হেমেন দাস (ৰাজনীতিবিদ)
হেমেন দাস (ইংৰাজী: Hemen Das;জন্ম: ২ মাৰ্চ, ১৯৩১) অসমৰ এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা তথা প্ৰাক্তন বিধায়ক। তেওঁ অসম বিধানসভাৰ সৰভোগ সমষ্টিৰ পৰা চাৰিবাৰকৈ - ১৯৭৮, ১৯৮৩,১৯৮৫ আৰু ১৯৯৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে।[1]
হেমেন দাস | |
---|---|
![]() | |
প্ৰাক্তন সম্পাদক, ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী), অসম ৰাজ্যিক কমিটি | |
কাৰ্যকাল ১৯৯৫-২০০৫ | |
পূৰ্বসূৰী | নন্দেশ্বৰ তালুকদাৰ |
উত্তৰসূৰী | উদ্ধব বৰ্মন |
অসম বিধানসভাৰ সদস্য | |
কাৰ্যকাল ১৯৭৮ – ১৯৮৩ | |
সমষ্টি | সৰভোগ |
কাৰ্যকাল ১৯৮৩ – ১৯৮৫ | |
কাৰ্যকাল ১৯৮৫ – ১৯৯১ | |
কাৰ্যকাল ১৯৯৬ – ২০০১ | |
ব্যক্তিগত তথ্য | |
জন্ম | ২ মাৰ্চ, ১৯৩১ সৰভোগ,বৰপেটা অসম, ভাৰত |
ৰাজনৈতিক দল | ![]() |
দাম্পত্যসঙ্গী | গীতা ওজা |
মাতৃ | ৰজনী বালা দেৱী |
পিতৃ | প্ৰসাদ চন্দ্ৰ দাস |
আন নাম | হেমেনকা,হেমেনদা |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকহেমেন দাসৰ জন্ম হৈছিল ১৯৩১ চনৰ ২ মাৰ্চত বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱত এটা সাধাৰণ পৰিয়ালত। তেওঁৰ পিতৃ প্ৰসাদ চন্দ্ৰ দাস আৰু মাতৃ ৰজনী বালা দাস দুয়ো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। শৈশৱতেই পকালাগী নৈৰ প্ৰলয়ংকাৰী বানপানী আৰু গৰাখহনীয়াত হেমেন দাসৰ পৰিয়াল গৃহহীন হৈ পৰে। দুবছৰ লোকৰ ঘৰত থাকিবলগীয়া হোৱাৰ পিছত ১৯৪৯ চনত সৰভোগ থানাৰ দক্ষিণ গণকগাঁৱত চাৰিবিঘা মাটি কিনি তাত দুটা খেৰৰ ঘৰ সাজি স্থায়ীভাৱে থাকিবলৈ লয়। এই ঠাই এতিয়াও তেওঁৰ স্থায়ী ঠিকনা হৈ আছে।
শিক্ষা
সম্পাদনা কৰকহেমেন দাসে বৰনগৰ জুৰোৰাম পাঠক হাইস্কুলত শিক্ষা গ্ৰহণ কৰে। লোকৰ ঘৰত থাকি থকা-খোৱাৰ বিনিময়ত তেওঁ ঘৰৰ ল’ৰা-ছোৱালীকেইটাক পঢ়ুৱাই দিবলগীয়া হৈছিল। স্কুলত তেওঁ ছাত্ৰ একতা সভাৰ সম্পাদক হিচাপে মদ আৰু জুৱাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল, যাৰ যোগেদি তেওঁ প্ৰথমবাৰৰ বাবে জনজীৱনৰ সান্নিধ্য লাভ কৰে। পাছত তেওঁ বৰপেটা মাধৱ চৌধুৰী কলেজৰ পৰা ১৯৫৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[2] কলেজত থাকোঁতে তেওঁ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল আৰু তেল শোধনাগাৰ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।[2]
ৰাজনৈতিক জীৱন
সম্পাদনা কৰকহেমেন দাসে ছাত্ৰ অৱস্থাৰ পৰাই বাওঁপন্থী ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ১৯৬৭ চনত তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পাৰ্টিৰ সদস্যপদ লাভ কৰে আৰু একে বছৰতে দলৰ সৰ্বক্ষণ কৰ্মী হৈ পৰে। তেওঁ ১৯৯৫ চনৰ পৰা ২০০৫ চনলৈ চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৮ চনৰ পৰা ২০০১ চনলৈ তেওঁ চাৰিবাৰকৈ সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ কেন্দ্ৰীয় কমিটিৰো সদস্য আছিল। হেমেন দাসে কৃষক আন্দোলন, শ্ৰমিক আন্দোলন আৰু জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।[2]
নিৰ্বাচনী ৰাজনীতি[3]
সম্পাদনা কৰকফলাফল | বছৰ | দল | বিধানসভা সমষ্টি | ব্য়ৱধান |
---|---|---|---|---|
পৰাজয় | ১৯৬৭ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | সৰভোগ | |
পৰাজয় | ১৯৭২ | |||
জয় | ১৯৭৮ | +১৬,৯০৭ | ||
১৯৮৩ | +১,৬০৭ | |||
১৯৮৫ | +৭,৬৬৯ | |||
পৰাজয় | ১৯৯১ | -৩,৪৪৫ | ||
জয় | ১৯৯৬ | +১৯,৫৩৩ | ||
পৰাজয় | ২০০১ | -৭,০৩১ | ||
স্বৰচিত প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- 'অসমত কৃষক আন্দোলন এক চমু আভাস (২০০৯)
- অসমৰ কমিউনিষ্ট আন্দোলনৰ চমু ইতিহাস (২০০৯)
- কেইটিমান নিশাৰ কবিতা
- নানা লেখা (২০১০)
- বেকীৰ পাৰৰ জুই
- লুইতত উঠিলে বান (২০১৯)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ মৃদুল কুমাৰ সন্দিকৈ, "হেমেন দাসঃ মূল্যবোধৰ ৰাজনীতিৰ এক উদাহৰণ…", অসমীয়া প্ৰতিদিন,২৯। ০৭। ২০১৯ https://www.asomiyapratidin.in/assam/spcl-wrtng-about-hemen-das-by-mridul-kr-handique
- ↑ 2.0 2.1 2.2 ৰণজিৎ দাস, ড° চুলতান আলী আহমেদ(সঃ), "অক্লান্ত সংগ্ৰামী: হেমেন দাস অভিনন্দন গ্ৰন্থ", বান্ধব প্ৰকাশন (২০২৪)
- ↑ http://indiavotes.com/vidhan-sabha/1996/assam/