পৰা শিশুলৈও বিয়পিব পাৰে।[1] উপৰুৱা সংস্পৰ্শৰে এই ৰোগ নিবিয়পে।[4] ই পাঁচবিধ জ্ঞাত হেপাটাইটিছ ভাইৰাছৰ এবিধ: এ', বি, চি, ডি, আৰু [8] তেজত ভাইৰাছবিধৰ প্ৰতিদেহ বা আৰ এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।[1] ৰোগৰ আশংকা থকা সকলো লোকৰে পৰীক্ষা কৰা উচিত।[1]

হেপাটাইটিছ চি-ৰ কোনো প্ৰতিষেধক নাই।[1][9] সিৰাত ড্ৰাগ্‌‌ছ লোৱা লোকৰ ক্ষতি কমাই আৰু দান কৰা তেজৰ পৰীক্ষাৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি।[4] sofosbuvir বা simeprevir নামৰ এণ্টিভাইৰেল ঔষধেৰে দীৰ্ঘম্যাদী ৰোগো ৯৫% ক্ষেত্ৰত আৰোগ্য কৰিব পাৰি।[1][4] আগতে ব্যৱহাৰ কৰা Peginterferon বা ribavirin ঔষধৰ চিকিৎসাৰে আৰোগ্যৰ হাৰ ৫০%তকৈও কম হোৱাৰ লগতে পাৰ্শ্বক্ৰিয়া বেছি আছিল।[4][10][11] কিন্তু নতুন চিকিৎসা প্ৰণালীৰ খৰচো বেছি।[4] চিৰ'চিছ বা যকৃতৰ কৰ্কট হ'লে যকৃতৰ প্ৰতিষ্ঠাপনৰ প্ৰয়োজন হ'ব পাৰে।[5] হেপাটাইটিছ চি যকৃতৰ প্ৰতিষ্ঠাপনৰ এক মূল কাৰণ, কিন্তু প্ৰতিষ্ঠাপনৰ পাছতো ভাইৰাছে আকৌ আক্ৰমণ কৰিব পাৰে।[5]

২০১৫ চনৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰায় ১৪.৩ কোটি (২%) লোক হেপাটাইটিছ চিত আক্ৰান্ত হয়।[6] ২০১৩ চনত প্ৰায় ১.১ কোটি নতুন ৰোগী ধৰা পৰে।[12] আফ্ৰিকা, মধ্য এছিয়া আৰু পূব এছিয়াত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।[4] ২০১৫ চনত হেপাটাইটিছ চি-জনিত যকৃতৰ কৰ্কটৰ পৰা প্ৰায় ১,৬৭,০০ লোক আৰু চিৰ'চিছত ভুগি প্ৰায় ৩,২৬,০০০ লোকৰ মৃত্যু ঘটে।[7] ১৯৭০ চনত প্ৰথমবাৰৰ বাবে অ-হেপাটাইটিছ এ' আৰু অ-হেপাটাইটিছ বি ৰোগ দেখা পোৱা গৈছিল। ১৯৮৯ চনতহে এই ৰোগ হেপাটাইটিছ চি বুলি ধৰা পৰে।[13] হেপাটাইটিছ চি-য়ে কেৱল মানুহ আৰু চিম্পাঞ্জীক আক্ৰান্ত কৰে।[14]

Video summary (script)


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 "Hepatitis C FAQs for Health Professionals". CDC. January 8, 2016. Archived from the original on 21 January 2016. https://www.cdc.gov/hepatitis/hcv/hcvfaq.htm। আহৰণ কৰা হৈছে: 4 February 2016. 
  2. 2.0 2.1 2.2 Sherris Medical Microbiology (4th সম্পাদনা). McGraw Hill. 2004. পৃষ্ঠা. 551–2. ISBN 978-0-8385-8529-0. 
  3. 3.0 3.1 Maheshwari, A; Thuluvath, PJ (February 2010). "Management of acute hepatitis C". Clinics in Liver Disease খণ্ড 14 (1): 169–76; x. doi:10.1016/j.cld.2009.11.007. PMID 20123448. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 "Hepatitis C Fact sheet N°164". WHO. July 2015. Archived from the original on 31 January 2016. http://www.who.int/mediacentre/factsheets/fs164/en/। আহৰণ কৰা হৈছে: 4 February 2016. 
  5. 5.0 5.1 5.2 Rosen, HR (2011-06-23). "Clinical practice. Chronic hepatitis C infection". The New England Journal of Medicine খণ্ড 364 (25): 2429–38. doi:10.1056/NEJMcp1006613. PMID 21696309. 
  6. 6.0 6.1 GBD 2015 Disease and Injury Incidence and Prevalence, Collaborators. (8 October 2016). "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1545–1602. doi:10.1016/S0140-6736(16)31678-6. PMID 27733282. 
  7. 7.0 7.1 GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). "Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1459–1544. doi:10.1016/S0140-6736(16)31012-1. PMID 27733281. 
  8. "Viral Hepatitis: A through E and Beyond". National Institute of Diabetes and Digestive and Kidney Diseases. April 2012. Archived from the original on 2 February 2016. http://www.niddk.nih.gov/health-information/health-topics/liver-disease/viral-hepatitis-a-through-e/Pages/facts.aspx। আহৰণ কৰা হৈছে: 4 February 2016. 
  9. Webster, Daniel P; Klenerman, Paul; Dusheiko, Geoffrey M (2015). "Hepatitis C". The Lancet খণ্ড 385 (9973): 1124–1135. doi:10.1016/S0140-6736(14)62401-6. ISSN 0140-6736. PMID 25687730. 
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Kim2016 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. "Is sexual contact a major mode of hepatitis C virus transmission?". Hepatology খণ্ড 52 (4): 1497–505. June 2010. doi:10.1002/hep.23808. PMID 20635398. 
  12. Global Burden of Disease Study 2013, Collaborators (22 August 2015). "Global, regional, and national incidence, prevalence, and years lived with disability for 301 acute and chronic diseases and injuries in 188 countries, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.". Lancet খণ্ড 386 (9995): 743–800. doi:10.1016/s0140-6736(15)60692-4. PMID 26063472. 
  13. Houghton M (November 2009). "The long and winding road leading to the identification of the hepatitis C virus". Journal of Hepatology খণ্ড 51 (5): 939–48. doi:10.1016/j.jhep.2009.08.004. PMID 19781804. http://www.journal-of-hepatology.eu/article/S0168-8278%2809%2900535-2/fulltext. 
  14. Shors, Teri (2011-11-08). Understanding viruses (2nd সম্পাদনা). প্ৰকাশক Burlington, MA: Jones & Bartlett Learning. পৃষ্ঠা. 535. ISBN 978-0-7637-8553-6. Archived from the original on 2016-05-15. https://web.archive.org/web/20160515225439/https://books.google.com/books?id=Uk8xP5LRHr4C&pg=PA535. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

বৰ্গীকৰণ
বাহ্যিক সমল